বৰষুণৰ বাবে ১১ অভাৰলৈ হ্ৰাস খেল : মুম্বাইক ২৭ ৰাণত পৰাস্ত ৰাজস্থানৰ
বৈভৱ আৰু জয়ছোৱালৰ আকৰ্ষণীয় ইংনিছৰ সহায়ত ৰাজস্থানে মুম্বাইৰ সন্মুখত ১৫১ ৰাণৰ এক বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷

Published : April 7, 2026 at 11:08 PM IST
|Updated : April 8, 2026 at 7:35 AM IST
গুৱাহাটী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ত্ৰয়োদশ মেচত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ২৭ ৰাণত পৰাস্ত কৰি ছিজনত একেৰাহে তৃতীয়টো জয় পঞ্জীয়ন কৰে ৷ বৰষুণৰ বাবে খেলখন ১১ অভাৰলৈ হ্ৰাস কৰা হয় ৷ টছত হাৰি প্ৰথমে বেটিং কৰি ৰাজস্থানে বৈভৱ সূৰ্যবংশীৰ ৩৯ ৰাণ (১৪) আৰু জয়ছোৱালৰ ৭৭ (৩২)ৰাণৰ সহায়ত ৩ উইকেটত হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰে ৷ মুম্বাইয়ে প্ৰত্যুত্তৰ ১১ অভাৰত ৯ টা উইকেট হেৰুৱাই মুঠ ১২৩ ৰাণ সংগ্ৰহ কৰে আৰু ২৭ ৰাণত পৰাস্ত হয় ৷
ৰাজস্থানৰ চমৎকাৰী বলিং
ৰাজস্থানৰ আকৰ্ষণীয় বলিঙৰ সন্মুখত মুম্বাইৰ শীৰ্ষ অৰ্ডাৰ সম্পূৰ্ণৰূপে ফ্লপ হয় ৷ ৰোহিত শৰ্মাই ৫, ৰিকি পণ্টিঙে ৮, সূৰ্যই ৬, হাৰ্দিক, আৰু তিলক বাৰ্মাই ১৪ ৰাণ সংগ্ৰহ কৰে ৷ নমন ধীৰ আৰু ইমপেক্ট খেলুৱৈ ৰেদাৰফোৰ্ডৰ ২৫-২৫ ৰাণৰ ইংনিছৰ ফলত মুম্বাইয়ে ১০০ ৰাণ সংগ্ৰহ কৰি পৰাজয়ৰ ব্যৱধান হ্ৰাস কৰিবলৈ সক্ষম হয় ৷ ৰাজস্থানৰ হৈ বাৰ্গাৰ, বিষ্ণৈ, সন্দীপে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে তুষাৰ আৰু আৰ্চাৰে এটাকৈ উইকেট দখল কৰে ৷
বৈভৱ আৰু জয়ছোৱালৰ বেটৰ ধুমুহাই তচনচ কৰিলে মুম্বাইক
ইয়াৰ পূৰ্বে বৈভৱ আৰু জয়ছোৱালে সুদৃঢ় আৰম্ভণি প্ৰদান কৰি ৰাজস্থানৰ বাবে এক ডাঙৰ স্ক’ৰৰ ভেটি স্থাপন কৰিছিল ৷ বৈভৱ সূৰ্যবংশীয়ে ১৪টা বলত ৩৯ ৰাণ সংগ্ৰহ কৰে, য’ত এটা চাৰি আৰু ৫টা ছয় আছিল ৷ ইফালে জয়ছোৱালে ৩২টা বলত ৭৭ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ তেওঁ নিজৰ ইনিংছত ১০টা চাৰি আৰু চাৰিটা ছয় মাৰে ৷ এই ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ বঁটাও প্ৰদান কৰা হয় ৷
দুয়োটা দলৰ মূল একাদশ
ৰাজস্থান ৰয়েলছ (মূল একাদশ): বৈভৱ সূৰ্যবংশী, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰিয়ান পৰাগ (অধিনায়ক), শ্বিমৰন হেটমায়াৰ, ড’নভান ফেৰেইৰা, ৰবীন্দ্ৰ জাদেজা, জোফ্ৰা আৰ্চাৰ, নন্দ্ৰে বাৰ্গাৰ, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা ৷
মুম্বাই ইণ্ডিয়ানছ (মূল একাদশ): ৰোহিত শৰ্মা, ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, শ্বাৰদুল ঠাকুৰ, দীপক চহৰ, এ এম গাজানফৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰিত বুমৰাহ ৷
লগতে পঢ়ক: আই পি এল ২০২৬ : দিল্লীৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

