লোকৰ ভেটিৰ ভগা পঁজাৰ পৰাই বিশ্বজয়ৰ যাত্ৰা চিমু দাসৰ
মাতৃয়ে দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নিজৰ ভগা পঁজাটোলৈ ওভতাৰ পথত জানিব পাৰিছিল কন্য়াৰ সাফল্য়ৰ খবৰ ।

Published : December 8, 2025 at 8:35 PM IST
নগাঁও : লোকৰ ঘৰত বাচন ধুই মাতৃয়ে ঘৰলৈ উভতিছিল । আন দিনাৰ দৰে তেওঁ দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত উভতিছে নিজৰ ভগা পঁজাটোলৈ । তেনেতেই চাৰিআলিত ল’ৰাবোৰে তেওঁক জোকালে পাৰ্টী দিব লাগে বুলি । তেতিয়ালৈকে তেওঁ জানিবই পৰা নাছিল সকলোৱে তেওঁক কিয় পাৰ্টী খুজিছে । হঠাতে কোনোবাই কোৱা শুনিলে "আপোনাৰ ছোৱালীয়ে বিশ্বকাপ জিকিছে ।" লগে লগে দুচকুৰ পৰা ওলাই আহিল আনন্দৰ চকুলো ।
এয়াই আছিল শ্ৰীলংকাত অনুষ্ঠিত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ হৈ উজলি উঠা নগাঁৱৰ কঠীয়াতলী কছাৰীগাঁৱৰ চিমু দাসৰ মাতৃৰ অনুভৱ । চিমুৱে বিশ্বকাপ খেলিবলৈ যোৱা বুলি তেওঁক জনাইছিল যদিও বিশ্বকাপৰ খিতাপ দখল কৰাৰ খবৰক লৈ ব্য়স্ত নাছিল । কাৰণ তেওঁৰ বাবে পেটৰ ভোক গুচাবলৈ পুৱাই আনৰ ঘৰত কাম কৰিবলৈ ওলাই যাবই লাগিব । অৱশ্য়ে কন্য়াৰ সাফল্য়ৰ পিছতেই আপোনা আপুনি মুখেৰে ওলাই আহিল "মোৰ কষ্ট সাৰ্থক হ'ল ।"
পিতৃৰ মৰমৰ পৰা বঞ্চিত শিশুটি :
এটি ভগা পঁজা । সেয়াও লোকৰ ভেটিত । মাটি ভেটি বুলিবলৈ একোৱেই নাই । আছে এগৰাকী মাতৃ, এজন ককায়েক । ককায়েকো বিশেষভাৱে সক্ষম । মাতৃৰ গৰ্ভত থাকোতেই পিতৃয়েও পৰিয়ালটোক এৰি আঁতৰি গৈছিল । জন্মৰ পৰা পৃথিৱীৰ পোহৰ নেদেখা শিশুটিয়ে পোৱা নাছিল পিতৃৰ মৰম । জন্মৰ পিছৰ পৰাই পিতৃক 'দেউতা' বুলি মাতিবলৈ কাষত আজিলৈকে পোৱাই নাই ।

মাতৃয়েই দিছিল পিতৃ-মাতৃৰ মৰম । লোকৰ ঘৰত বাচন ধুই দুই সন্তানৰ পেটৰ তাড়না দূৰ কিৰিছিল মাতৃয়ে; কিন্তু যুৱতীগৰাকী আজি কেৱল এটা অঞ্চল অথবা এখন ৰাজ্যৰেই নহয়, দেশখনকে গৌৰৱাম্বিত কৰাৰ অংশীদাৰ হৈছে । যুৱতীগৰাকী আন কোনো নহয়, শ্ৰীলংকাত অনুষ্ঠিত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ হৈ উজলি উঠা নগাঁৱৰ কঠীয়াতলী কছাৰীগাঁৱৰ চিমু দাস ।

বিশ্ব ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি নিজৰ দলটোক বিশ্বজয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আজি বিশ্ব দৰবাৰত উজলি উঠা চিমু দাসৰ লগতে মাতৃৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে হৃদয় চুই যাব প্ৰতিজন লোকৰ । ২০০১ চনৰ ১১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা চিমু দাসক কঠীয়াতলীৰেই এগৰাকী শিক্ষয়িত্ৰীৰ পৰামৰ্শ মতেই শৈশৱৰ পৰাই ঘৰৰ পৰা বাহিৰলৈ মাতৃয়ে পঠিয়াইছিল শিক্ষাগ্ৰহণৰ বাবে ।

অন্ধ বিদ্যালয়ৰ পৰা মহাবিদ্য়ালয়লৈ :
গুৱাহাটী সাতগাঁৱৰ জ্যোতি নিকেতন অন্ধ বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰি পৰৱৰ্তী সময়ত মনফ'ৰ্টছ দৃষ্টিহীন বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা চিমু দাসে বিদ্যালয়ৰ এগৰাকী ছিষ্টাৰৰ সান্নিধ্য লাভ কৰিছিল । পৰৱৰ্তী সময়ত দিল্লী সত্যবাদী দৃষ্টিহীন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা চিমু দাস বৰ্তমান স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ।

কঠোৰ সংগ্ৰামৰে মাতৃ মঞ্জু দাসৰ চূড়ান্ত ত্যাগ আৰু কঠোৰ সংগ্ৰামৰ ফলত আজি বিশ্ব দৰবাৰতে উজলি উঠিল চিমু দাস । ক্ৰিকেট জগতত বিশ্ব জয় কৰা চিমু দাসে ই টিভি ভাৰতৰ সন্মুখত ক'লে জীৱনৰ কাঁইটীয়া যাত্ৰাৰে বুটলি অনা সফলাতৰ কথা । বিশ্ব জয় কৰি নিজৰ জন্মস্থানৰ ভগা পঁজাকে ভাগ্যৱান বুলি উল্লেখ কৰি দৃষ্টিহীন ক্ৰিকেটাৰ চিমু দাসে কয়, "মই বিশ্বকাপ ক্ৰিকেটত জিকি অসমত উপস্থিত হোৱাৰ পাছৰ পৰাই অসমৰ ৰাইজে যিদৰে মৰম আৰু গামোচাৰে সম্বৰ্ধনা জনাইছে, মই আপ্লুত হৈছো । ইমানখিনি সমৰ্থন দিয়া বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো । ২০২২ চনৰ পৰা ক্ৰিকেট যাত্ৰা আৰম্ভ কৰি মাত্ৰ তিনিটা বছৰতে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছো ।"

প্ৰথমতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুযোগ লাভ কৰি পৰৱৰ্তী সময়ত বিশ্বকাপত খেলিবলৈ সুযোগ লাভ কৰা বুলি উল্লেখ কৰি চিমুৱে কয় যে তেওঁ ২০২৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ হৈ খেলিও সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তাৰ পৰৱৰ্তী খেল হিচাপে এইবাৰৰ টি-২০ ত নেপালক পৰাস্ত কৰি বিশ্ব জয়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে চিমু দাসে খেলা ভাৰতীয় দলে ।
সফলতা বুটলি ঘৰত উপস্থিত হৈ জীৱন সংগ্ৰামৰ কথাও উল্লেখ কৰি বিশ্ব বিজয়ী চিমুৱে কয়,“মানুহে কয় কেঁচা ঘৰ ভগা ঘৰ দুখীয়াৰ ঘৰ; কিন্তু মোৰ বাবে এই কেঁচা ঘৰেই ভাগ্যৱান। কাৰণ মই এই ভগা ঘৰতেই জন্মগ্ৰহণ কৰি আজি বিশ্ব জয় কৰিবলৈ সক্ষম হৈছো । এইটো ঘৰৰ পৰাই গৈ মই শিক্ষা গ্ৰহণ কৰাৰ উপৰি ক্ৰীড়াজগতত সফলতা বুটিবলৈ সক্ষম হৈছো । মই দিল্লীৰ পৰা স্নাতক শিক্ষা গ্ৰহণ কৰিছো ।"
দিল্লীত অন্ধক মানুহে বহুত সহায় কৰে :
"দিল্লীত অন্ধ মানুহক মানুহে বহুত সহায় কৰে; কিন্তু অসমত বহুত কম । অসমতো অন্ধ মানুহক সহায় কৰিব লাগে । মই এতিয়া বিশ্বকাপ জিকাৰ পাছত হয়তো অসমত অন্ধৰ সন্মান কিছু হলেও বাঢ়িব ।"

ববু ছাৰক কৃতজ্ঞতা জনালে চিমুই :
তেওঁ কয়,"পিতৃক মই জন্মৰ পাছত পোৱাই নাই । মোৰ দাদা বিশেষভাৱে সক্ষম হোৱা দেখি ময়ো জন্মৰ পাছত এনেকুৱাই হম বুলি ভাবিয়েই পিতৃয়ে আমাক এৰি গুচি গৈছিল । আজিলৈকে কোনো খা-খবৰ নাই । আমি থকা ঘৰৰ মাটিও আমাৰ নিজৰ নহয় । গাঁওখনৰেই ববু ছাৰে নিজৰ এই মাটিখিনি আমাক থাকিবলৈ সুযোগ দিছিল । আজিও আমি ইয়াতেই আছো ।"
মোৰ বহু বিশাল ঘৰৰ সপোন নাই :
" সৰুৰে পৰা পঢ়া শুনা সম্পূৰ্ণ কৰি বেংকত চাকৰি কৰাৰ সপোন আছিল মোৰ । ক্ৰিকেট জয়ৰ পাছত মই দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ পাইছো । অসমৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি এটা চাকৰি বিচাৰিছো । চাকৰিটো পালেও মই ক্ৰীড়া জগতৰ পৰা আঁতৰি নাযাওঁ । ভৱিষ্যতেও মই খেলি যাম । মোৰ বহু বিশাল ঘৰৰ সপোন নাই, কেৱল থাকিবলৈ এটা সাধাৰণ ঘৰৰ প্ৰয়োজন অনুভৱ কৰো ।” চিমুৱে কয় ।
সৰুৰে পৰা খেলৰ লগতে গান শুনি ভালপোৱা চিমু দাসৰ সফলতাৰ পাছত জীৱনৰ সংগ্ৰামৰ কথা সুঁৱৰি চকু সেমেকি গ’ল মাতৃ মঞ্জু দাসৰ । লোকৰ ঘৰ বাচন ধোৱাৰ উপৰি এতিয়া এটা বেংকত ৰান্ধনী কাম কৰা চিমু দাসৰ মাতৃয়ে কলে, “চিমু সাত মাহৰ গৰ্ভত থকা সময়তেই পিতৃ এৰি গুচি গৈছিল । মই অকলে দুয়োটা সন্তানক মাতৃৰ লগতে পিতৃৰ মৰম দি ডাঙৰ দীঘল কৰিছো । মই বুকুত এটা শিল দিয়াৰ দৰে চিমুক ঘৰৰ পৰা শিক্ষাৰ বাবে গুৱাহাটীলৈ পঠিয়াইছিলো । নহ'লে চিমুৱেও আজি মোৰ লগত লোকৰ ঘৰত কাম কৰিবলগীয়া হ’লহেঁতেন ।"
"চিমুৱে বিশ্বকাপ খেলিবলৈ যোৱা বুলি মোক জনাই গৈছিল; কিন্তু সিদিনা হঠাৎ কাম কৰি ঘৰলৈ উভতি অহাৰ সময়ত চাৰিআলিত ল’ৰাবিলাকে মোক জোকাই আছিল পাৰ্টী দিব লাগে বুলি, সকলো স্ফুৰ্তিত আছিল। মোবাইলত চাই মোক খবৰটো দিছিল আপোনাৰ ছোৱালীয়ে বিশ্ব জয় কৰিলে । মই ক’ব নোৱৰা এটা আনন্দ লাভ কৰিছিলো । তেতিয়া বহুত ভাল লাগিছিল; কিন্তু মই কৰা জীৱনৰ কষ্ট আজিও মনত পৰে । কষ্ট কৰিয়েই আজি ছোৱালীজনীক মানুহ বনাইছো ।”
এখন ভিতৰুৱা গাঁৱৰ এটা ভগা পঁজাৰ পৰা গৈ বিশ্ব দৰবাৰত সফলতা বুটলি আনিবলৈ সক্ষম হোৱা চিমু দাসক লৈ আজি গৌৰৱাম্বিত গাঁওবাসী হৈ পৰিছে উৎফুল্লিত । গাঁওখনৰ স্থানীয় লোকে সৰুৰে পৰাই চিমুৰ গাত সফলতাৰ গুণ দেখা পোৱা বুলি মন্তব্য কৰে স্থানীয় লোকে। কঠীয়াতলীৰ কছাৰীগাঁৱৰ চিমু দাস এতিয়া নগাঁৱৰ লগতে অসম তথা ভাৰতৰেই গৌৰৱ হৈ পৰিছে । এইগৰাকী চিমু দাসক এতিয়া সকলোৱে জনাইছে অভিনন্দন।

