ETV Bharat / sports

পিঠিত 'ভাৰত' লিখি খেলাৰ সপোন পুহি ৰখা জ্যোতিষ্মানে আঁজুৰিলে সোণৰ পদক

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইষ্ট জ'ন এথলেটিকছত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে খোৱাং বেজপথাৰ গাঁৱৰ জ্যোতিষ্মান বৰুৱাই ।

Jyotishman Baruah won the gold medal at the National Level East Zone Athletics
সোণৰ পদক অৰ্জন কৰে জ্যোতিষ্মান বৰুৱাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 2:41 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমৰ খেলুৱৈয়ে । ক্ৰীড়া ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইষ্ট জ'ন এথলেটিকছত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ বেজপথাৰ গাঁৱৰ জ্যোতিষ্মান বৰুৱাই ।

জ্যোতিষ্মান বৰুৱাই শেহতীয়াকৈ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত ৩৬ সংখ্যক ইষ্ট জ'ন এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল । তেওঁ লং জাম্পত বিশ বছৰ অনুৰ্ধ্ব শাখাত অংশ লৈ মুঠ ৭.০৯ মিটাৰ জঁপিয়াই সোণক পদক আজুৰি আনে । বেজপথাৰ গাঁৱৰ জীতেন বৰুৱা আৰু অজন্তা বৰুৱাৰ পুত্ৰ জ্যোতিষ্মান বৰুৱা ডিমৌ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ।

সোণৰ পদক অৰ্জন কৰে জ্যোতিষ্মান বৰুৱাই (ETV Bharat Assam)

এখন অতি ভিতৰুৱা গাঁৱৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰা জ্যোতিষ্মান বৰুৱাক বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্ধনা জনায় । ইয়াৰ মাজতে ডিব্ৰুগড় জিলা কংগ্ৰেছ দলৰ উপ-সভাপতি তথা যুৱনেতা বিজু দুৱৰাই খেলুৱৈজনৰ বাসগৃহত গৈ সম্বৰ্ধনা জনায় ।

ফুলাম গামোচা, জাপি আৰু শৰাইৰে উদীয়মান খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যোৱাত সকলো ধৰণৰ সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । আনহাতে পিঠিত 'ভাৰত' লিখি খেলাৰ সপোন লৈ অনুশীলন অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে জ্যোতিষ্মানে । জ্যোতিষ্মানৰ এই সপোন সাৰ্থক হওঁক তাৰে কামনা কৰিছে সকলোৱে ।‌

Jyotishman Baruah won the gold medal at the National Level East Zone Athletics
পিঠিত ভাৰত লিখি খেলাৰ সপোন লৈ আগবাঢ়িছে জ্যোতিষ্মান (ETV Bharat Assam)

পিঠিত 'ভাৰত' লিখি খেলাৰ সপোন লৈ আগবাঢ়িছে জ্যোতিষ্মান:

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইষ্ট জ'ন এথলেটিকছত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা জ্যোতিষ্মান বৰুৱাই কয়,"প্ৰথম বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি ব্ৰঞ্জৰ পদক লাভ কৰিছিলোঁ । ইয়াৰ পিছত শাৰীৰিক অসুস্থতাৰ বাবে প্ৰতিযোগিতাত অংশ ল'ব পৰা নাছিলোঁ যদিও এইবাৰ ইষ্ট জ'ন এথলেটিকছ প্ৰতিযোগিতাত সোণৰ প্ৰদক লাভ কৰিলোঁ । ভৱিষ্যতে পিঠিত 'ইণ্ডিয়া' লিখি খেলাৰ সপোন আছে তাৰ বাবে অনুশীলন অব্যাহত ৰাখিছোঁ ।"

Jyotishman Baruah won the gold medal at the National Level East Zone Athletics
সোণৰ পদক অৰ্জন কৰাৰ পিছতে পৰিয়াল স্থানীয় লোকৰ সৈতে জ্যোতিষ্মান (ETV Bharat Assam)

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জ্যোতিষ্মানে আনন্দৰ বাৰ্তা লৈ আহিছে:

উদীয়মান খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই ডিব্ৰুগড় জিলা কংগ্ৰেছ দলৰ উপ-সভাপতি তথা যুৱনেতা বিজু দুৱৰাই কয়,"জুবিন গাৰ্গৰ মৃত্যুত আমি সকলো দুখত আছিলোঁ ৷ ইয়াৰ মাজতে জ্যোতিষ্মানে এটা আনন্দৰ বাৰ্তা লৈ আহিল । সেয়ে আজি আমি তেওঁক সম্বৰ্ধনা জনাই উৎসাহিত কৰিবলৈ চেষ্টা কৰিছোঁ । ‌খেলৰ জড়িয়তে জ্যোতিষ্মানে পিঠিত 'ইণ্ডিয়া' লিখিব বিচাৰিছে সেই সপোন পূৰণ হওক তাৰ বাবে আমি সকলোৱে সহযোগিতা আগবঢ়াম ।"

Jyotishman Baruah won the gold medal at the National Level East Zone Athletics
কংগ্ৰেছ নেতা বিজু দুৱৰাই জনালে সম্বৰ্ধনা (ETV Bharat Assam)

আনহাতে খোৱাং সমষ্টিৰ পৰা বহু খেলুৱৈয়ে ক্ৰীড়াক্ষেত্ৰত সফলতা লাভ কৰিছে যদিও খেলুৱৈসকলৰ অনুশীলনৰ বাবে এখন খেলপথাৰ নথকাক লৈ স্থানীয় বিধায়ক আৰু অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক: মৰাণ, মটক, টাই আহোম আদিৰ পাছত প্ৰতিবাদত নামিবলৈ সাজু চুতীয়া জনগোষ্ঠী

মাংগালুৰুত মঙলদৈৰ জেহেৰুলৰ জনপ্ৰিয়তা দেখিলে আপুনিও আচৰিত হ'ব !