ভাৰতীয় ভলীবল ফেডাৰেচনৰ স্বীকৃতি বাতিল আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ
এফআইভিবিয়ে বৰ্তমানৰ কৰ্ণধাৰ সমিতিক দেশৰ ভলীবল খেলক সুৰক্ষিত প্ৰদানৰ লগতে খেলুৱৈসকলৰ কল্যাণৰ দিশটো চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰিছে ।

Published : April 22, 2026 at 1:37 PM IST
নতুন দিল্লী : দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক বেয়া খবৰ । এই খবৰটো আহিছে ভলীবল ক্ষেত্ৰৰ পৰা । বিশ্ব ভলীবল সংস্থা এফআইভিবিয়ে (ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবল) বাতিল কৰিছে ভাৰতীয় ভলীবল ফেডাৰেচনৰ স্বীকৃতি ।
মঙলবাৰে এফআইভিবিয়ে 'আইনী আৰু প্ৰশাসনিক প্ৰয়োজনীয়তা' উলংঘনৰ বাবে ভাৰতীয় ভলীবল ফেডাৰেচনৰ স্বীকৃতি তৎকালীনভাৱে বলৱৎ হোৱাকৈ বাতিল কৰে । নিৰ্বাচনৰ ক্ষেত্ৰত 'দুৰ্বল আৰু অবৈজ্ঞানিক সুবিধা' আৰু খেলুৱৈ বাছনিত 'ৰাজনীতি'ৰ বিৰোধিতাৰে দুগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে ৰাষ্ট্ৰীয় শিবিৰ ত্যাগ কৰাৰ কিছুদিন পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।
ভাৰতীয় অলিম্পিক সন্থাৰ কাৰ্যবাহী পৰিষদৰ সদস্য ৰোহিত ৰাজপাল, চিইঅ’ ৰঘুৰাম লায়াৰ, এফআইভিবিৰ সাধাৰণ ক্ৰীড়া সঞ্চালক ষ্টিভ টাটন, এফআইভিবিৰ আইনী পৰিক্ৰমা মুৰব্বী আৰু সাধাৰণ পৰামৰ্শদাতা ষ্টিফেন বক আৰু হিতেশ মালহোত্ৰাৰে গঠিত বৰ্তমানৰ কৰ্ণধাৰ সমিতিক দেশত ক্ৰীড়াক সুৰক্ষিত কৰাৰ লগতে খেলুৱৈসকলৰ কল্যাণৰ দিশটো চোৱাচিতা কৰিবলৈ এফআইভিবিয়ে দায়িত্ব অৰ্পণ কৰিছে ।
মঙলবাৰলৈকে ভিএফআইৰ কাম-কাজ চোৱাচিতা কৰি থকা কমিটীয়ে দায়িত্ব অব্যাহত ৰাখিব বুলি আয়াৰে পিটিআইক জনায় । বিশ্ব সংস্থাটোৱে এক বিবৃতিত কয়, "এফআইভিবি সাধাৰণ নিয়মাৱলীৰ ১.৫.৩ আৰু ১.৯.১ অনুচ্ছেদ অনুসৰি এফআইভিবি প্ৰশাসনিক ব’ৰ্ডে নিৰ্ধাৰণ কৰিছে যে এফআইভিবিয়ে স্থাপন কৰা আইনী আৰু প্ৰশাসনিক প্ৰয়োজনীয়তাক ভাৰতীয় ভলীবল ফেডাৰেচনৰ অন্তৱৰ্তীকালীন নেতৃত্বই সন্মান জনোৱা নাই ।"
লগতে কোৱা হৈছে, "সেই হিচাপে ভিএফআইৰ অস্থায়ী স্বীকৃতি তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে । ভাৰতত ভলীবলৰ কাৰ্যকলাপ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ এখন কৰ্ণধাৰ সমিতিক অস্থায়ী প্ৰশাসনিক দক্ষতা প্ৰদান কৰা হৈছে । ইয়াত এফআইভিবি আৰু ইণ্ডিয়ান অলিম্পিক এছোচিয়েচনৰ প্ৰতিনিধি আছে ।"
এফআইভিবিয়ে কয় যে খেলুৱৈসকলৰ কল্যাণ আৰু সমৰ্থন তেওঁলোকৰ এতিয়াও শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয় আৰু ইয়াৰ বাবে সংকটকালত ধাৰাবাহিকতা, স্থিতিশীলতা আৰু সঠিক শাসন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে কৰ্ণধাৰ সমিতিক দায়িত্ব দিয়া হৈছে ।
"তেওঁলোকৰ দায়িত্বত নিম্নোক্ত আদালত-নিৰ্দেশিত ক্ষেত্ৰসমূহ সামৰি লৈছে: খেলুৱৈ আয়োগ স্থাপন; ৰাজ্যিক সংস্থাৰ নিৰ্বাচন পৰিচালনা আৰু প্ৰযোজ্য আইনী আৰু শাসন আন্তঃগাঁথনিৰ সৈতে ভিএফআই সংবিধানৰ সংহতি স্থাপন।" বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে ।
"ইয়াৰ উপৰি কৰ্ণধাৰ সমিতিখনে স্বচ্ছ, মেধাভিত্তিক ৰাষ্ট্ৰীয় দল নিৰ্বাচন ৰূপায়ণৰ কাম কৰিব, আগন্তুক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ সমন্বয় সাধন কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক বিশেষজ্ঞৰ নিয়োগকে ধৰি এফআইভিবি ভলীবল সবলীকৰণ কাৰ্যসূচীৰ জৰিয়তে কাৰিকৰী আৰু উচ্চ প্ৰদৰ্শনমূলক সহায় আগবঢ়াব ।” বিবৃতিটোত কোৱা হৈছে ।
লগতে কোৱা হৈছে, "এই কাৰ্যসূচীৰ অধীনত, এফআইভিবিয়ে ভাৰতৰ পুৰুষ-মহিলা উভয় লিংগ আৰু শাখাৰ খেলুৱৈৰ সমৰ্থন আৰু ৰাষ্ট্ৰীয় দলৰ বিকাশৰ দিশত ২০২৬ চনত ২৫৮,০০০ মাৰ্কিন ডলাৰৰ অৱদান আগবঢ়াব । লগতে ভাৰতীয় ভলীবলৰ বাবে অধিক শক্তিশালী, অধিক স্বচ্ছ ভৱিষ্যতৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তুলিব ।"
উল্লেখ্য যে প্ৰশাসনিক নীতি-নিয়ম মানি চলাৰ চৰ্তত ভাৰতীয় সংস্থাটোক এফআইভিবিয়ে মাত্ৰ আঠ মাহৰ অন্তৰ্ৱৰ্তীকালীন স্বীকৃতি দিছিল । ১২ এপ্ৰিলত ভাৰতীয় ভলীবল সংস্থাত অশান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছিল । আহমেদাবাদৰ ৰাষ্ট্ৰীয় শিবিৰৰ পৰা দুগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে 'অযোগ্য প্ৰশিক্ষক', বিদেশী প্ৰশিক্ষক ড্ৰাগান মিহাইলোভিচক অপসাৰণ, শিবিৰৰ স্থানত 'দুৰ্বল আৰু অবৈজ্ঞানিক সুবিধা' আৰু খেলুৱৈ বাছনিৰ ক্ষেত্ৰত 'ৰাজনীতি'ক লৈ আপত্তি দৰ্শাই আঁতৰি যায় ।
আহমেদাবাদৰ ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণৰ কেন্দ্ৰত (Sports Authority of India, SAI) উন্নত সুবিধা বিচাৰি আইঅ’এৰ সৈতে হোৱা গোপনীয় যোগাযোগ ভিএফআইলৈ ফাদিল হোৱাৰ পিছত লিবাৰো (ডিফেন্সিভ পজিচন) আনন্দ কে আৰু মিডল ব্লকাৰ জন জোচেফে শিবিৰ এৰি যায় ।
আনহাতে, ভিএফআয়ে নিজৰ ফালৰ পৰা এই অভিযোগ অস্বীকাৰ কৰি ইয়াক 'ৰাজনীতি' বুলি অভিহিত কৰিছে । আনন্দে পিটিআইৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে তেওঁলোকক ক্ষমা বিচাৰিবলৈ আৰু বিভিন্ন উদ্বেগ সম্বন্ধীয় “সাতৰ পৰা আঠটা ই-মেইল” অস্বীকাৰ কৰিবলৈ কোৱা হৈছিল । কিন্তু তেওঁলোকে ভিএফআইৰ দ্বাৰা নিষেধাজ্ঞাৰ আগতীয়া আশংকা সত্ত্বেও সেয়া অস্বীকাৰ কৰিছিল ।
"এইটো আমাৰ কেৰিয়াৰৰ বাবে ভয়ংকৰ হ'ব, কিন্তু সত্যটো হ'ল, আমি এনেদৰে খেলি যাব নালাগে । কোনো বিশ্লেষণ নাই, কোনো শুধৰণি নাই, প্ৰশিক্ষকসকলে একো নাজানে, তেওঁলোকে ১৯৫০ দশকত জীয়াই আছে । যিগৰাকী খেলুৱৈয়ে পৰিৱৰ্তন আনিছিল (ছাৰ্বিয়াৰ ড্ৰেগান মিহাইলোভিচ) তেওঁক কোনো স্পষ্ট কাৰণ নোহোৱাকৈ আঁতৰাই দিয়া হৈছে ।" তেওঁলোকে অভিযোগ কৰে ।
"আমাৰ দলটো ৰেংকিঙত নাছিলোঁ, কিন্তু যোৱা বছৰ উজবেকিস্তানত অনুষ্ঠিত চেণ্ট্ৰেল এছিয়ান ভলীবল এছ'চিয়েচন (CAVA) প্ৰতিযোগিতাত আমি ৰাণাৰ্ছ আপ হৈছিলোঁ । আমি উন্নতি কৰিব লাগিব; প্ৰতিখন দেশৰ বিকাশ হৈছে, কিন্তু আমি এনেধৰণৰ কাম কৰি অৱনমিত হৈছোঁ ।" লগতে কয় ।
তেওঁ লগতে কয়, "শিবিৰৰ সকলোৰে অনুভৱ একে যদিও তেওঁলোকে জন আৰু মোৰ দৰে খোলাকৈ কথা ক’বলৈ অনিচ্ছুক ।"
ভিএফআয়ে কয় যে খেলুৱৈ দুগৰাকীয়ে শিবিৰ এৰি যোৱাৰ বিষয়ে তেওঁলোক অজ্ঞাত । কিন্তু তেওঁলোকক জোৰ-জবৰদস্তি কৰা বুলি কৰা অভিযোগ অস্বীকাৰ কৰে ।
উল্লেখ্য যে আহমেদাবাদত অহা ২০ৰ পৰা ২৮ জুনলৈ নৰনপুৰাৰ বীৰ সাৱৰকাৰ ক্ৰীড়া কমপ্লেক্সত এছিয়ান ভলীবল কনফেডাৰেচন (এভিচি) পুৰুষ কাপৰ আয়োজন কৰা হ’ব । এই প্ৰতিযোগিতাত ১২ খন দেশে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

