ETV Bharat / sports

মাত্ৰ ৬.৩ অভাৰতে খেলা শেষ : আৰচিবিৰ বিৰুদ্ধে ৯ উইকেটত পৰাজিত দিল্লী কেপিটেলছ

চমৎকাৰ বলিং প্ৰদৰ্শনৰে আৰচিবিয়ে দিল্লীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে ৷ আৰচিবিয়ে নতুন বলৰ সৈতে বিধ্বংসী বলিঙেৰে আইপিএলৰ ইতিহাসত চিৰস্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈ পৰিছিল ৷

IPL 2026
দিল্লী কেপিটেলছৰ কুলদীপ যাদৱৰ উইকেট দখলৰ পিছত আৰচিবিৰ খেলুৱৈসকলৰ উল্লাস (PTI)
author img

By ETV Bharat Assamese Team

Published : April 28, 2026 at 12:13 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: চলিত বৰ্ষৰ আইপিএলৰ জয়ৰ ধাৰা অব্যাহত ৰাখিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ সোমবাৰে অনুষ্ঠিত হোৱা এখন খেলত দিল্লী কেপিটেলছক দলটোৱে ৯ উইকেটত পৰাস্ত কৰে ৷ চমৎকাৰ বলিং প্ৰদৰ্শনৰে দলটোৱে দিল্লীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে ৷ পাৱাৰপ্লে’ত বেংগালুৰুৰ দলটোৱে ইমানেই আক্ৰমণাত্মকভাৱে বলিং কৰিছিল যে প্ৰথম তিনি অভাৰৰ ভিতৰতে মেচখন প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছিল ।

বেংগালুৰুৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰিছিল দিল্লী কেপিটেলছৰ বেটছমেনসকল ৷ আৰচিবিয়ে নতুন বলৰ সৈতে বিধ্বংসী বলিং কৰি আইপিএলৰ ইতিহাসত চিৰস্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈ পৰিছিল ৷

পাৱাৰপ্লে’ জোছ হেজলউড(৪/১২) আৰু ভূৱনেশ্বৰ কুমাৰে(৩/৫) বিধ্বংসী ৰূপ ধাৰণ কৰি থ্ৰী অভাৰ স্পেলেৰে দিল্লীৰ বেটছমেনক তচ-নচ কৰে ৷ আয়োজক দলটোৱে ১৩ ৰাণতে ৬ টাকৈ উইকেট হেৰুৱায় ৷ দিল্লীৰ হৈ মাথোঁ অভিষেক পৰেল(৩০), ডেভিদ মিলাৰ(১৯) আৰু কাইল জেমিছনে(১২) দহকৰ ঘৰত ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৱে সমগ্ৰ খেলখনত আঠটা চাৰি আৰু এটা ছয় কোবাবলৈ সক্ষম হয় ৷

দিল্লী কেপিটেলছে ১৬.৩ অভাৰত মাত্ৰ ৭৫ ৰাণহে সংগ্ৰহ কৰে ৷ অৱশ্যে ২০১৭ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰচিবিয়ে ৪৯ ৰাণ সংগ্ৰহ কৰি আইপিএলৰ ইতিহাসত মুঠ সৰ্বনিম্ন ৰাণ সংগ্ৰহ কৰাৰ যি লজ্জাজনক অভিলেখ গঢ়িছিল, তাৰ পৰা দলটোৱে হাত সাৰে ৷

দিল্লী কেপিটেলছে বান্ধি দিয়া এই লক্ষ্য আগত লৈ আৰচিবিৰ অ’পেনাৰ বিৰাট কোহলি(২৩) আৰু জেকব বেথেলে(২০) ইনিংছ মুকলিৰে মসৃণ আৰম্ভণি কৰে । দেৱদত্ত পাডিক্কালে ৩৪ ৰাণ সংগ্ৰহ কৰি অতি কম সময়ৰ ভিতৰতে খেলখন আৰচিবিৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।

সদায়ৰ দৰে কিং কোহলীৰ শান্ত-সমাহিত বেটিং আৰু পাডিক্কালৰ ব্যতিক্ৰমী বেটিঙে দলৰ জয়ৰ ক্ষেত্ৰত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি তোলে ৷ মাত্ৰ ৬.৩ অভাৰতে আৰামদায়কভাৱে জয় সম্পূৰ্ণ কৰে আৰচিবিয়ে ৷

নিজৰ প্ৰিয় বেটছমেনক ওচৰৰ পৰা চাবলৈ আগ্ৰহী দৰ্শকেৰে ভৰি আছিল ষ্টেডিয়ামটো ৷ কিন্তু কিং কোহলীয়ে অনুৰাগীক ৰোমাঞ্চিত কৰাৰ বিশেষ সুযোগ নিদিলে । স্থানীয় খেলুৱৈগৰাকীয়ে টি নটৰাজনৰ বিৰুদ্ধে একেৰাহে দুটা ছয় কোবাই খেলখনৰ অন্ত পেলায় ।

পঞ্জাব কিংছৰ বিৰুদ্ধে চমৎকাৰ বেটিং প্ৰদৰ্শনৰে ২৬৪ ৰাণ সংগ্ৰহ কৰা দিল্লীৰ এই পৰাজয় আছিল নাটকীয় ।

লগতে পঢ়ক: চেন্নাইক ৮ উইকেটত পৰাস্ত গুজৰাটৰ; পুনৰ সাই সুদৰ্শনৰ প্ৰভাৱশালী ইনিংছ