ছলমান খানৰ বডী দেখি সৰুতেই হৈছিল আকৃষ্ট, এতিয়া খ্যাতিসম্পন্ন শৰীৰচৰ্চাবিদ, কোন এই যুৱক ?
শৰীৰচৰ্চাৰে বিশ্বজয়ৰ যাত্ৰা জোনাইৰ ভিতৰুৱা গাঁৱৰ এজন যুৱকৰ । ছলমান খানৰ শাৰীৰিক গঠন দেখি আকৃষ্ট হৈছিল শৰীৰচৰ্চাৰ প্ৰতি ।

Published : December 25, 2025 at 6:54 PM IST
জোনাই: বৰ্তমান নৱপ্ৰজন্মক স্বাস্থ্যৰ প্ৰতি যথেষ্ট সজাগ, সচেতন হোৱা পৰিলক্ষিত হৈছে । শৰীৰচৰ্চা এতিয়া প্ৰতিভাৰ অন্য এক নাম হৈ পৰিছে । শৰীৰচৰ্চাৰ যোগেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকিছে অসমৰ বহু প্ৰতিভাধৰ যুৱক-যুৱতী । বলীউডৰ তাৰকা ছলমান খানৰ শাৰিৰীক অৱয়ব দেখি, তাৰ প্ৰতি আকৃষ্ট হৈ শৰীৰ চৰ্চাৰে উজলিছে জোনাইৰ এজন যুৱক ।
জোনাই সমজিলাৰ ললাদ গাঁৱৰ নিবাসী উমিৰাম টায়েং আৰু বসন্তী টায়েঙৰ কনিষ্ঠ পুত্ৰ কিৰণ টায়েং বৰ্তমান এগৰাকী পেছাদাৰী শৰীৰচৰ্চাবিদ । যিগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্চ হিচাপে সোণৰ পদক আৰু মিষ্টাৰ অসম, মিষ্টাৰ অৰুণাচল খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
পেছাগতভাৱে শৰীৰচৰ্চা কৰি দেশৰ লগতে অসম তথা জোনাই সমজিলালৈ সুনাম কঢ়িয়াই অনা কিৰণ টায়েঙে জোনাইৰ দৰে এটা সৰু অঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কিদৰে জিলিকিবলৈ সক্ষম হ'ল তথা কেতিয়াৰ পৰা শৰীৰচৰ্চাৰ প্ৰতি আগ্ৰহী হ'ল সেই বিষয়ে সদৰী কৰে ই টিভি ভাৰতৰ সন্মুখত ।
তেওঁ জানিবলৈ দিয়া অনুসৰি শৈশৱত বলীউডৰ তাৰকা ছলমান খানৰ ছবি উপভোগ কৰি তেওঁৰ শাৰীৰিক গঠন আৰু সাজসজ্জাৰ প্ৰতি আকৃষ্ট হৈ নিজৰ শৰীৰৰ গঠনো ৰূপান্তৰ কৰিম বুলি মনতে ঠাৱৰ কৰিছিল । এই সন্দৰ্ভত তেওঁ কয়, "ময়ো এদিন ছলমান খানৰ দৰে শাৰীৰিক অৱয়ব গঠন কৰিম বুলি চিন্তা কৰি আজি এই শৰীৰচৰ্চাৰ সৈতে জড়িত হৈ পৰিলোঁ । বডী বিল্ডিঙৰ সম্পৰ্কে জোনাই অঞ্চলত সৰহসংখ্যক মানুহৰ কোনো ধাৰণা নাছিল তাৰ মাজতে মই কৰি গৈছিলোঁ বডী বিল্ডিং ।"
তেওঁ কয়,"মই কেতিয়াও ভিৰৰ মাজৰ অংশ হ'ব বিচৰা নাছিলোঁ । মই বেলেগ কিবা এটা কৰিম বুলি মনত স্থিৰ কৰি লৈছিলোঁ । মই বডী বিল্ডিঙত মনোনিৱেশ কৰিলোঁ । সেই সময়ত ভাবিছিলোঁ আমাৰ জোনাই অঞ্চলৰ পৰা এতিয়ালৈকে কোনো এগৰাকী পেছাদাৰী শৰীৰচৰ্চাবিদ হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থান লোৱা নাই । গতিকে এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এগৰাকী পেছাদাৰী শৰীৰচৰ্চাবিদ হিচাপে এখোজ আগবাঢ়িবলৈ সক্ষম হ'লোঁ ।"

বডী বিল্ডিং সম্পৰ্কে কিৰণ টায়েঙে মতামত আগবঢ়াই কয়, "বডী বিল্ডিং এক অসাধাৰণ চমক । সাধাৰণ গাঁৱৰ জনসাধাৰণেও বডী বিল্ডিং সম্পৰ্কে ধাৰণা নাথাকিলেও এজন বলবান পালোৱান হিচাপে চিনাকী পাবলৈ সক্ষম হয় আৰু ৰাইজৰ বহু মৰম, আশীৰ্বাদ বুটলিবলৈ সহজ হয় । তদুপৰি মোৰ বডী বিল্ডিঙৰ প্ৰতিষ্ঠা বুলি ক'লে মই শৰীৰচৰ্চা কৰি থকা সময়তে ২০১২ চনত শিৱসাগৰত মিষ্টাৰ অসম জিনিয়ৰ খেলিছিলোঁ ।"
টায়েঙে পুনৰ কয়,"তাত মিষ্টাৰ অসম সন্মানিত হৈছিলোঁ, তেতিয়া খুব ভাল লাগিছিল । তেতিয়া পৰাই বিভিন্ন বডী বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ধৰিলোঁ । কালিংপুঙত ৬ খন ৰাজ্যৰ মাজত অনুষ্ঠিত ষ্টাৰ্ণ ইণ্ডিয়াৰ চেম্পিয়ন অফ চেম্পিয়ন, দাৰ্জিলিঙত অনুষ্ঠিত গোৰ্খালেণ্ড চেম্পিয়ন দুবাৰকৈ, IFBB সংস্থাৰ দ্বাৰা মহাৰাষ্ট্ৰত আয়োজন কৰা ৯৫ কেঃজি শাখাত আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্চ হিচাপে সোণৰ পদক , মিষ্টাৰ অসম, মিষ্টাৰ অৰুণাচল পোৱাৰ উপৰিও শৰীৰচৰ্চাৰ বিভিন্ন প্ৰতিযোগিতাত বিজয়ী হবলৈ সক্ষম হৈছোঁ ।"

শাৰীৰিক গঠনৰ ক্ষেত্ৰত শাৰীৰিক ব্যায়াম আৰু অন্য Supplement গ্ৰহণ কৰা প্ৰসংগত শৰীৰচৰ্চাবিদ কিৰণ টায়েঙে কয়, "প্ৰফেচনেল শৰীৰচৰ্চা কৰিবলৈ হ'লে কেৱল ব্যায়াম কৰিলেই নহ'ব । খোৱা-বোৱা সম্পূৰ্ণ ঠিক থাকিব লাগিব । পুষ্টিকৰ খাদ্যত আমি ভাৰসাম্যতা ৰক্ষা কৰিব পাৰিছোনে নাই সেই বিষয়ত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন ।"
এই সন্দৰ্ভত লগতে তেওঁ কয়,"আমি প্ৰফেচনেল শৰীৰচৰ্চা কৰাসকলক অকণমান খাদ্য সামগ্ৰী বেছিকৈ প্ৰয়োজন । দৈনন্দিন খাদ্যত আমাৰ খাদ্যটো সম্পূৰ্ণ নহয় । গতিকে আমি Supplement গ্ৰহণ কৰিবলগীয়া হয় । Supplement ত আমাৰ মাহত খৰচ হয় হয় প্ৰায় ১ লাখ পৰ্যন্ত । সেয়ে বডী বিল্ডিঙটো সকলোৰে বাবে সম্ভৱ নহয় । বডী বিল্ডিং এটা ফেশ্বনহে হয়, আমি ভাল পাওঁ কাৰণেহে জড়িত হৈ আছোঁ, ইয়াত মুনাফা একো নাহে ।"
টায়েঙে আকৌ কয়,"আমাৰ যেতিয়া প্ৰতিযোগিতা নাথাকে তেতিয়া দৈনন্দিন ব্যৱহৃত খাদ্য খাওঁ । তথাপি মোৰ শৰীৰত যিখিনি পুষ্টিকৰ আহাৰৰ প্ৰয়োজন এইখিনি আমাৰ দৈনন্দিন খাদ্য তালিকাত আছেনে নাই সেয়া লক্ষ্য কৰি খাব লগা হয় । গাখীৰ দিনত তিনিবাৰকৈ খোৱা হয় । তাৰোপৰি শৰীৰক যিখিনি পুষ্টিকৰ ভিটামিনৰ প্ৰয়োজন এইখিনি চাই নিয়মিত খাদ্যগ্ৰহণ কৰোঁ ।"

নৱপ্ৰজন্মক এইক্ষেত্ৰত উদ্বুদ্ধ কৰিবলৈ কিবা পদক্ষেপ হাতত লৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"বৰ্তমানলৈকে তেনেকুৱা কোনো পদক্ষেপ গ্ৰহণ কৰা নাই যদিও মোক দেখি বহু উঠি অহা শিক্ষিত যুৱকে শৰীৰচৰ্চাৰ প্ৰতি আগ্ৰহী হৈ শৰীৰচৰ্চা কৰিছে । ভৱিষ্যতে নৱপ্ৰজন্মৰ বাবে কিবা ভাল কাম এটা কৰিবলৈ প্ৰয়াস কৰিম । মোৰ ভৱিষ্যত পৰিকল্পনা বুলি কলে বডী বিল্ডিংটো এতিয়া অন্তৰৰ পৰা ভাল পাওঁ, গতিকে এই বডী বিল্ডিঙৰ জৰিয়তে যিমান পাৰোঁ আগবাঢ়ি যাব চেষ্টা কৰিছোঁ । কিয়নো এতিয়াও বহু প্ৰতিযোগিতাত ভাগ লৈ বিজয়ী হ'বলৈ সপোন আছে ।"

তেওঁ কয়,"গতিকে আগলৈ বেলেগ কি কৰিম সেয়া বৰ্তমানলৈকে চিন্তা কৰা নাই । এতিয়া মাথো শৰীৰচৰ্চাৰ ক্ষেত্ৰত গুৰুত্ব দি আছোঁ । বৰ্তমান মোৰ অৰুণাচল প্ৰদেশৰ পাচিঘাটত দুখনকৈ শৰীৰচৰ্চাৰ কেন্দ্ৰ আছে । এখন নিজে চলাও আৰু এখন বেলেগক চলাবলৈ দি থৈছোঁ । ইয়াৰ উপৰিও মোৰ বহু কেইজন ক্লাইণ্ট আছে তেওঁলোকক অনলাইন, অফলাইনৰ জৰিয়তে প্ৰশিক্ষণ দিওঁ ।"
মহাৰাষ্ট্ৰত অনুষ্ঠিত ৯৫ কেঃজি শাখাত আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপ-২০২৪ , ৯৫ কেঃজি শাখাৰ বডী বিল্ডিংত সোণৰ পদক অৰ্জন কৰিছে তেওঁ । ৯৫ কেঃজি শাখাৰ বডী বিল্ডিংত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি টায়েঙে সোণৰ পদক অৰ্জন কৰি অসমৰ বডী বিল্ডিঙত প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপে বিবেচিত হৈছে বুলি সদৰী কৰে ।

ইয়াৰ উপৰিও কিৰণ টায়েঙে উক্ত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ অর্জন কৰাৰ পূৰ্বে ২০২৪ বৰ্ষত মিষ্টাৰ চিয়াং,২০২২ বৰ্ষত অৰুণাচল প্ৰদেশৰ মিষ্টাৰ ৰানাৰ্ছআপ, ২০১২ বৰ্ষত শিৱসাগৰত মিষ্টাৰ অসমেৰে সন্মানিত, মিষ্টাৰ অসম-২০২৫ খিতাপ অৰ্জন কৰি শৰীৰচৰ্চাৰ ক্ষেত্ৰত তেওঁ অকণমান হ'লেও সফল হৈছে বুলি ভাবে আৰু ইয়াক লৈ তেওঁ সুখী বুলি নিজৰ অনুভৱ প্ৰকাশ কৰে ।
পিতৃ-মাতৃৰ পৰা কেনে সঁহাৰি পাইছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত কিৰণ টায়েঙে কয়,"মোৰ পিতৃ-মাতৃয়ে প্ৰথম অৱস্থাত মোৰ পৰা এটা চৰকাৰী চাকৰি কৰাৰ আশা কৰিছিল । কিন্তু মই চাকৰিৰ প্ৰতি মই আকৃষ্ট নাছিলোঁ । মই বডী বিল্ডিঙৰ জৰিয়তে যেতিয়া সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ, এতিয়া মোৰ পিতৃ-মাতৃয়ে যথেষ্ট সুখী অনুভৱ কৰে আৰু মোক উৎসাহ যোগায় । গতিকে নৱপ্ৰজন্মলৈ মোৰ এটাই আহ্বান উঠি অহা প্ৰজন্মই পিতৃ-মাতৃক শ্ৰদ্ধা কৰি পঢ়া-শুনাৰ সমান্তৰালভাৱে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি খেলা- ধুলা আৰু শৰীৰচৰ্চা কৰিব লাগে আৰু নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত থাকিব লাগে ।"

টায়েঙৰ এই যাত্ৰাৰ সন্দৰ্ভত টাকাম মিচিং পৰিণ কৌবাঙ (TMPK)ৰ উপদেষ্টা তথা স্থানীয় ব্যক্তি ৰাজকুমাৰ মৰাঙে কয়,"কিৰণ টায়েঙে শৰীৰচৰ্চা কৰি যি সুনাম অৰ্জন কৰিছে, এই সম্পৰ্কে ইতিমধ্যে অসমৰ মানুহে গম পাইছে । কিৰণ টায়েং এগৰাকী অসম-অৰুণাচল সীমান্ত জোনাই অঞ্চলৰ ললাদ গাঁৱৰ যুৱক । জোনাইত বিভিন্ন জাতি-জনগোষ্ঠীয়ে বসবাস কৰা এক অঞ্চলৰ পৰা ওলাই গৈ বডী বিল্ডিঙত আন্তঃৰাষ্ট্ৰীয়, ৰাজ্যিক, বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে । সেয়ে জোনাইবাসীৰ হৈ অসমৰ এজন সুযোগ্য সন্তান বুলি ক'ব বিচাৰিছোঁ ।"

