ETV Bharat / sports

ভাৰতীয় মহিলাৰ ইতিহাস সৃষ্টি, অষ্ট্ৰেলিয়াক ঘৰুৱা খেলপথাৰৰ শৃংখলাত কৰিলে পৰাস্ত

প্ৰথমে বেটিং কৰি ভাৰতে অষ্ট্ৰেলিয়াক ১৭৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৯ ৰাণহে সংগ্ৰহ কৰে ।

IND VS AUS WOMEN T20I
ভাৰতীয় মহিলাৰ ইতিহাস সৃষ্টি, অষ্ট্ৰেলিয়াক ঘৰুৱা খেলপথাৰৰ শৃংখলাত কৰিলে পৰাস্ত (X@BCCIWomen)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 4:31 PM IST

|

Updated : February 21, 2026 at 7:28 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : তৃতীয় টি-২০ত অষ্ট্ৰেলিয়াক ১৭ ৰাণত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলা ২-১ ত জয়লাভ কৰে ভাৰতীয় দলটোৱে । প্ৰথমে বেটিং কৰি ভাৰতে ১৭৬ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

এডিলেইডত অনুষ্ঠিত ছিৰিজ নিৰ্ণায়কৰ মেচত ভাৰতীয় দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু স্মৃতি মান্ধনা আৰু জেমিমা ৰড্ৰিগেছৰ অৰ্ধশতকৰ সহায়ত ভাৰতে ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰাণ সংগ্ৰহ কৰে ।

হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৰ হৈ স্মৃতি মান্ধনা আৰু শ্বেফালি বাৰ্মাই ইনিংছ মুকলি কৰে । কিন্তু শ্বেফালিয়ে বেছি সময় ক্ৰীজত টিকি থাকিব নোৱাৰিলে আৰু কিম গাৰ্থে তেওঁক আউট কৰে । ৭ ৰাণত আউট হয় শ্বেফালি । তাৰ পিছত মান্ধনা আৰু জেমিমা ৰড্ৰিগেছে দায়িত্ব লয় আৰু এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলে আৰু ভাৰতীয় ইনিংছ স্থিৰ কৰে । ৮২ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল মান্ধনা । আনহাতে জেমিমা ৰড্রিগেছে ৫৯ ৰাণ সংগ্ৰহ কৰে ।

মান্ধনাই ৩৮ বলত ৬ চাৰি আৰু ছয়ৰ সহায়ত অর্ধশতক সম্পূৰ্ণ কৰে । ১৭ নং অভাৰত দ্বিতীয়টো আঘাত লাভ কৰে টীম ইণ্ডিয়াই আৰু ৫৫ বলত ৮টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৮২ ৰাণৰ ইনিংছ খেলি স্মৃতি মান্ধনা আউট হয় । ৰিচা ঘোষে অহাৰ লগে লগে দ্রুত শ্বট মাৰিবলৈ আৰম্ভ কৰে আৰু ২টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৭টা বলত ১৮ ৰাণ সংগ্ৰহ কৰি আউট হয় ।

ইফালে ৪৬টা বলত ৫৯ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল জেমিমা ৰড্রিগেছ । ইনিংছৰ শেষ অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে ।

৪৬টা বলত ৫৯ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল জেমিমা ৰড্রিগেছ । অমনজোৎ কৌৰেও শেষ অভাৰৰ পঞ্চম বলত এটা ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয় । শেষৰ বলত ক্ৰীজলৈ আহি দীপ্তি শৰ্মাই এক ৰাণ সংগ্ৰহ কৰে । দ্বিতীয় ৰাণৰ বাবে উভতি অহাৰ সময়তে দীপ্তি ৰাণ আউট হয় । হৰমনপ্ৰীত কৌৰে অপৰাজিত ২ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ শেষৰ অভাৰত মুঠ ৩টা উইকেটৰ পতন ঘটে । অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ এনাবেল চাথাৰলেণ্ডে চাৰি অভাৰত ৩৪ ৰাণত দুটা উইকেট দখল কৰে । কিম গাৰ্থ আৰু ছফী মলিনেও এটাকৈ উইকেট দখল কৰে ।

ইয়াৰ পিছত অষ্ট্ৰেলিয়াই ভাৰতে দিয়া ১৭৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আহি ২০ অভাৰত ৯ উইকেট হেৰুৱাই মুঠ ১৫৯ ৰাণহে কৰিব পাৰিছিল । অষ্ট্ৰেলিয়াৰ হৈ এছলি গাৰ্ডনাৰে ৫৭ ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে ফিবি লিচফিল্ডে ২৬ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বাহিৰে আন কোনো খেলুৱৈয়ে ডাঙৰ অৱদান আগবঢ়াব নোৱাৰিলে ।

আনহাতে ভাৰতৰ বলিং আছিল উৎকৃষ্ট । স্পিনাৰ শ্ৰেয়াংকা পাটিল আৰু শ্ৰী চৰণীয়ে ৩টাকৈ উইকেট দখল কৰে । ইয়াৰ উপৰিও অৰুন্ধতী ৰেড্ডীয়ে ২টা আৰু ৰেনুকা সিং ঠাকুৰে ১টা উইকেট লাভ কৰে ।

ভাৰতৰ মূল একাদশত পৰিৱৰ্তন

ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয় । এই মেচৰ বাবে ভাৰতে মূল একাদশত এটা পৰিৱৰ্তন কৰে আৰু ক্ৰাণ্তি গৌড়ৰ ঠাইত শ্ৰেয়ংকা পাটিলে স্থান লাভ কৰে । অষ্ট্ৰেলিয়াইও মিজৰ স্কোৱাডত এটা পৰিৱৰ্তন কৰি নিক কেৰীৰ ঠাইত গ্ৰেচ হেৰিছক নিযুক্তি দিয়ে ।

দুয়োটা দলৰ মূল একাদশ :

ভাৰত : স্মৃতি মান্ধনা, শ্বেফালি বাৰ্মা, জেমিমা ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), ৰিচা ঘোষ (উইকেটকীপাৰ), দীপ্তি শৰ্মা, অমনজোৎ কৌৰ, শ্ৰেয়ংকা পাটিল, অৰুন্ধতী ৰেড্ডী, শ্ৰী চৰাণী, ৰেনুকা সিং ঠাকুৰ ।

অষ্ট্ৰেলিয়া : বেথ মুনী (উইকেটকীপাৰ), জৰ্জিয়া ভল, ফিবি লিচফিল্ড, এলিছ পেৰী, এছলি গাৰ্ডনাৰ, জৰ্জিয়া ৱেৰহাম, এনাবেল চাথাৰলেণ্ড, গ্ৰেচ হেৰিছ, কিম গাৰ্থ, ছফী মলিনেক্স (অধিনায়ক), ডাৰ্চি ব্ৰাউন ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় মহিলা দল: দললৈ প্ৰত্যাৱৰ্তন কোন কোন ?

Last Updated : February 21, 2026 at 7:28 PM IST