ETV Bharat / sports

আই পি এল ২০২৬ : ৰিটেইন আৰু ৰিলিজ খেলুৱৈৰ সম্পূৰ্ণ তালিকা

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৬ চনৰ সংস্কৰণৰ পূৰ্বে ফ্ৰেঞ্চাইজিসমূহে ৰিটেইন আৰু ৰিলিজ খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে ।

IPL 2026
আই পি এল ২০২৬ : ৰিটেইন আৰু ৰিলিজ খেলুৱৈৰ সম্পূৰ্ণ তালিকা (AFP)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 2:51 PM IST

7 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৬ চনৰ সংস্কৰণৰ প্ৰস্তুতি আৰম্ভ হৈছে । ইতিমধ্যে ১০ টা ফ্ৰেঞ্চাইজিয়ে আগন্তুক সংস্কৰণৰ বাবে ৰিটেনচন আৰু ৰিলিজ খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । আটাইকেইটা ফ্ৰেঞ্চাইজিৰ ভিতৰত পাঞ্জাৱ কিংছে (পি বি কে এছ) সৰ্বাধিক খেলুৱৈ ৰিটেনচন কৰিছে । দলটোত ২১ গৰাকী খেলুৱৈ আছে । কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) মাত্ৰ ১২ গৰাকী খেলুৱৈ ৰিটেনচন কৰিছে । আটাইতকৈ কম সংখ্যক খেলুৱৈৰে সৈতে নিলামত নামিব দলটো ।

কলকাতাই ২০১৪ চনৰ পৰা দলটোৰ অংশ হৈ থকা আন্দ্ৰে ৰাছেলক ৰিলিজ কৰি আচৰিত সিদ্ধান্ত লৈছে । লগতে যোৱা সংস্কৰণৰ আটাইতকৈ দামী খেলুৱৈ ভেংকটেশ আয়াৰকো ৰিলিজ কৰি দিয়া হৈছে ।

চেন্নাই ছুপাৰ কিংছে (চি এছ কে) ১৩ গৰাকী খেলুৱৈক ৰিলিজ কৰি দিছে । যিকোনো ফ্ৰেঞ্চাইজিয়ে ৰিলিজ কৰা খেলুৱৈৰ এয়া সৰ্বাধিক সংখ্যা । কলকাতাই ৰিলিজ কৰা খেলুৱৈসকলক বিবেচনা কৰিলে এনে লাগিব যেন দলটোক পুনৰ গঠনৰ বাবে মিনি নিলামত নামিছে ।

আই পি এলৰ ৰিটেইন আৰু ৰিলিজ খেলুৱৈৰ তালিকা

চেন্নাই ছুপাৰ কিংছ (চি এছ কে)

পাৰ্ছেচ বাকী : ৪৩.৪০ কোটি টকা

উপলব্ধ স্লট : ৯ (৪ বিদেশী)

ৰিটেইন খেলুৱৈ : এম এছ ধোনী, ৰুতুৰাজ গায়কৱাড়, সঞ্জু চেমছন (আৰ আৰৰ পৰা ট্ৰেড ইন), আয়ুষ মাত্ৰে, দেৱাল্ড ব্ৰুইছ, শিৱম ডুবে, উৰভিল পেটেল, নূৰ আহমদ, নাথান এলিছ, শ্ৰেয়স গোপাল, খলিল আহমেদ, ৰামকৃষ্ণ ঘোষ, মুকেশ চৌধুৰী, জেমী অভাৰটন, গুৰজাপনীৎ সিং, অংশুল কম্বোজ ।

ৰিলিজ খেলুৱৈ : ৰবীন্দ্ৰ জাডেজা (আৰ আৰলৈ), আন্দ্ৰে সিদ্ধাৰ্থ, দীপক হুডা, ডেভন কনৱে, ৰাচিন ৰবীন্দ্ৰ, মথিছা পাথিৰাণা, ছেম কৰণ (আৰ আৰলৈ), কমলেশ নাগাৰকোটি, ৰাহুল ত্ৰিপাঠী, শেখ ৰছিদ, বংশ বেদী, বিজয় শংকৰ ।

দিল্লী কেপিটেলছ (ডি চি)

পাৰ্ছেচ বাকী : ২১.৮০ কোটি টকা

উপলব্ধ স্লট : ৮ (৫ বিদেশী)

ৰিটেইন খেলুৱৈ : নীতিশ ৰাণা (আৰ আৰৰ পৰা ট্ৰেড ইন), অভিষেক পোৰেল, অজয় ​​মণ্ডল, আশুতোষ শৰ্মা, অক্ষৰ পেটেল, দুষমন্ত চামীৰা, কৰুণ নায়াৰ, কে এল ৰাহুল, কুলদীপ যাদৱ, মাধৱ তিৱাৰী, মিচেল ষ্টাৰ্ক, সমীৰ ৰিজৱী, টি নটৰাজন, ত্ৰিপুৰাণা বিজয়, ত্ৰিস্তান ষ্টাবছ, বিপ্ৰজ নিগম ।

ৰিলিজ খেলুৱৈ : ড'নভান ফেৰেইৰা (আৰ আৰলৈ), দৰ্শন নলকাণ্ডে, ফাফ ডু প্লেছিছ, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, মনবন্ত কুমাৰ, মোহিত শৰ্মা, ছেদিকুল্লা অটল

গুজৰাট টাইটানছ (জি টি)

পাৰ্ছেচ বাকী : ১২.৯০ কোটি টকা

উপলব্ধ স্লট : ৫ (৪ বিদেশী)

ৰিটেইন খেলুৱৈ : অনুজ ৰাৱট, গ্লেন ফিলিপছ, গুৰনূৰ ব্ৰাৰ, ঈশান্ত শৰ্মা, জয়ন্ত যাদৱ, জোছ বাটলাৰ, কাগিছো ৰাবাদা, কুমাৰ কুশাগ্ৰা, মানৱ সুথাৰ, মহম্মদ চিৰাজ, আৰ্শ্বাদ খান, নিশান্ত সিন্ধু, প্ৰসিদ্ধ কৃষ্ণ, আৰ সাই কিশোৰ, ৰাহুল তেৱাতিয়া, ৰাশ্বিদ খান, বি সাই সুদৰ্শন, এম শ্বাহৰুখ খান, শুভমন গিল, ৱাশ্বিংটন সুন্দৰ ।

ৰিলিজ খেলুৱৈ : শ্বেৰফানে ৰাদাৰফোৰ্ড (এম আইৰ সৈতে ট্ৰেড), দাছুন শনাকা, জেৰাল্ড ক'ট্জী, কৰিম জনত, কুলৱন্ত খেজৰ'লিয়া, মহিপাল লমৰ'ৰ

কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)

পাৰ্ছেচ বাকী : ৬৪.৩০ কোটি টকা

উপলব্ধ স্লট : ১৩ (৬ বিদেশী)

ৰিটেইন খেলুৱৈ : অজিংক্য ৰাহানে, অংকৃশ ৰঘুবংশী, অনুকুল ৰয়, হৰ্ষিত ৰাণা, মনীষ পাণ্ডে, ৰমনদীপ সিং, ৰিংকু সিং, ৰভমান পাৱেল, সুনীল নাৰিণ, উমৰাণ মালিক, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী ।

ৰিলিজ খেলুৱৈ : আন্দ্ৰে ৰাছেল, এনৰিচ নৰ্টজে, চেতন ছাকাৰিয়া, লুভনিথ চিছ'ডিয়া, মইন আলী, কুইণ্টন ডি কক, ৰহমানুল্লাহ গুৰবাজ, স্পেন্সৰ জনছন, ভেংকটেশ আয়াৰ ।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (এল এছ জি)

পাৰ্ছেচ বাকী : ২২.৯৫ কোটি টকা

উপলব্ধ স্লট : ৬ (৪ বিদেশী)

ৰিটেইন খেলুৱৈ : আব্দুল ছামাদ, এডেন মাৰ্কৰাম, আকাশ সিং, অৰ্জুন টেণ্ডুলকাৰ (এম আইৰ পৰা ট্ৰেড ইন), আৰ্শিন কুলকাৰ্ণী, আৱেশ খান, আয়ুষ বদোনি, দিগবেশ ৰাথী, হিম্মৎ সিং, মণিমাৰণ সিদ্ধাৰ্থ, মেথিউ ব্ৰীট্জকে, মায়ংক যাদৱ, মহম্মদ ছামী (এছ আৰ এইছৰ পৰা ট্ৰেড ইন), মিচেল মাৰ্ছ, মহচিন খান, নিকোলাছ পুৰণ, প্ৰিন্স যাদৱ, ঋষভ পন্ত, শ্বেহবাজ আহমেদ ।

ৰিলিজ খেলুৱৈ : আৰিয়ান জুৱেল, ডেভিদ মিলাৰ, যুৱৰাজ চৌধুৰী, ৰবি বিষ্ণোই, ৰাজবৰ্ধন হাংগাৰগেকাৰ, শাৰ্দুল ঠাকুৰ (এম আইলৈ ট্ৰেড), আকাশ দীপ, শ্বামাৰ জোচেফ

মুম্বাই ইণ্ডিয়ানছ (এম আই)

পাৰ্ছেচ বাকী : ২.৭৫ কোটি টকা

উপলব্ধ স্লট: ৫ (১ বিদেশী)

ৰিটেইন খেলুৱৈ : শ্বাৰদুল ঠাকুৰ (এল এছ জিৰ পৰা ট্ৰেড ইন), শ্বাৰফেন ৰাদাৰফোৰ্ড (জি টিৰ পৰা ট্ৰেড ইন), মায়ংক মাৰ্কাণ্ডে (কে কে আৰৰ পৰা ট্ৰেড ইন), এ এম গাজানফৰ, অশ্বনী কুমাৰ, কৰ্বিন বছ, দীপক চাহাৰ, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, মিচেল ছেণ্টনাৰ, নমন ধীৰ, ৰঘু শৰ্মা, ৰাজ বাৱা, ৰবিন মিঞ্জ, ৰোহিত শৰ্মা, ৰিয়ান ৰিকেলটন, সূৰ্যকুমাৰ যাদৱ, তিলক বৰ্মা, ট্ৰেণ্ট ব'ল্ট, উইল জেকছ ।

ৰিলিজ খেলুৱৈ : অৰ্জুন টেণ্ডুলকাৰ (এল এছ জিলৈ), বেভন জেকবছ, কৰণ শৰ্মা, লিজাদ উইলিয়ামছ, মুজীব উৰ ৰহমান, ৰিচ টপলি, কৃষ্ণন শ্ৰীজিথ, সত্যনাৰায়ণ ৰাজু, ৱিগনেশ পুথুৰ ।

পাঞ্জাব কিংছ (পি বি কে এছ)

পাৰ্ছেচ বাকী : ১১.৫০ কোটি টকা

উপলব্ধ স্লট : ৪ (২ বিদেশী)

ৰিটেইন খেলুৱৈ : অৰ্শ্বদীপ সিং, আজমাতুল্লাহ ওমৰজাই, হৰনূৰ পান্নু, হৰপ্ৰীত ব্ৰাৰ, লকি ফাৰ্গুচন, মাৰ্কো জান্সেন, মাৰ্কাছ ষ্টয়নিছ, মিচ ওৱেন, মুছিৰ খান, নেহাল ৱাধেৰা, প্ৰভচিমৰণ সিং, প্ৰিয়াংশ আৰ্য্য, পাইলা অবিনাশ, শশাংক সিং, শ্ৰেয়স আয়াৰ, সূৰ্যাংশ হেডজ, বিষ্ণু বিনোদ, ব্যাশক বিজয়কুমাৰ, জেভিয়াৰ বাৰ্টলেট, যশ ঠাকুৰ, যুজবেন্দ্ৰ চাহাল ।

ৰিলিজ খেলুৱৈ : গ্লেন মেক্সৱেল, জোছ ইংলিছ, এৰ'ন হাৰ্ডি, কাইল জেমিছন, কুলদীপ সেন, প্ৰবীণ ডুবে ।

ৰাজস্থান ৰয়েলছ (আৰ আৰ)

পাৰ্ছেচ বাকী : ১৬.০৫ কোটি টকা

উপলব্ধ স্লট : ৯ (১ বিদেশী)

ৰিটেইন খেলুৱৈ : ড'নভান ফেৰেইৰা (ডিচিৰ পৰা ট্ৰেড ইন), ৰবীন্দ্ৰ জাডেজা (চি এছ কেৰ পৰা ট্ৰেড ইন), ছেম কৰণ (চি এছ কেৰ পৰা ট্ৰেড ইন), ধ্ৰুৱ জুৰেল, জোফ্ৰা আৰ্চাৰ, কেনা মাফাকা, লুয়ান-ড্ৰে প্ৰেট'ৰিয়াছ, নন্দ্ৰে বাৰ্গাৰ, ৰিয়ান পৰাগ, সন্দীপ শৰ্মা, শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, তুষাৰ দেশপাণ্ডে, বৈভৱ সূৰ্যবংশী, যশস্বী জয়ছোৱাল, যুধবীৰ সিং ।

ৰিলিজ খেলুৱৈ : সঞ্জু চেমছন (চি এছ কেলৈ), নীতিশ ৰাণা (ডি চিলৈ), আকাশ মাধৱাল, অশোক শৰ্মা, ফজলহক ফাৰুকী, কুমাৰ কাৰ্তিকেয়া, কুণাল সিং ৰাথোৰ, মহীশ থিকছানা, ৱানিন্দু হাছাৰংগা ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)

পাৰ্ছেচ বাকী : ১৬.৪০ কোটি টকা

উপলব্ধ স্লট : ৮ (২ বিদেশী)

ৰিটেইন খেলুৱৈ : বিৰাট কোহলী, ফিল ছল্ট, দেৱদত্ত পাডিক্কল, ৰজত পাটিদাৰ, টিম ডেভিদ, ক্ৰুণাল পাণ্ডিয়া, ৰোমাৰিয়া শ্বেফাৰ্ড, জিতেশ শৰ্মা, ভুৱনেশ্বৰ কুমাৰ, য়শ দয়াল, জোছ হেজেলউড, সূয়শ শৰ্মা, অভিনন্দন সিং, জেকব বেথেল, নুৱান থুছাৰা, ৰাশিখ দাৰ, স্বপনিল সিং ।

ৰিলিজ খেলুৱৈ : লিয়াম লিভিংষ্টন, লুংগী এনগিদি, মায়ংক আগৰৱালা, মনোজ ভাণ্ডেজ, স্বস্তিক চিকাৰা, মোহিত ৰাথী ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইছ)

পাৰ্ছচ বাকী : ২৫.৫০ কোটি টকা

উপলব্ধ স্লট : ১০ (২ বিদেশী)

ৰিটেইন খেলুৱৈ : অভিষেক শৰ্মা, অনিকেত বাৰ্মা, ব্ৰাইডন কাৰ্ছ, ঈশান মালিংগা, হৰ্ষ ডুবে, হৰ্ষল পেটেল, হেনৰিখ ক্লাছেন, ঈশান কিষাণ, জয়দেৱ উনাদকট, কামিন্দু মেণ্ডিছ, নীতিশ কুমাৰ ৰেড্ডী, পেট কামিন্স, আৰ স্মৰণ, ট্ৰেভিছ হেড, জীশান আনছাৰী ।

ৰিলিজ খেলুৱৈ : মহম্মদ ছামী (এল এছ জিৰ সৈতে ট্ৰেড), অথৰ্ব টাইড, শচীন বেবী, অভিনৱ মনোহৰ, উইয়ান মুল্ডাৰ, আদাম জেম্পা, ছিমৰজীৎ সিং, ৰাহুল চাহাৰ ।

লগতে পঢ়ক :কলকাতা টেষ্টৰ পৰা বাহিৰ শুভমন গিল