ETV Bharat / sports

IPL 2026 ৰ তাৰিখ ঘোষণা; কেতিয়া অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন, জানি লওক

২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬ । ১০টা দলৰ এই প্ৰতিযোগিতাখনৰ ফাইনেল ৩১ মে’ত অনুষ্ঠিত হ’ব ।

IPL 2026
IPL 2026 ৰ তাৰিখ ঘোষণা (IANS)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 10:20 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : মঙলবাৰে আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি অকচন ৷ নিলামৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ তাৰিখ প্ৰকাশ কৰা হৈছে ৷ ২৬ মাৰ্চৰ পৰা প্ৰতিযোগিতাখন আৰম্ভ হ’ব আৰু বিশ্বৰ জনপ্ৰিয় লীগৰ চূড়ান্ত খেলখন ৩১ মে’ত অনুষ্ঠিত হ’ব ৷ সোমবাৰে (১৫ ডিচেম্বৰ) সন্ধিয়া আবুধাবিত ফ্ৰেঞ্চাইজি আৰু আই পি এলৰ বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত এই কথা ঘোষণা কৰা হয় ৷

৬৬ দিনৰ বাবে অনুষ্ঠিত হ’ব আই পি এল

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, এই প্ৰতিযোগিতাখন ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু মুঠ ৬৬ দিন চলিব বুলি বৈঠকৰ সময়ত সিদ্ধান্ত লোৱা হয় ৷ বৈঠকৰ সময়ত আটাইতকৈ ডাঙৰ বিষয়টো আছিল আই পি এল ২০২৬ৰ খেলসমূহ বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব নে নহয় ৷ আবুধাবিৰ এখন হোটেলত নিলামৰ পূৰ্বে অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰা ফ্ৰেঞ্চাইজি প্ৰতিনিধিসকলে এই বিষয়ে অধিক জানিবলৈ আগ্ৰহী আছিল ৷

মঙলবাৰৰ নিলামৰ পূৰ্বে লীগৰ চিইঅ’ হেমাং আমিনে এক ব্রিফিঙৰ সময়ত আই পি এল ১৯ ছিজনৰ তাৰিখ ঘোষণা কৰে৷ প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়নৰ চহৰত অনুষ্ঠিত হ’ব যদিও চিন্নাস্বামী ষ্টেডিয়ামৰ উপলব্ধতা অনিশ্চিত হৈ আছে ৷

কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই ৰাজ্য চৰকাৰৰ পৰা চৰ্তসাপেক্ষ অনুমোদন লাভ কৰিছে, য’ত আই পি এলৰ খেলসমূহ আয়োজন কৰা হৈছে ৷ অৱশ্যে ইয়াৰ বাবে কিছুমান সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব ৷

কিয় চিন্নাস্বামীত মেচ অনুষ্ঠিত হোৱা নাই ?

৪ জুনত আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত কমেও ১১ জন অনুৰাগীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ পাছৰে পৰা চিন্নাস্বামী ষ্টেডিয়ামত মেচ অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷ তেতিয়াৰ পৰাই ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে উক্ত স্থানত ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিবলৈ অস্বীকাৰ কৰি আহিছে ৷ আনকি বি চি চি আইয়ে মহিলা বিশ্বকাপৰ মেচসমূহো চহৰৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল ৷

লগতে পঢ়ক : আই পি এল নিলামৰ এদিন পূৰ্বে ৱাইল্ড কাৰ্ড এণ্ট্ৰি এইগৰাকী খেলুৱৈৰ...

চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বনে আই পি এলৰ মেচ, কি ক’লে উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ?

TATA IPL 2026 ৰ খেলুৱৈৰ তালিকা ঘোষণা: তালিকাত ২২৪ জন আনকেপড ভাৰতীয় খেলুৱৈ