আই পি এল ২০২৬ নিলাম : কেমেৰন গ্ৰীণ হৈ পৰিল বিদেশী খেলুৱৈৰ আটাইতকৈ দামী খেলুৱৈ, ভাৰতীয় আনকেপড খেলুৱৈৰ ওপৰতো বৰষিল ধনৰ বৰষুণ
কোন ক্ৰিকেটাৰক কোনে কিমান টকাত কিনিলে জানো আহক...

By ANI
Published : December 16, 2025 at 7:47 PM IST
হায়দৰাবাদ : আজি (বুধবাৰ) দুপৰীয়া ২:৩০ বজাৰ পৰা আবুধাবিত আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)ৰ ২০ সংখ্যক সংস্কৰণৰ ২০২৬ৰ মিনি নিলাম । বহিঃৰাষ্ট্ৰত একেৰাহে তৃতীয়বাৰৰ বাবে নিলাম অনুষ্ঠিত হৈছে ।
যোৱা সপ্তাহত বি চি চি আয়ে চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতো কেইবাগৰাকীও ক্ৰিকেটাৰক নিলামত অন্তৰ্ভুক্ত কৰা হৈছে । মুঠ ৩৬৯ গৰাকী ক্ৰিকেটাৰে এই মিনি নিলামত অংশগ্ৰহণ কৰিছে । ইয়াৰে ২৫১জন ভাৰতীয় আৰু ১১৮ জন বিদেশী ক্ৰিকেটাৰ । ৭৭টা স্লটৰ বাবে চলিছে এই যুঁজ ।
ইতিমধ্যে বহু কেইগৰাকী ক্ৰিকেটাৰক নিলামত ক্ৰয় কৰা হৈছে । সেইসমূহ ক্ৰিকেটাৰৰ বিষয়ে জানো আহক-
📽️ Cameron Green is a KNIGHT 💜
— IndianPremierLeague (@IPL) December 16, 2025
The all-rounder had the auction room buzzing 🔥
He becomes the most expensive overseas pick in the history of #TATAIPLAuction 😮👏#TATAIPL pic.twitter.com/DtB9aixO3o
- চেন্নাই চুপাৰ কিংছ (CSK)
কাৰ্তিক শৰ্মা ১৪.২০ কোটি টকা
প্ৰশান্ত বীৰ ১৪.২০ কোটি টকা
আকিয়াল হোছেইন ২ কোটি টকা
- লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)
মুকুল চৌধুৰী ২.৬ কোটি টকা
ৱানিন্দু হাছাৰংগা ২ কোটি টকা
এনৰিচ নৰ্টজে ২ কোটি টকা
- কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)
ফিন এলেন ২ কোটি টকা
তেজস্বী সিং ৩ কোটি টকা
কেমেৰন গ্ৰীণ ২৫.২০ কোটি টকা
মথিশা পথিৰানা ১৮ কোটি টকা
কাৰ্তিক ত্যাগী ৩০ লাখ টকা
প্ৰশান্ত সোলংকী ৩০ লাখ টকা
- দিল্লী কেপিটেলছ (ডি চি)
বেন ডাকেট ২ কোটি টকা
ডেভিড মিলাৰ ২ কোটি টকা
আকিব নবী দাৰ ৮.৪০ কোটি টকা
- মুম্বাই ইণ্ডিয়ানছ (এম আই)
কুইণ্টন ডি কক ১ কোটি টকা
- ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (RCB)
ভেংকটেশ আয়েৰ ৭ কোটি টকা
জেকব ডাফী ২ কোটি টকা
- ৰাজস্থান ৰয়েলছ আৰ আৰ
ৰবি বিষ্ণোই ৭.৪ কোটি টকা
সুশান্ত মিশ্ৰ ৯০ লাখ টকা
বিগনেশ পুথুৰ ৩০ লাখ টকা
যশৰাজ পঞ্জা ৩০ লাখ টকা
- ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH)
শিৱাং কুমাৰ ৩০ লাখ টকা
- গুজৰাট টাইটানছ (জিটি)
অশোক শৰ্মা ৯০ লাখ টকা
ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ বেগী বলাৰ মংগেশ যাদৱক আৰচিবিয়ে ৫.২০ কোটি টকাত ক্ৰয় কৰে । তেওঁৰ ভিত্তি মূল্য আছিল ৩০ লাখ টকা । ভাৰতীয় বেষ্ট বলাৰ চাকিব হুছেইনক হায়দৰাবাদে ৩০ লাখ টকাৰ ভিত্তি মূল্যত ক্ৰয় কৰিছিল । ইয়াৰ পূৰ্বে ছাকিব কে কে আৰৰ সৈতে আছিল ।
Make way for Mustafizur Rahman, @KKRiders fans! 💜
— IndianPremierLeague (@IPL) December 16, 2025
The left-arm quick will play for the 3⃣-time champions at INR 9.2 Crore 💰#TATAIPL | #TATAIPLAuction pic.twitter.com/TWALm1MdKx
অষ্ট্ৰেলিয়াৰ যুৱ অলৰাউণ্ডাৰ কপাৰ কনলিক পঞ্জাব কিংছে ৩ কোটিত ক্ৰয় কৰে । তেওঁৰ ভিত্তি মূল্য আছিল ২ কোটি টকা । লগতে অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ জেক এডৱাৰ্ডছক হায়দৰাবাদে ৩ কোটি টকাত ক্ৰয় কৰে ।
আই পি এল ২০২৬ৰ মিনি নিলামত সৰ্বাধিক দামী খেলুৱৈৰ তালিকাত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীনে আগবাঢ়ি আছে । দ্বিতীয় স্থানত শ্ৰীলংকাৰ পাথিৰানা, তৃতীয় আৰু চতুৰ্থ স্থানত আছে ভাৰতৰ দুই অকপেপড খেলুৱৈ প্ৰশান্ত বীৰ আৰু কাৰ্তিক শৰ্মা, পঞ্চম স্থানত আছে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজ উৰ ৰহমান ।
চৰফৰাজ খানক চেন্নাইয়ে ৭৫ লাখ টকাত ক্ৰয় কৰে । যোৱা ছিজনত তেওঁ বিক্ৰী নোহোৱাকৈয়ে গৈছিল । তেওঁৰ ভাতৃয়ে পঞ্জাব কিংছৰ হৈ খেলি আছে ।
প্ৰথম ৰাউণ্ডত বিক্ৰী নোহোৱাৰ পিছত ইংলেণ্ডৰ লিয়াম লিভিংষ্টনক দ্বিতীয় ৰাউণ্ডত হায়দৰাবাদে ১৩ কোটি টকাত ক্ৰয় কৰে । তেওঁৰ ভিত্তি মূল্য আছিল ২ কোটি টকা ।
কেকেআৰে আকাশদ্বীপক ১ কোটি টকা আৰু ৰচিন ৰবিন্দ্ৰক ২ কোটি টকাৰ ভিত্তি মূল্যত ক্ৰয় কৰে ।
Starts at INR 30 Lakh..
— IndianPremierLeague (@IPL) December 16, 2025
..SOLD for INR 𝟱.𝟮 𝗖𝗿𝗼𝗿𝗲 😮
Pacer Mangesh Yadav will play for defending champions @RCBTweets ❤️#TATAIPL | #TATAIPLAuction pic.twitter.com/RH2vAwzmcQ
প্ৰথম ৰাউণ্ডত বিক্ৰী নোহোৱাৰ পিছত লেগ স্পিনাৰ ৰাহুল চহৰে দ্বিতীয় ৰাউণ্ডত যথেষ্ট পৰিমাণৰ ধন লাভ কৰে । তেওঁক চি এছ কেয়ে ৫.২০ কোটি টকাত ক্ৰয় কৰং । চহৰৰ ভিত্তি মূল্য আছিল ১ কোটি টকা ।
আনহাতে, অষ্ট্ৰেলিয়াৰ বেগী বলাৰ বেন দ্বাৰশ্বুইছক পঞ্জাব কিংছে ৪.৪০ কোটি টকাত ক্ৰয় কৰা হয় ।
অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ-বেটছমেন জোছ ইংলিছ প্ৰথম ৰাউণ্ডত বিক্ৰী নোহোৱা হৈ যোৱাৰ পিছত দ্বিতীয় ৰাউণ্ডত লক্ষ্ণৌৱে ৮.৬০ কোটি ৮.৬০ কোটি টকাত ক্ৰয় কৰে । তেওঁৰ ভিত্তি মূল্য আছিল ২ কোটি টকা ।
দ্বিতীয় ৰাউণ্ডত দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ লুংগি ঙিডিকো বিক্ৰী কৰা হয় । দিল্লীয়ে তেওঁৰ ভিত্তি মূল্য ২ কোটি টকা । তেওঁ প্ৰথম ৰাউণ্ডত বিক্ৰী নোহোৱাকৈ ৰৈ গৈছিল ।

