ETV Bharat / sports

কিয় ক’লা বেজ পিন্ধি খেলপথাৰত নামিল টীম ইণ্ডিয়া !

মহিলা এদিনীয়া বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলে ক’লা বেজ পৰিধান কৰি খেলপথাৰত নামিছে ।

IND W VS AUS W SEMI FINAL
ভাৰতীয় মহিলা ক্ৰিকেট দল (IANS)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 6:01 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : মহিলা বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দুয়োটা দলে ক’লা বেজ পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হৈছে । ভাৰতীয় মহিলা ক্ৰিকেট দলে কিয় ক'লা বেজ পৰিধান কৰিছে জানেনে !

ছেমি ফাইনেলত কিয় ক’লা বেজ পৰিধান কৰিলে দুয়োটা দলে ?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেল খেলৰ সময়ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলৰ সদস্যসকলে বেন অষ্টিনৰ স্মৃতিত ক’লা বেজ পৰিধান কৰে । মেলবৰ্ণত প্ৰশিক্ষণৰ সময়ত ডিঙিত বলৰ আঘাতৰ ফলত ১৭ বছৰীয়া অষ্ট্ৰেলিয়ান কিশোৰ বেন অষ্টিনৰ মৃত্যু হয় । এই মৰ্মান্তিক ঘটনাৰ স্মৃতিত দুয়োটা দলে ক’লা বেজ পিন্ধিছিল ।

মেলবৰ্ণত অনুশীলনৰ সময়ত বল লগাত মৃত্যু হয় অষ্ট্ৰেলিয়াৰ এজন উদীয়মান যুৱ ক্ৰিকেটাৰৰ । সংবাদ সংস্থা এ এফ পিৰ মতে, মঙলবাৰে ফাৰ্নট্ৰি গালিৰ ভলীবল ৰিজাৰ্ভত প্ৰশিক্ষণ লৈ আছিল ১৭ বছৰীয়া বেন অষ্টিনে । কিশোৰজনে হেলমেট পিন্ধি অটোমেটিক বলিং মেচিনৰ পৰা অহা বলৰ বিৰুদ্ধে নেটত বেটিঙৰ অনুশীলন কৰি আছিল । বল আহি তেওঁৰ মূৰ আৰু ডিঙিত আঘাত হানে ।

অষ্টিন আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে পেৰামেডিকেলৰ লোকসকল সেই স্থানত উপস্থিত হয় আৰু অষ্টিনক সংকটজনক অৱস্থাত মনাছ মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয় । কিন্তু চিকিৎসকৰ বহু চেষ্টাৰ পিছতো তেওঁক বচাব পৰা নাছিল । অষ্টিনে খেলা ফাৰ্ণ্ট্ৰি গালি ক্ৰিকেট ক্লাবে এই কথা নিশ্চিত কৰি এক বিবৃতি প্ৰকাশ কৰি শোক প্ৰকাশ কৰে ।

ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলৰ প্লেয়িং ইলেভেনত পৰিৱৰ্তন

এই খেলখনত ভাৰতীয় ক্ৰিকেট দলে টছত পৰাস্ত হয় । টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰিবলৈ বাছি লয় । অষ্ট্ৰেলিয়াই মূল একাদশত মাত্ৰ দুটা পৰিৱৰ্তন কৰে । দলটোত জৰ্জিয়া ভল আৰু জৰ্জিয়া বেহৰামৰ ঠাইত এলিছা হিলি আৰু ছফী মলিনেক্সে স্থান লাভ কৰে ।

ইফালে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে ৰিচা ঘোষ আৰু ক্ৰান্তি গৌড়ক ছেমি ফাইনেলৰ বাবে দললৈ নিমন্ত্ৰণ কৰাৰ বিপৰীতে শ্বেফালী বাৰ্মাই আঘাতৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱৰা অ’পেনাৰ প্ৰতিকা ৰাৱলৰ ঠাইত স্থান লাভ কৰিছে । উমা ছেত্ৰী আৰু হৰলিন দেওলক বাদ দিয়া হৈছে ।

লগতে পঢ়ক : টছত জিকি ভাৰতক প্ৰথমে বলিং কৰিবলৈ আমন্ত্ৰণ অষ্ট্ৰেলিয়াৰ

বৰষুণৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল মেচখন বাতিল হ’লে কি হ’ব ? কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব ?

বিশ্বকাপৰ ফাইনেল লীগৰ মেচ বাতিল, ছেমি ফাইনেলৰ পূৰ্বে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰতীকা