ETV Bharat / sports

অনিশ্চয়তাৰ অৱসান: আমেৰিকাৰ ভূমিত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু ইৰাণী ফুটবল দল

ইৰাণ-আমেৰিকা সংঘাতৰ ফলত আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ বাবে ইৰাণৰ দলটোৱে ভিছা লাভৰ ক্ষেত্ৰত শেহতীয়াভাৱে অনিশ্চয়তাই দেখা দিছিল যদিও সেয়া সমাধান হৈছে ।

FIFA World Cup 2026
আমেৰিকাৰ ভূমিত দুভৰিৰ যাদু দেখুৱালৈ সাজু ইৰাণী ফুটবল দল (AP)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 11:02 AM IST

5 Min Read
Choose ETV Bharat

ৱাশ্বিংটন: সমগ্ৰ বিশ্ব এতিয়া ফুটবল জ্বৰত আক্ৰান্ত । কিয়নো বিশ্বৰ আটাইতকৈ অভিজাত আৰু ৰাজকীয় ক্ৰীড়া মহাৰণ ফিফা বিশ্বকাপলৈ মাজত মাথোঁ কেইটামান দিন বাকী । সেয়ে কোটি কোটি ফুটবলপ্ৰেমীয়ে ১২ জুনত আমেৰিকাৰ ৰক্তপাতবিহীন ৰণাংগনত ৰণশিঙা বজালৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এইবাৰ ৪৮টা দলে সমুখ সমৰত লিপ্ত হ'ব । কিন্তু তাৰ মাজতে এক অনিশ্চয়তাৰ ক'লীয়া ডাৱৰে আৱৰি ধৰিছিল এছিয়াৰ অন্যতম ফুটবল দল ইৰাণৰ অংশগ্ৰহণ সন্দৰ্ভত । কিয়নো বিগত চাৰি মাহৰো অধিক কাল ধৰি ইৰাণ-আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ ফলত ইৰাণৰ ফুটবল দলটোৱে আমেৰিকাত পদাৰ্পণৰ বাবে ভিছা লাভৰ ক্ষেত্ৰত এক অনিশ্চয়তাই দেখা দিছিল । অৱশেষত সেই অনিশ্চয়তাৰ ক'লীয়া ডাৱৰ আঁতৰিছে ।

FIFA World Cup 2026
বলৰ সৈতে ইৰাণৰ ফুটবল দলৰ এগৰাকী খেলুৱৈ (AP)

ইৰাণৰ বিশ্বকাপ ফুটবল দলৰ সদস্যসকলক আমেৰিকা ভ্ৰমণৰ বাবে ভিছা প্ৰদান কৰা হৈছে । শুকুৰবাৰে দুগৰাকী আমেৰিকান বিষয়াই জনোৱা মতে, চলিত মাহত লছ এঞ্জেলছৰ ওচৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম দুখন মেচৰ বাবে মেক্সিকোৰ টিজুয়ানাত থকা তেওঁলোকৰ প্ৰশিক্ষণ ঘাটিৰ পৰা ইৰাণী দলটোক আমেৰিকাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে ইজৰাইল আৰু আমেৰিকাৰ সৈতে চলি থকা ইৰাণৰ যুদ্ধই বিশ্বকাপত দলটোৰ অংশগ্ৰহণ জটিল কৰি তুলিছে । ভিছা প্ৰক্ৰিয়াকৰণৰ সমস্যাৰ বাবে ইৰাণে ইয়াৰ পূৰ্বে নিজৰ প্ৰশিক্ষণ শিবিৰ এৰিজোনাৰ টাচনৰ পৰা কেলিফ'ৰ্ণিয়াৰ সৈতে থকা মেক্সিকো সীমান্তৰ টিজুয়ানালৈ স্থানান্তৰিত কৰিছিল ।

আমেৰিকাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, ইৰাণী দলৰ সকলো খেলুৱৈয়ে ভিছাৰ বাবে অনুমোদন লাভ কৰিছে আৰু তেওঁলোকে ভিছা লাভ কৰাৰ প্ৰক্ৰিয়াত আছে । আন এগৰাকী বিষয়াই কয় যে খেলুৱৈ, প্ৰশিক্ষক আৰু একাংশ সহায়ক কৰ্মচাৰীৰ বাবে ভিছা প্ৰদান কৰা হৈছে । ভিছা সন্দৰ্ভত ৰাজহুৱাভাৱে বক্তব্য ৰখাৰ কৰ্তৃত্ব নথকাৰ বাবে বিষয়া দুগৰাকীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত এই কথা জনায় ।

আনহাতে, কোনো ইৰাণী আবেদনকাৰীক ভিছা প্ৰদান নাকচ কৰা হৈছে নেকি সেই সন্দৰ্ভত কোনো তথ্য নাই বুলিও তেওঁ কয় । অৱশ্যে ইৰাণী দলটোৰ ভ্ৰমণৰ বাবে তেওঁলোকৰ পাছপ’ৰ্ট কেতিয়া প্ৰদান কৰা হ’ব সেয়া এই মুহূৰ্তত স্পষ্ট হোৱা নাই যদিও বিষয়াগৰাকীয়ে কয় যে শুকুৰবাৰ বা শনিবাৰৰ ভিতৰতে প্ৰদান কৰা হ'ব পাৰে ।

উল্লেখ্য যে টিজুয়ানালৈ ৰাওনা হোৱাৰ পূৰ্বে তুৰস্কৰ আণ্টালিয়াত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত ইৰাণী দলটোৱে বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাইছিল । দলটোৱে জনোৱা মতে, ইতিমধ্যে আংকাৰাত থকা মেক্সিকান দূতাবাসৰ পৰা তেওঁলোকে ভিছা লাভ কৰিছে ।

আনহাতে, তুৰস্কত থকা আমেৰিকান ৰাষ্ট্ৰদূত টম বেৰেকে ইৰাণৰ দলটোৰ ভিছা প্ৰক্ৰিয়াকৰণৰ বাবে আংকাৰাত থকা আমেৰিকান দূতাবাসক কৃতিত্ব প্ৰদান কৰে । শুকুৰবাৰে ছ’চিয়েল মিডিয়াত বেৰেকে লিখিছে, “ক্ৰীড়াই সীমাৰ পৰিধি ভেদ কৰে আৰু আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী আৰু অনুৰাগীক আদৰিবলৈ আগ্ৰহী ।"

ইৰাণে ১৫ জুনত কেলিফ'ৰ্ণিয়াৰ ইংলউডত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু তাৰ ছয় দিনৰ পিছত বেলজিয়ামৰ বিৰুদ্ধে প্ৰথম দুখন মেচত অংশগ্ৰহণ কৰিব । তাৰ পিছত ২৬ জুনত ইজিপ্তৰ বিৰুদ্ধে খেলিবলৈ ছিয়াটললৈ ৰাওনা হ’ব । আনহাতে, যদি দুয়োটা দলে নিজৰ গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে তেন্তে ইৰাণ আৰু আমেৰিকাই ৩ জুলাইত টেক্সাছৰ আৰ্লিংটনত ৰাউণ্ড ৩২ত মুখামুখি হ’ব পাৰে ।

উল্লেখ্য যে যোৱা মাৰ্চ মাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিযোগিতাখনত ইৰাণৰ অংশগ্ৰহণ সন্দৰ্ভত এক নেতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰিছিল । তেওঁ বিশ্বকাপত ইৰাণে অংশগ্ৰহণ কৰাটোক 'উচিত' বুলি ভবা নাছিল আৰু খেলুৱৈসকলৰ 'জীৱন আৰু সুৰক্ষা'ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । কিন্তু ট্ৰাম্পৰ এই মন্তব্যৰ এদিন পিছতে ইৰাণৰ ৰাষ্ট্ৰীয় দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত কয় যে তেওঁলোকক খেলাৰ পৰা “কোনোৱেই আঁতৰাই ৰাখিব নোৱাৰে” ।

সোমবাৰে ইৰাণে বিশ্বকাপ খেলিবলগীয়া দলটো চূড়ান্ত কৰে । দলটোত ঘৰুৱা দলৰো ১৭ জন খেলুৱৈ আছে, যাৰ ক্লাবসমূহে যুদ্ধৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা খেলিব পৰা নাই । আনহাতে, মাৰ্চ মাহত তাৰকা ফৰৱাৰ্ড চৰ্দাৰ আজমৌনক দলৰ বাদ দিয়া হৈছিল । খবৰ অনুসৰি, যুদ্ধৰ সময়ত ইৰাণী কৰ্তৃপক্ষক ক্ষুব্ধ কৰি তোলা ছ’চিয়েল মিডিয়াৰ পোষ্ট এটাৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হয় ।

ইফালে ইৰাণৰ ক্ৰীড়া মন্ত্ৰীয়ে মাৰ্চ মাহত কৈছিল যে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ কৰাটো 'সম্ভৱ নহ’ব' । কিন্তু ইছলামিক গণৰাজ্যখনৰ ফুটবল ফেডাৰেচনে মে’ মাহত কৈছিল যে তেওঁলোকে দলটোৰ সৈতে আগবাঢ়িছে । ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক'ৰ্পছত সামৰিক সেৱা আগবঢ়োৱা খেলুৱৈকে ধৰি সকলো খেলুৱৈ আৰু কৰ্মচাৰীকে ভিছা প্ৰদান কৰিবলৈ ফেডাৰেচনে জোৰ দিয়ে ।

লগতে পঢ়ক :ফিফা বিশ্বকাপত দুভৰিৰ যাদু দেখুৱাব চাৰিগৰাকী ভাৰতীয় বংশোদ্ভৱ খেলুৱৈয়ে, কোন তেওঁলোক ?
লগতে পঢ়ক :ফুটবল আৰু নতুন প্ৰজন্মৰ উন্মাদনা: তেজপুৰত নতুন প্ৰজন্মৰ মাজত বৃদ্ধি ফুটবলৰ প্ৰতি আকৰ্ষণ