শৃংখলা দখলেৰে ৰচিলে ইতিহাস : এক ৰাণত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ লজ্জাজনক পৰাজয়
ক্ৰিকেটৰ যিকোনো ফৰ্মেটতে ভাৰতৰ বিৰুদ্ধে এয়া আয়াৰলেণ্ডৰ প্ৰথমটো জয় ৷ শৃংখলাৰ প্ৰথমখন খেলত বৰ্তমানৰ টি-২০ বিশ্ব চেম্পিয়ন দলটো ৩৪ ৰাণত পৰাস্ত হৈছিল ।

Published : June 29, 2026 at 12:22 AM IST
হায়দৰাবাদ: ক্ৰিকেটৰ ময়দানত ভাৰতৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ ঐতিহাসিক জয় ৷ ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত চলি থকা দুখন খেলৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে দেওবাৰে লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয় ৷ শৃংখলাৰ দ্বিতীয়খন টি-২০ খেলত ভাৰতক এক ৰাণত পৰাজিত কৰি আয়াৰলেণ্ডে দুখন খেলৰ টি-২০ শৃংখলাটো দখল কৰে ।
বেলফাষ্টত অনুষ্ঠিত খেলখনত আয়োজক দল আয়াৰলেণ্ডে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ সুযোগ লাভ কৰে ৷ নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ঘৰুৱা দলটোৱে ১৫৪ ৰাণ সংগ্ৰহ কৰে ৷ হেৰী টেক্টৰে দলটোৰ হৈ ৪৭ টা বলত ৫৬ ৰাণ সংগ্ৰহৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ কৃতিত্ব গঢ়ে ৷ ভাৰতৰ হৈ প্ৰথমখন টি-২০ খেলত অংশ লোৱা প্ৰিন্স যাদৱে সৰ্বাধিক ৪ অভাৰত ২২ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে ৷ ইয়াৰোপৰি অৰ্শদীপ আৰু দুবেই দুটাকৈ আৰু হৰ্ষিত ৰাণাই এটা উইকেট লাভ কৰে ৷
HISTORIC MOMENT IN IRELAND CRICKET.
— Johns. (@CricCrazyJohns) June 28, 2026
- A T20 SERIES WHITE WASH vs WORLD CHAMPIONS 🤯
They ended the 3 year streak of Indian team in Shorter format.pic.twitter.com/lQ6GBR8l7J
প্ৰত্যুত্তৰত ভাৰতে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫৩ ৰাণহে সংগ্ৰহ কৰে ৷ খেলখনৰ শেষৰটো বলত প্ৰিন্স যাদৱে ছয় ৰাণ সংগ্ৰহ কৰে । দলৰ হৈ সহ-অধিনায়ক তিলক বাৰ্মাই ৪৬ টা বলত সৰ্বাধিক ৫৫ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ এই পৰাজয়ে ক্ৰিকেট অনুৰাগীসকলক পুনৰ এবাৰ নিৰাশ কৰা দেখা যায় ৷
দুয়োগৰাকী অ’পেনাৰ অভিষেক শৰ্মা আৰু সঞ্জু চেমছনে শূন্যতে পেভিলিয়নলৈ উভতিব বাধ্য হয় ৷ ইয়াৰ পাছতে ঈশান(১২), অধিনায়ক আয়াৰ(১০), তিলক(৫৫), অক্ষৰ(১৪), শিৱম(২০) আৰু হৰ্ষিতে(২১) নিজৰ উইকেট হেৰুৱায় ৷ দলটোৱে সহজ যেন লগা ১৫৫ ৰাণৰ সীমা অতিক্ৰম কৰাত ব্যৰ্থ হয় আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰাজিত হয় ৷
খেলৰ শেষত আইৰিছ বলাৰ জে মুন্দ্ৰাই অনবদ্য প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে ।
- Born in India.
— Johns. (@CricCrazyJohns) June 28, 2026
- Playing for Ireland.
- Debut series vs India.
- Player of the Series.
JAI MOONDRA, THE HERO OF IRELAND 🔥 pic.twitter.com/9QjO8OMNiY
উল্লেখ্য যে, শৃংখলাৰ প্ৰথমখন খেলত ৩৪ ৰাণত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত ৷ আয়াৰলেণ্ড ভ্ৰমণত ব্যস্ত থকা ভাৰতীয় দলটোৱে পৰৱৰ্তী সময়ত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব ৷ এই খেলসমূহ ১ জুলাইৰ পৰা আৰম্ভ হ’ব ।
লগতে পঢ়ক: দীৰ্ঘদিনীয়া কেৰিয়াৰ সামৰিলে ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে

