ভাৰতে জয় কৰিলে আন এখন বিশ্বকাপ; নেপালক পৰাস্ত কৰি ইতিহাসৰ ৰচনা মহিলা অন্ধ ক্ৰিকেট দলৰ
ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলে প্ৰথমখন দৃষ্টিহীনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰে ।

Published : November 23, 2025 at 11:02 PM IST
হায়দৰাবাদ : হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটোৱে যোৱা ২ নৱেম্বৰত প্ৰথমটো বিশ্বকাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল । ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পাছত এইবাৰ দৃষ্টিহীনৰ বাবে উদ্বোধনী টি-২০ বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিলে মহিলা দৃষ্টিহীন ক্ৰিকেট দলে । এই দুটা ঐতিহাসিক বিজয়ে দেশত মহিলা ক্ৰিকেটৰ ক্ৰমবৰ্ধমান মৰ্যাদা প্ৰদৰ্শন কৰিছে ।
কলম্বোত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় মহিলা দলে নেপালক ৭ উইকেটত পৰাস্ত কৰে । প্ৰথমে টছ জয়ী হৈ বলিং কৰি ভাৰতে নেপালক ২০ অভাৰত ৫ উইকেটত ১১৪ ৰাণত সীমাবদ্ধ ৰাখে । ইয়াৰ পাছত ভাৰতীয় দলটোৱে মাত্ৰ ১২.১ অভাৰতে লক্ষ্য অৰ্জন কৰে আৰু খিতাপ দখল কৰে ।
CHAMPIONS! 🏆💙
— Cricket Association for the Blind in India (CABI) (@blind_cricket) November 23, 2025
A journey of hard work, heart, and sheer determination — and they did it!
Every player, every moment, every effort… it all led to this.
So proud of this incredible team! 🇮🇳🔥#Champions #TeamIndia #Victory #Finals #ProudMoment #CricketFamily pic.twitter.com/CjVUFWYwlC
ফৌলা ছাৰিনে চাৰিটা চাৰিৰ সহায়ত ২৭টা বলত অপৰাজিত ৪৪ ৰাণ সংগ্ৰহ কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰত অপৰাজিত হৈ থাকে ।
ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ উইকেটত জয় নিশ্চিত কৰাৰ বিপৰীতে নেপালে দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
The moment the final FOUR was hit… the entire team ran in with joy!
— Cricket Association for the Blind in India (CABI) (@blind_cricket) November 23, 2025
Scenes we will remember forever! 🥳💙
India are the champions! 🏆🇮🇳
Victory earned. Joy shared. Moments captured. 💙#Champions #WinningMoments #TeamIndia #Proud #Finals #CricketLove pic.twitter.com/yAeA7N1q0N
টি২০ দৃষ্টিহীন বিশ্বকাপ ২০২৫ দল
ভাৰত, নেপাল, পাকিস্তান, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, আৰু আমেৰিকাই টি-২০ দৃষ্টিহীন বিশ্বকাপত অংশ লৈছিল । নতুন দিল্লী আৰু বেংগালুৰুত লীগ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে শ্ৰীলংকাৰ কলম্বোত নকআউট মেচ অনুষ্ঠিত হয় ।
INDIA ARE CHAMPIONS! 🇮🇳🏆🔥
— Cricket Association for the Blind in India (CABI) (@blind_cricket) November 23, 2025
India win the final by 7 wickets!
A classy FOUR by Phula Saren (B3) to fine leg seals the victory in style.
Chase wrapped up in 12.1 overs — absolute dominance! 💙🇮🇳
Nepal: 114/5 (20 overs)
India: 117/3 (12.1 overs)#INDvsNEP #Final #BlindCricket pic.twitter.com/R14XFYY2Ec
ভাৰতৰ বিশ্বকাপ যাত্ৰা
- শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰে
- ২০৯ ৰাণত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে
- নেপালক ৮৫ ৰাণত পৰাস্ত কৰে
- আমেৰিকাক ১০ উইকেটত পৰাস্ত কৰে
- পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰে
- ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে
- ফাইনেলত নেপালক ৭ উইকেটত পৰাস্ত কৰে
ভাৰতীয় মহিলা দলৰ এই আকৰ্ষণীয় জয় দেশৰ দৃষ্টিহীন ক্ৰিকেটৰ বাবেও এক ডাঙৰ মাইলৰ খুঁটি । এই জয়ে আগন্তুক বছৰবোৰত এই ক্ৰীড়াক অধিক স্বীকৃতি আৰু বিকাশৰ পথ প্ৰশস্ত কৰিছে ।

