ETV Bharat / sports

নিশাটোৰ ভিতৰতে সলনি হ'ল টীম ইণ্ডিয়াৰ জাৰ্ছীৰ ৰং, কিন্তু কিয় ?

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্টৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰেকটিছ জাৰ্ছীৰ ৰং সলনি কৰা হয় ।

Indian cricket team practice Jersey color changes ahead of India vs South Africa 1st test at Kolkata Eden gardens
সলনি হ'ল ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীৰ ৰং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 11:51 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ১৪ নৱেম্বৰ শুকুৰবাৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দুখনকৈ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দলে । দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাৰ বিৰুদ্ধে এই শৃংখলাত টীম ইণ্ডিয়াৰ নেতৃত্ব দিব শুভমন গিলে । পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । তাৰ পূৰ্বে আহিল ভাৰতীয় ক্ৰিকেট দলৰ এটা বিশেষ খবৰ ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ পূর্বে সলনি হৈছে টীম ইণ্ডিয়াৰ জাৰ্ছীৰ ৰং ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰেকটিছ কিটত অন্তৰ্ভুক্ত জাৰ্ছীৰ ৰং সলনি কৰা হৈছে । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম প্ৰেকটিছ জাৰ্ছী বেঙুনীয়া ৰঙৰ আছিল, যিটো দেখিবলৈ যথেষ্ট আকৰ্ষণীয় আছিল ।

বৰ্তমান বেঙুনীয়া ৰঙৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীত আন এটা ৰং সংযোজন কৰা হৈছে । বেঙুনীয়া ৰংটোক আৰু অধিক পাতল কৰা হৈছে, যাৰ ফলত টীম ইণ্ডিয়াৰ প্ৰেকটিছ জাৰ্ছী অধিক আকৰ্ষণীয় আৰু মাৰ্জিতহেন দেখা গৈছে । এইবাৰ বেঙুনীয়া ৰংটো ওপৰত ৰখা হৈছে, আনহাতে তলত পাতল কমলা ৰঙৰ ৰং সংযোজন কৰা হৈছে, যাৰ ফলত দলটোৰ অনুশীলন জাৰ্ছী অতি আকৰ্ষণীয় হৈ পৰিছে ।

Indian cricket team practice Jersey color changes ahead of India vs South Africa 1st test at Kolkata Eden gardens
নতুন জাৰ্ছীৰ সৈতে ভাৰতীয় ক্ৰিকেট দল (ETV Bharat Assam)

ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমখন টেষ্ট মেচৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনত অনুশীলনত অংশগ্ৰহণ কৰে । অনুশীলনৰ সময়ত ভাৰতীয় খেলুৱৈসকলে এই নতুন জাৰ্ছী পিন্ধা পৰিলক্ষিত হয় । এই আকৰ্ষণীয় জাৰ্ছী পৰিধান কৰি দলৰ সদস্যসকলে নেটত যথেষ্ট কষ্ট কৰে ।

অনুশীলনৰ সময়ত যশস্বী জয়ছোৱাল, সাই সুদৰ্শন, অধিনায়ক শুভমন গিল, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহকে ধৰি সকলো খেলুৱৈ উপস্থিত থাকে । অনুশীলনৰ সময়ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰেও খেলুৱৈৰ সৈতে কথা পতা পৰিলক্ষিত হয় ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট দল:

শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ, উপ অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, দেৱদত্ত পডিক্কাল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছিৰাজ, কুলদীপ যাদৱ, আকাশ দীপ ।

লগতে পঢ়ক: পাকিস্তানৰ বিৰুদ্ধে ত্ৰিদলীয় শৃংখলাৰ দল ঘোষণা, কাৰ হাতত থাকিব দলৰ নেতৃত্ব

কেতিয়া আৰু ক’ত হ’ব আই পি এলৰ নিলাম: গ্ৰহণ কৰা হৈছে সিদ্ধান্ত