আইপিএল ২০২৬ ৰ খিতাপ জয় : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুলৈ শুভেচ্ছাৰ বৰষুণ
ক্ৰমাগত দ্বিতীয়বাৰলৈ চেম্পিয়নছৰ খিতাপ দখল আৰচিবিৰ ৷ গুজৰাটে দলটোৰ সন্মুখত ১৫৬ ৰাণৰ সহজ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ৷

Published : June 1, 2026 at 1:14 AM IST
গুৱাহাটী: দেওবাৰৰ অৱসৰৰ সন্ধিয়াটো ক্ৰিকেটপ্ৰেমীসকলৰ বাবে স্মৰণীয় কৰি তুলিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ চলিত ছিজনৰ আইপিএলৰ বিজয়ীৰ মুকুট পৰিধান কৰি আৰচিবিয়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে ৷
বিশেষকৈ তাৰকা বেটছমেন বিৰাট কোহলীৰ অপৰাজিত ৭৫ ৰাণৰ সহায়ত দলটোৱে গুজৰাটে নিৰ্ধাৰণ কৰি দিয়া ১৫৬ ৰাণৰ লক্ষ্যত সহজে উপনীত হ’বলৈ সক্ষম হয় ৷ ৫ উইকেট বাকী থকা অৱস্থাত আৰচিবিয়ে এই জয়ৰ সোৱাদ লাভ কৰে ৷
উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ পিছত ধাৰাবাহিকভাৱে খিতাপ দখল কৰা তৃতীয়টো দলত পৰিণত হয় আৰচিবি ৷
এই জয়ৰ পিছতে দলটোক শুভেচ্ছাৰে উপচাই দিছে দেশৰ আগশাৰীৰ খেলুৱৈসকল, ৰাজনীতিক আৰু নামী-দামী তাৰকাসকলে ৷ অধিকাংশই সামাজিক মাধ্যমতে আৰচিবিক শুভেচ্ছা প্ৰদান কৰে ৷ বিশেষকৈ ক্ৰিকেটৰ ভগৱান খ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, দেশৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কৰ্ণাটকৰ ভাবী মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰকে ধৰি দেশৰ আগশাৰীৰ ব্যক্তিসকলে দলটোক সামাজিক মাধ্যমতে শুভেচ্ছা জনাই প্ৰশংসাৰে উপচায় ৷
সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আৰচিবিক শুভেচ্ছা জনাই এনেদৰে লিখে, ‘‘একেৰাহে দুটাকৈ আইপিএলৰ খিতাপ জয় কৰাৰ বাবে আৰচিবিলৈ অভিনন্দন ! ক্ৰীড়াক্ষেত্ৰৰ প্ৰত্যাহ্বানটো এনেধৰণৰ যে সফলতাৰ লগে লগে আপুনি সন্মুখীন হোৱা প্ৰশ্নৰ পৰিসৰো সলনি হয় । এবাৰ জয়ী হ’লে প্ৰত্যাহ্বান নেওচি সফলতা লাভ কৰাটোক নুবুজায় ৷ বৰং আপুনি তাক কেনেকৈ একেদৰে বৰ্তাই ৰাখিব পাৰে, সেয়াহে প্ৰমাণ কৰা উচিত ৷ এইটো ছিজনত অতি প্ৰশংসনীয়ভাৱে আৰচিবিয়ে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছিল । এয়া এক উল্লেখযোগ্য কৃতিত্ব !’’
Congratulations to @RCBTweets on winning consecutive @IPL titles. One of the challenges in sport is that success changes the questions you have to answer. After winning once, the task is no longer proving you can do it, but proving you can sustain it. RCB met that challenge…
— Sachin Tendulkar (@sachin_rt) May 31, 2026
কেন্দ্ৰীয় ড'নাৰ আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো দলটোক এক্সৰ জৰিয়তে শুভেচ্ছা জনায় ৷ সিন্ধিয়াই এক্সত প্ৰকাশ কৰা পোষ্টটো আছিল, ‘‘সফলতাৰে আইপিএলৰ খিতাপ জয় কৰাৰ বাবে আৰচিবিলৈ অভিনন্দন ! প্ৰতিযোগিতাখনৰ আটাইতকৈ পৰিপক্ক দল আৰু যোগ্যজনৰ হাতত পুনৰ এবাৰ বিজয়ীৰ ট্ৰফী ৷’’
Congratulations to @RCBTweets on successfully defending their @IPL crown! The most complete team in the tournament and worthy champions once again.
— Jyotiraditya M. Scindia (@JM_Scindia) May 31, 2026
What a sensational season it has been for our legends @Bhuviofficial and @imVkohli, bringing all their experience to the fore and… pic.twitter.com/7T9ykI2zu8
মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক উদ্দেশ্যি লগতে এনেদৰে কয়, ‘‘ভূৱনেশ্বৰ কুমাৰ আৰু বিৰাট কোহলীৰ দৰে আমাৰ প্ৰবীণ খেলুৱৈসকলৰ বাবে কি এক সুন্দৰ ছিজন হৈছিল ৷ তেওঁলোকে নিজৰ অভিজ্ঞতাৰ সহায় লৈ গুৰুত্বপূৰ্ণ সময়ত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে । নিজৰ দলটোক তেওঁলোকে সমুখৰ পৰা নেতৃত্ব দিছিল ৷ দুয়োবাৰেই খিতাপ দখলৰ যুঁজত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল ।’’
আনহাতে, দেশৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে দলটোক উদ্দেশ্যি সামাজিক মাধ্যমত এনেদৰে পোষ্ট কৰে, ‘‘ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ ৰ খিতাপ জয় কৰাৰ লগতে একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুলৈ আন্তৰিক অভিনন্দন ! এই অসাধাৰণ কৃতিত্ব অধ্যৱসায়, অনুশাসন আৰু ব্যতিক্ৰমী দলীয় প্ৰচেষ্টাৰ সাৰ্থকতা । সমগ্ৰ প্ৰতিযোগিতাখনত খেলুৱৈসকলে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দৃঢ়তাৰে প্ৰদৰ্শন আগবঢ়াই সমগ্ৰ দেশৰ লাখ লাখ ক্ৰিকেট অনুৰাগীক অনুপ্ৰাণিত কৰিছিল ।’’
Heartiest congratulations to Royal Challengers Bengaluru on clinching the Indian Premier League 2026 title and scripting history with back-to-back championships!🏆
— Nitin Gadkari (@nitin_gadkari) May 31, 2026
This outstanding achievement reflects grit, discipline, and exceptional teamwork. The players have showcased… pic.twitter.com/7nx889pH7n
তেওঁ পোষ্টটোত লগতে উল্লেখ কৰে যে, এয়া এক অতি আকৰ্ষণীয় অভিযান ৷ যাৰ শিখৰত উপনীত হোৱাৰ লগে লগে স্মৰণীয় জয়ৰ গীত গুঞ্জৰিত হৈছিল ।
ইয়াৰোপৰি কৰ্ণাটকৰ ভাবী মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও দলটোক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ এক্সত এটা পোষ্টৰ কৰি আৰচিবিক শুভেচ্ছা জনাই কয়, ‘‘আজি নিশা পুনৰ এবাৰ বেংগালুৰুৱে বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিলে ৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে আইপিএলৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে আৰচিবিয়ে । দৃঢ়তা, স্থিৰতা আৰু এজন প্ৰকৃত চেম্পিয়নৰ মনোভাৱেৰে দলটোৱে পুনৰবাৰ বেংগালুৰুক গৌৰৱান্বিত কৰিছে । প্ৰতিটো খোজতে দলৰ সৈতে থিয় দিয়া খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু লাখ লাখ অনুৰাগীলৈ অভিনন্দন ।’’
Tonight, Bengaluru rises again as champions!
— DK Shivakumar (@DKShivakumar) May 31, 2026
ಈ ಸಲವೂ ಕಪ್ ನಮ್ದೇ ⭐️⭐️
RCB has created history by clinching a second consecutive IPL title. With grit, composure, and the heart of true champions, the team has once again made Bengaluru proud.
Congratulations to the players,… pic.twitter.com/y2hgXT4m2l
তদুপৰি নিজৰ দলৰ জয়ত উৎফুল্লিত আৰচিবিয়েও সামাজিক মাধ্যমত এক বিশেষ পোষ্ট প্ৰকাশ কৰি ক্ৰিকেট জগতখনত আৰচিবি যুগ আৰম্ভ হোৱা বুলি উল্লেখ কৰে ৷
Ee Sala Nu Cup Namdu! ❤️🔥🏆
— Royal Challengers Bengaluru (@RCBTweets) May 31, 2026
Welcome to the RCB Era, ladies and gentlemen! 😎
You waited, you believed and you stayed… this one’s for you again, 12th Man Army! 🥹❤️#PlayBold #ನಮ್ಮRCB #IPL2026 pic.twitter.com/04qxW21j9q
লগতে পঢ়ক : লাইভ আইপিএল ২০২৬ ফাইনেল LIVE : ৫ উইকেটত গুজৰাটক পৰাস্ত কৰি খিতাপ দখল আৰচিবিৰ

