'ছাৰ'ৰ শুনানিত হাজিৰ মহম্মদ ছামী
মূলতঃ উত্তৰ প্ৰদেশৰ মহম্মদ ছামীয়ে ক্ৰিকেট কেৰিয়াৰৰ বাবে কেইবাবছৰ ধৰি কলকাতাত বাস কৰি আহিছে ।

Published : January 20, 2026 at 6:53 PM IST
কলকাতা : পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ 'ছাৰ'ৰ (Special Intensive Revision) নিৰ্ধাৰিত শুনানিৰ বাবে মঙলবাৰে কলকাতাত নিৰ্বাচনী বিষয়াৰ সন্মুখত হাজিৰ হয় ভাৰতীয় পেচাৰ মহম্মদ ছামী । দক্ষিণ কলকাতাৰ বিক্ৰমগড় অঞ্চলৰ এখন বিদ্যালয়ত প্ৰয়োজনীয় নথি-পত্ৰ লৈ নিৰ্বাচনী বিষয়াৰ সন্মুখত আজি ছামী হাজিৰ হয় ।
শুনানি সম্পূৰ্ণ হোৱাৰ পিছত ছামীয়ে কয় যে ছাৰত অংশগ্ৰহণ সকলোৰে দায়িত্ব আৰু এই প্ৰক্ৰিয়াৰ সময়ত সকলোৱে সহযোগিতা কৰা উচিত । ছামীয়ে সাংবাদিকৰ আগত কয়, "কোনো সমস্যা নাই । ছাৰ সকলোৰে অধিকাৰ আৰু আমি সকলোৱে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব । এয়া আমাৰ দায়িত্ব । ই কাৰো ক্ষতি কৰা নাই ।"
তেওঁ লগতে কয়, "মই কোনো সমস্যাৰ সন্মুখীন হোৱা নাই আৰু তেওঁলোকে (নিৰ্বাচনৰ বিষয়াসকলে) ইয়াক ভালদৰে চম্ভালিছে । মই যোৱা ২৫ বছৰ ধৰি ইয়াত আছোঁ । যদি তেওঁলোকে মোক আকৌ ফোন কৰে তেন্তে মই আকৌ আহিম ।" ৰাজ্যখনৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ছামীয়ে পূৰণ কৰা গণনা প্ৰ-পত্ৰত কিছু অমিল আছিল, যাৰ বাবে তেওঁক শুনানিৰ বাবে মাতি অনা হৈছিল ।
বিষয়াগৰাকীৰ মতে, ভাৰতীয় পেচাৰগৰাকীয়ে শুনানি প্ৰক্ৰিয়াৰ অংশ হিচাপে পাছপ’ৰ্ট লৈ হাজিৰ হয়, যিটো প্ৰায় ১৫ মিনিটৰ ভিতৰতে সম্পূৰ্ণ হয় । উল্লেখ্য যে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা ছামীয়ে ক্ৰিকেট কেৰিয়াৰৰ বাবে কেইবাবছৰ ধৰি কলকাতাত বাস কৰি আহিছে ।
ৰাশবেহাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কলকাতা পৌৰ নিগমৰ ৯৩ নং ৱাৰ্ডৰ ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত ক্ৰিকেটাৰগৰাকী । ভাৰতীয় পেচাৰগৰাকী আৰু তেওঁৰ ভাতৃ মহম্মদ কাঈফক শুনানিৰ বাবে হাজিৰ হ’বলৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছিল ।
নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়, "ছামীয়ে বিজয় হাজাৰে ট্ৰফীত বংগক প্ৰতিনিধিত্ব কৰি ৰাজকোটত থকাৰ বাবে পূৰ্বৰ তাৰিখত শুনানিৰ বাবে উপস্থিত থাকিব নোৱাৰিলে । সেয়ে নতুন তাৰিখ জাৰি কৰা হয় ।"

