কলকাতা টেষ্টৰ পৰা বাহিৰ শুভমন গিল
ভাৰতৰ অধিনায়ক শুভমন গিলে প্ৰথম টেষ্টৰ প্ৰথম দিনটোত ডিঙিৰ আঘাতৰ বাবে খেলখনৰ বাকী অংশত অংশ ল’ব নোৱাৰিব ।


Published : November 16, 2025 at 1:33 PM IST
হায়দৰাবাদ : কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা দ্বিপাক্ষিক শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাকী অংশ খেলিব নোৱাৰিব ভাৰতীয় অধিনায়ক শুভমন গিলে ৷ দেওবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা শেহতীয়া আপডেট অনুসৰি সোঁহাতৰ বেটছমেনগৰাকী ডিঙিত আঘাতৰ বাবে খেলৰ পৰা বাহিৰ হৈছে ৷
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা গিলে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ চাইমন হাৰ্মাৰৰ বলত বেকৱাৰ্ড স্কোৱাৰৰ ওপৰেৰে এটা উজ্জ্বল ছুইপ শ্বট মৰা সময়তে ডিঙিত আঘাতপ্ৰাপ্ত হয় ৷

বি চি চি আইয়ে এক বিবৃতিত কয়, "কলকাতাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচখনৰ দ্বিতীয় দিনা অধিনায়ক শুভমন গিল ডিঙিত আঘাতপ্ৰাপ্ত হয় ৷ দিনটোৰ খেল শেষ হোৱাৰ পিছত তেওঁক মূল্যায়নৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বৰ্তমান তেওঁক চিকিৎসালয়ত পৰ্যবেক্ষণ কৰা হৈছে ৷ তেওঁ টেষ্ট মেচত আৰু অংশগ্ৰহণ নকৰে ৷ বি চি চি আইৰ চিকিৎসা দলে তেওঁক নিৰীক্ষণ কৰি থাকিব ৷"
গিল অতি কম সময় ক্ৰীজত আছিল ৷ তেওঁ খেলপথাৰৰ পৰা ওলাই অহাৰ আগতে মাত্ৰ তিনিটা বলহে খেলিছিল ৷ সোঁহাতৰ বেটছমেনগৰাকীয়ে হাৰ্মাৰৰ পৰা ডিপ বেকৱাৰ্ড স্কোৱাৰ লেগৰ ফালে চাৰিটা মাৰিলে যদিও গতিৰ ফলত হোৱা প্ৰভাৱৰ বাবে শ্বট সম্পূৰ্ণ কৰাৰ পিছত লগে লগে তেওঁৰ ডিঙিত ধৰিলে ৷
🚨 Update 🚨
— BCCI (@BCCI) November 16, 2025
Captain Shubman Gill had a neck injury on Day 2 of the ongoing Test against South Africa in Kolkata. He was taken to the hospital for examination after the end of day's play.
He is currently under observation in the hospital. He will take no further part in the… pic.twitter.com/o7ozaIECLq
ড্ৰিংকছ ব্ৰেকৰ পিছত ৩৫ নং অভাৰত বেটছমেনগৰাকীৰ আঘাতৰ প্ৰতি টীম ফিজিঅ’ই তৎক্ষণাত গুৰুত্ব দিয়ে ৷ একেটা অভাৰতে হাৰ্মাৰে ৱাশ্বিংটন সুন্দৰক আউট কৰিছিল ৷ ভাৰতে ১৮৯ ৰাণ কৰি প্ৰথম ইনিংছত ৪০ ৰাণৰ অগ্ৰগতি লাভ কৰে ৷
মেচৰ তৃতীয় দিনা দক্ষিণ আফ্ৰিকাই টেম্বা বাভুমাৰ অৰ্ধশতকৰ সহায়ত দ্বিতীয় ইনিংছত ১০০ ৰাণৰো অধিক অগ্ৰগতি লাভ কৰিছে ৷
এই শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰিবলৈ ভাৰতে এতিয়া ১২৪ ৰাণ সংগ্ৰহ কৰিব লাগিব । অৱশ্যে তেওঁলোকৰ হাতত থাকিব মাত্ৰ ৯টা উইকেট, কিয়নো ডিঙিত আঘাতৰ বাবে অধিনায়ক শুভমন গিল খেলৰ পৰা বাহিৰ হৈছে ।

