ETV Bharat / sports

আইপিএল ২০২৬ৰ প্লে অফৰ সূচী চূড়ান্ত; জানক কেতিয়া, কোন দলৰ মাজত ক’ত হ’ব খেল

আইপিএলৰ প্লে অফৰ বাবে ৰাজস্থানে যোগ্যতা অৰ্জন কৰিছে ৷ চাৰিটা দলে ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতাৰ বাবে স্থান নিশ্চিত কৰাৰ লগে লগে প্লে অফৰ ছবিখন স্পষ্ট হৈ পৰিছে৷

IPL 2026 PLAYOFFS SCHEDULE
আইপিএল ২০২৬ৰ প্লে অফৰ সূচী চূড়ান্ত (IANS)
author img

By ETV Bharat Assamese Team

Published : May 25, 2026 at 11:43 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৬ ৰ প্লে অফৰ সূচী চূড়ান্ত কৰা হৈছে ৷ ১৬ পইণ্ট লাভ কৰি ৰাজস্থান ৰয়েলছ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে ৷ দেওবাৰে (২৪ মে’) অনুষ্ঠিত হোৱা লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছে (আৰআৰ) মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ৩০ ৰাণত পৰাস্ত কৰে ৷ মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক নিৰ্ধাৰণ কৰি দিয়া ২০৬ ৰাণৰ লক্ষ্যত দলটো উপনীত হোৱাত ব্যৰ্থ হয় ৷ ৰাজস্থান ৰয়েলছৰ জয়ৰ পাছত পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ৷

আই পি এল ২০২৬ পইণ্টৰ তালিকা

ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰচিবি), গুজৰাট টাইটানছ (জিটি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছআৰএইচ) ইতিমধ্যে প্লে অফৰ বাবে স্থান নিশ্চিত কৰিছিল ৷ পইণ্ট তালিকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু প্ৰথম, গুজৰাট টাইটানছ দ্বিতীয়, ছানৰাইজাৰ্ছ হায়দৰাবাদ তৃতীয় আৰু ৰাজস্থান ৰয়েলছ চতুৰ্থ স্থানত আছে ৷

আইপিএল ২০২৬ প্লে অফ মেচ

আইপিএল ২০২৬ৰ কোৱালিফায়াৰ-১ ২৬ মে’ মঙলবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব । এই মেচত বিজয়ী দলে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব । কোৱালিফায়াৰ-১ত পৰাজিত দলটোৱে দ্বিতীয়বাৰৰ বাবে কোৱালিফায়াৰ-২ত খেলাৰ সুযোগ লাভ কৰিব । ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচত বিজয়ী দলে কোৱালিফায়াৰ-২ত অৱৰ্তীণ হ’ব । কোৱালিফায়াৰ-২ৰ বিজয়ী দলে চূড়ান্ত মেচত কোৱালিফায়াৰ-১ৰ বিজয়ী দলৰ বিৰুদ্ধে চেম্পিয়নশ্বিপ খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ।

আইপিএল ২০২৬ৰ প্লে অফৰ সূচী

কোৱালিফায়াৰ-১ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ক্ৰমে ২৭ মে’ (বুধবাৰ) আৰু ২৯ মে’ (শুকুৰবাৰ)ত অনুষ্ঠিত হ’ব এলিমিনেটৰ আৰু কোৱালিফায়াৰ-২ মেচ । ৩১ মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ।

আইপিএল ২০২৬ৰ প্লে অফৰ সময়সূচী

  • কোৱালিফায়াৰ-১: ২৬ মে’ – ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম গুজৰাট টাইটানছ, ধৰ্মশালা
  • এলিমিনেটৰ : ২৭ মে’ – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ, নিউ চণ্ডীগড়
  • কোৱালিফায়াৰ ২: ২৯ মে’ – কোৱালিফায়াৰ ১ৰ বিজয়ী বনাম এলিমিনেটৰৰ বিজয়ী, নিউ চণ্ডীগড়
  • চূড়ান্ত মেচ : ৩১ মে’ – কোৱালিফায়াৰ ১ৰ বিজয়ী বনাম কোৱালিফায়াৰ ২ৰ বিজয়ী, আহমেদাবাদ

লগতে পঢ়ক : ৰাজস্থানৰ ওপৰত নিৰ্ভৰ কৰিব, প্লে-অফত স্থান সুৰক্ষিত কৰা অন্তিমটো দল কোন হ'ব ?

পাঁচটাকৈ দল, এটাই লক্ষ্যস্থান ; কোন সৌভাগ্যবান দলে প্লে-অফত পাব স্থান

বেংগালুৰুত পৰা স্থানান্তৰিত আইপিএল ২০২৬ৰ ফাইনেল মেচ; জানক ক'ত অনুষ্ঠিত হ'ব ফাইনেল ?