ETV Bharat / sports

ইটালিয়ান অ'পেনৰ খিতাপ দখল কৰি য়ানিক ছিনাৰে ৰচিলে ইতিহাস

একেৰাহে ষষ্ঠবাৰৰ বাবে এটিপি মাষ্টাৰ্ছ ১০০০ খিতাপ দখল কৰিলে য়ানিক ছিনাৰে । গ'ল্ডেন মাষ্টাৰ সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত ।

Jannik Sinner won Italian Open beating Casper Ruud
ইটালিয়ান অ'পেনৰ খিতাপ দখল কৰি য়ানিক ছিনাৰে ৰচিলে ইতিহাস (AP)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 2:17 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বিশ্বৰ টেনিছ জগতত আধিপত্য অব্যাহত ৰাখিলে য়ানিক ছিনাৰ । ইটালিয়ান অ'পেন ২০২৬ত কেছপাৰ ৰুডক ফাইনেলত পৰাস্ত কৰি ছিনাৰে প্ৰথমটো খিতাপ লাভ কৰে । দেওবাৰে ৰোমত নৰৱেৰ খেলুৱৈগৰাকীক ৬-৪, ৬-৪ পইণ্টত পৰাস্ত কৰি তেওঁ একেৰাহে ষষ্ঠবাৰৰ বাবে এটিপি মাষ্টাৰ্ছ ১০০০ খিতাপ দখল কৰিবলৈ সক্ষম হয় । কেছপাৰ ৰুডে ৰূপৰ পদক লাভ কৰে । ইফালে ন'ভাক জ'ক'ভিচৰ পিছত কেৰিয়াৰৰ গ'ল্ডেন মাষ্টাৰ্ছ সম্পূৰ্ণ কৰা দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয় ছিনাৰ (মাষ্টাৰ্ছ ১০০০ৰ ৯ টা খিতাপ জয় কৰিছিল) । ১ ঘণ্টা ৪৫ মিনিট ধৰি চলা এই শীৰ্ষ সংঘৰ্ষত ছিনাৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

ন'ভাক জ'ক'ভিচৰ অভিলেখ ভংগ কৰিলে ছিনাৰে

ইটালীৰ তাৰকাগৰাকীয়ে কেৰিয়াৰৰ গ'ল্ডেন মাষ্টাৰ সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু ৩০ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে । তেওঁৰ বৰ্তমান বয়স ২৪ বছৰ ২৭৪ দিন । ২০১৮ চনত চিনচিনাটি অ'পেনত জয়লাভ কৰি ৩১ বছৰ বয়সত জ'ক'ভিচে অভিলেখ ৰচিছিল ।

কেৰিয়াৰ গ'ল্ডেন মাষ্টাৰ্ছ অৰ্থাৎ মাষ্টাৰ্ছ ১০০০ৰ ৯ টা খিতাপ জয় কৰাটো অতি বিৰল কৃতিত্ব আৰু জ'ক'ভিচ আৰু ছিনাৰৰ বাহিৰে আন কোনোৱেই এতিয়ালৈকে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই । ৰ'জাৰ ফেডাৰেৰে ৭ টা খিতাপ জয় কৰিছিল যদিও দুটা খিতাপ দখল কৰিব নোৱাৰিলে ।

৫০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল

ৰোমৰ ঘৰুৱা দৰ্শকৰ বাবেও এই খিতাপ বিশেষ আছিল । কাৰণ ঘৰুৱা দৰ্শকে এই খিতাপৰ বাবে ৫০ বছৰ অপেক্ষা কৰিবলীয়া হৈছিল । ১৯৭৬ চনত এড্ৰিয়ান' পানাটাই ৰূপৰ পদক দখল কৰাৰ পিছত কোনো ঘৰুৱা খেলুৱৈয়ে ৰূপৰ পদক তুলি লোৱা নাছিল । ১৯৯০ চনত এটিপি ১০০০ ফৰ্মেট প্ৰৱৰ্তনৰ পিছত তেওঁ এই খিতাপ দখল কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।

সামগ্ৰিকভাৱে নিকোলা পিয়েট্ৰেঞ্জেলি (১৯৫৭, ১৯৬১), ইমানুৱেল চেৰ্টৰিঅ' (১৯৩৩), জিওভানি পালমিয়েৰী (১৯৩৪) আৰু এড্ৰিয়ান' পানাটা (১৯৭৬)ৰ পিছত তেওঁ এই প্ৰতিযোগিতাত জয়ী হোৱা পঞ্চমগৰাকী ইটালীৰ খেলুৱৈ । এতিয়া ছিনাৰে ২৭ মে'ৰ পৰা আৰম্ভ হ'বলগীয়া ফ্ৰেন্স অ'পেনৰ ওপৰত দৃষ্টি ৰাখিব ।

ইটালিয়ান অ'পেন যিহেতু অন্যতম বৃহৎ প্ৰতিযোগিতা সেয়ে অ'পেনৰ প্ৰতিটো ৰাউণ্ডতে পুৰস্কাৰো যথেষ্ট থাকে । বিজয়ীয়ে পুৰস্কাৰ হিচাপে লাভ কৰা ধনৰাশি ১০,০৭,১৬৫ ইউৰো যাৰ ভাৰতীয় টকাৰ মূল্য প্ৰায় ১১.২২ কোটি হ'ব । গতিকে প্ৰতিযোগিতাখনত জয়ী হোৱাৰ বাবে ছিনাৰে পাব ১১ কোটি টকা । ইয়াত প্ৰতিযোগিতাখনৰ প্ৰতিটো ৰাউণ্ডৰ পুৰস্কাৰ তলত দিয়া হৈছে-

  • বিজয়ী - ১০,০৭,১৬৫ ইউৰো
  • ফাইনেলিষ্ট - ৫,৩৫,৫৮৫ ইউৰো
  • ছেমি ফাইনেলিষ্ট - ২,৯৭,৫৫০ ইউৰো
  • কোৱাৰ্টাৰ ফাইনেলিষ্ট - ১,৬৯,৩৭৫ ইউৰো
  • চতুৰ্থ ৰাউণ্ড - ৯২,৪৭০ ইউৰো
  • তৃতীয় ৰাউণ্ড - ৫৪,১১০ ইউৰো
  • দ্বিতীয় ৰাউণ্ড - ৩১,৫৮৫ ইউৰো
  • প্ৰথম ৰাউণ্ড - ২১,২৮৫ ইউৰো

লগতে পঢ়ক :

থাইলেণ্ড অ’পেনত ৰূপৰ পদক অৰ্জন সাত্বিক-চিৰাগৰ