ETV Bharat / sports

ভাৰতৰ বিজয় ৰথ ৰোধিলে দক্ষিণ আফ্ৰিকাই, আহমেদাবাদত ৭৬ ৰাণত কৰিলে পৰাস্ত

ৰাণৰ ফালৰ পৰা টি-২০ত এইটো ভাৰতৰ দ্বিতীয় বৃহত্তম পৰাজয় ।

T20 WORLD CUP 2026
ভাৰতৰ বিজয় ৰথ ৰোধিলে দক্ষিণ আফ্ৰিকাই (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 7:32 PM IST

|

Updated : February 22, 2026 at 11:49 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আই চি চি টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ত ভাৰতক দক্ষিণ আফ্ৰিকাই ৭৬ ৰাণৰ পৰাস্ত কৰে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত জয়ী হোৱাৰ পাছত আফ্ৰিকান দলটোৱে প্ৰথমে বেটিং কৰি ১৮৭ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতীয় দলটোৱে ১১১ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । তাৰকাৰে ভৰা ভাৰতীয় বেটাৰসকল থৰক-বৰক হৈ পৰে । ঈশান কিষাণ আৰু ৰিংকু সিঙৰ দৰে বেটছমেনে একাউণ্ট খুলিব নোৱাৰিলে, আনহাতে তিলক মাত্ৰ ১ ৰাণহে কৰিবলৈ সক্ষম হয় ।

সকলোৰে দৃষ্টি আছিল বিশ্বকাপৰ প্ৰথমটো ৰাণ বিচাৰি থকা অভিষেকৰ ওপৰত । আজি তেওঁ মাত্ৰ ১৫ ৰাণহে কৰিবলৈ সক্ষম হয় । অধিনায়ক সূৰ্যই ১৮, সুন্দৰে ১১ আৰু হাৰ্দিকে ১৮ ৰাণ সংগ্ৰহ কৰে । ডুবেই ৪২ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । আফ্ৰিকান দলৰ হৈ মাৰ্কো জান্সেনে ৪টা উইকেট দখল কৰাৰ বিপৰীতে কেশৱ মহাৰাজে ৩টা উইকেট দখল কৰে ।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয় আৰু ভাৰতৰ সন্মুখত ১৮৮ ৰাণ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । প্ৰথম অৱস্থাত ভাৰতীয় বলাৰসকলে দ্ৰুতগতিত তিনিটা উইকেট দখল কৰিছিল যদিও পিছত ডেৱাল্ড ব্ৰেভিছ আৰু ডেভিদ মিলাৰে ভাল অংশীদাৰিত্ব কৰি ইনিংছ নিয়ন্ত্ৰণত লয় । ট্ৰিষ্টান ষ্টাবছেও ২৪টা বলত গুৰুত্বপূৰ্ণ ৪৪ ৰাণ সংযোজন কৰে ।

দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৮৭ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ বুমৰাহে সৰ্বাধিক তিনিটা উইকেট আৰু আৰ্শদীপে ২ উইকেট দখল কৰে । ইয়াৰ উপৰিও শিৱম আৰু বৰুণ চক্ৰৱৰ্তীয়ে ১টাকৈ উইকেট দখল কৰে ।

ডেভিদ মিলাৰে তেওঁৰ বেটিং প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে । তেওঁ ৩৫টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে, য’ত ৭টা চাৰি আৰু ৩টা ছয় অন্তৰ্ভুক্ত ।

আজিৰ এই মেচখনৰ বাবে আফ্ৰিকান দলটোৱে চাৰিটা পৰিৱৰ্তন কৰাৰ বিপৰীতে ভাৰতীয় দলটোৱে কোনো পৰিৱৰ্তন কৰা নাছিল ।

দুয়োটা দলৰ মূল একাদশ

ভাৰত : অভিষেক শৰ্মা, ঈশান কিষাণ (উইকেটকীপাৰ), তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, যশপ্ৰিত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী ।

দক্ষিণ আফ্ৰিকা : এডেন মাৰ্ক্ৰাম (অধিনায়ক), কুইণ্টন ডি কক (উইকেটকীপাৰ), ৰিয়ান ৰিকেলটন, ডেৱাল্ড ব্ৰুইছ, ডেভিদ মিলাৰ, ট্ৰিষ্টান ষ্টাবছ, মাৰ্কো জান্সেন, কৰ্বিন বছ, কেশৱ মহাৰাজ, কাগিছ’ ৰাবাদা, লুংগি এনগিডি ।

লগতে পঢ়ক : বৰষুণৰ বাবে বাতিল টি-২০ বিশ্বকাপ ছুপাৰ ৮ৰ প্ৰথমখন খেল, ১-১ কৈ ভগাই ল’লে পইণ্ট

টি-২০ বিশ্বকাপত আকৌ মুখামুখি হোৱাৰ সুযোগ ভাৰত-পাকিস্তানৰ, অৱশ্যে দুয়োটা দলে কৰিব লাগিব এই কাম

কোনকেইটা দলে খেলিব ছুপাৰ-৮ৰ মেচ, কেতিয়া আৰু ক'ত হ'ব খেলসমূহ ?

Last Updated : February 22, 2026 at 11:49 PM IST