সলনি হ’ল দক্ষিণ আফ্ৰিকাই অধিনায়ক, কেইবাজনো ডাঙৰ খেলুৱৈয়ে ল’লে জিৰণি
টি-২০ বিশ্বকাপৰ মাজতে নিউজীলেণ্ডৰ শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল ঘোষণা ।

Published : February 21, 2026 at 11:13 PM IST
হায়দৰাবাদ : ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰা টি-২০ বিশ্বকাপ ৭ ফেব্ৰুৱাৰীৰ পৰা চলি আছে । প্ৰতিযোগিতাখনে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । আজিৰ পৰা আৰম্ভ হৈছে ছুপাৰ ৮ৰ মেচ । ৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব ছেমি ফাইনেল আৰু তাৰ পাছত ৮ মাৰ্চত হ’ব ফাইনেল খেল ।
বৰ্তমান এডেন মাৰ্ক্ৰামৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটোৱে লীগত শক্তিশালী প্ৰদৰ্শন আগবঢ়াই সকলো মেচতে জয়লাভ কৰি ছুপাৰ ৮লৈ আগবাঢ়িছে । ছুপাৰ ৮ৰ প্ৰথমখন মেচ দলটোৱে ভাৰতৰ বিৰুদ্ধে খেলিব, তাৰ পিছতে জিম্বাবুৱে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।
মন কৰিবলগীয়া যে দলটোৱে এনেদৰে জয়লাভ কৰি থাকিলে ছেমি ফাইনেলত প্ৰৱেশৰ সুযোগ পাব ।
দক্ষিণ আফ্ৰিকাৰ নিউজীলেণ্ড ভ্ৰমণ
টি-২০ বিশ্বকাপ শৃংখলা সম্পূৰ্ণ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাৰ দলটোৱে নিউজীলেণ্ড ভ্ৰমণ কৰি পাঁচখন খেলৰ টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব । ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই শংখলাটো ।
তাৰকা খেলুৱৈসকলক জিৰণি
দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডে এই শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল ঘোষণা কৰে । টি-২০ বিশ্বকাপত খেলি থকা অধিনায়ক এডেন মাৰ্ক্ৰাম, কুইণ্টন ডি কক, ডিৱাল্ট ব্ৰুইছ, ডেভিদ মিলাৰ, ট্ৰিষ্টান ষ্টাবছ, কাগিছ’ ৰাবাডা, লুংগি ঙিডি, মাৰ্কো জনছনৰ দৰে তাৰকা খেলুৱৈক জিৰণি দিয়া হৈছে ।
কেশৱ মহাৰাজক অধিনায়ক নিযুক্তি
এই সময়ছোৱাত কেশৱ মহাৰাজক দক্ষিণ আফ্ৰিকাৰ টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । আঘাতৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাদ পৰা টনি ডি গিয়াৰছি আৰু জেৰাল্ড ক’ট্জীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । কন’ৰ এষ্টাৰহুইজেন, ডায়েন ফৰেষ্টাৰ, জৰ্ডান হাৰমানৰ দৰে অভিষেককাৰীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
South Africa squad for the New Zealand T20i series. pic.twitter.com/OslvfabWE1
— Mufaddal Vohra (@mufaddal_vohra) February 20, 2026
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি ঘৰুৱা মেচত ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে এই তিনিগৰাকী খেলুৱৈক এই সুযোগ দিয়া হৈছে । ইয়াৰ উপৰিও জৰ্জ লিণ্ডে, ব্ৰেনলন সুব্ৰমণিয়াম, জেছন স্মিথ, অথনিয়েল বাৰ্টমেন, লুটো চিবামলাৰ দৰে খেলুৱৈকো নিউজীলেণ্ডৰ শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
নিউজীলেণ্ডৰ শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল
কেশৱ মহাৰাজ (অধিনায়ক), অটনীল বাৰ্টমেন, ইথান বছ, জেৰাল্ড ক’টজি, টনি ডি গেৰ্জি, কন’ৰ এষ্টাৰহুইজেন, ডায়েন ফৰেষ্টাৰ, জৰ্ডান হাৰমান, ৰুবিন হাৰমান, জৰ্জ লিণ্ডে, এনকোবানি মকোয়েনা, এণ্ডিল চিমেলেন, লুথ’ চিপামলা, প্ৰেনেলান সুব্ৰায়েন, আৰু জেছন স্মিথ ।

