ETV Bharat / sports

খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা, কোন হ'ব বিশ্বৰ নতুন চেম্পিয়ন ?

ছেমি ফাইনেলত সৰ্বাধিক টাৰ্গেট অতিক্ৰম কৰা ভাৰতীয় দলৰ মনোবল বৃদ্ধি পাইছে । প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দক্ষিণ আফ্ৰিকাও খিতাপৰ বাবে যুঁজিব ।

Indian captain Harmanpreet Kaur and South African captain Laura Wolvaardt
খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা (IANS)
author img

By ETV Bharat Assamese Team

Published : November 1, 2025 at 12:29 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেল দেওবাৰে অনুষ্ঠিত হ'ব । প্ৰায় এমাহ ধৰি প্ৰতিযোগিতা চলাৰ অন্তত দেওবাৰে ভাৰত অথবা দক্ষিণ আফ্ৰিকাই তুলি ল'ব এদিনীয়া বিশ্বকাপৰ ট্ৰফী । প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা । ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৱে দুবাৰ (২০০৫ আৰু ২০১৭) এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । কিন্তু দক্ষিণ আফ্ৰিকাৰ বাবে এয়া প্ৰথমটো ফাইনেল ।

২০০৫ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৯৮ ৰাণত পৰাস্ত হৈছিল ভাৰত । ২০১৭ চনৰ বিশ্বকাপৰ ফাইনেলত ৯ ৰাণত পৰাস্ত হৈছিল ভাৰত । ভাৰতৰ দুখন ফাইনেল খেলাৰ অভিজ্ঞতা আছে আনহাতে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ কোনো অভিজ্ঞতা নাই ।

২ নৱেম্বৰ অৰ্থাৎ দেওবাৰে ফাইনেলত মুখামুখি হ'ব দুয়োটা দল । মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত খেলপথাৰত হ'ব খেলখন । ইয়াৰ পিটচখন বেটছমেনৰ বাবে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত ভাল, পূৰ্বৰ খেলবোৰত এয়া দেখা গৈছে । ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াই মুঠ ৭২৪ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ ভিতৰত আছিল দুগৰাকী বেটছমেন জেমিমাহ ৰড্ৰিগেছ (১২৭) আৰু পিভি লিচফিল্ড (১১৯)ৰ আকৰ্ষণীয় শতক আছিল ।

ডি ৱাই পাটিল ক্ৰিকেট খেলপথাৰত বল পুৰণি হ'লেই স্পিনাৰ লাভৱান হয়, যিটো বাওঁহাতৰ স্পিনাৰ শ্ৰীচৰণীয়ে ভাৰতৰ হৈ উন্নত প্ৰদৰ্শন কৰিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মিডল অভাৰত ৰাণ নিয়ন্ত্ৰণ কৰি দুটা উইকেট দখল কৰিছিল শ্ৰীচৰণীয়ে । অফ স্পিনাৰ দীপ্তিয়েও দুটা উইকেট দখল কৰে ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে ৩৪ খন এদিনীয়া খেলিছে । ইয়াৰে ২০ খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১৩ খন খেলত জয়লাভ কৰিছে । দুয়োটা দলৰ মাজত এখন মেচ ড্ৰ' হৈছে । পৰিসংখ্যা আৰু শেহতীয়া প্ৰদৰ্শনে হৰমনপ্ৰীত কৌৰৰ দলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব । ৩৩৯ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ছেমি ফাইনেলত জয়লাভ কৰি দলটোৰ মনোবল আৰু বৃদ্ধি পাইছে ।

বেটিঙৰ ক্ষেত্ৰত ৮ খন মেচত ৩৮৯ ৰাণ সংগ্ৰহ কৰি ১ শতক আৰু ২ টা অৰ্ধশতক অৰ্জন কৰা স্মৃতি মান্ধনাৰ ওপৰত যথেষ্ট দায়িত্ব থাকিব । দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ (৮ মেচ -২৪০ ৰাণ) আৰু জেমিমাহ ৰড্ৰিগেছৰ (৭ মেচ - ২৬৮ ৰাণ) ওপৰতো আশা থাকিব । আঘাতৰ বাবে ভাৰতৰ দ্বিতীয় সৰ্বাধিক স্ক'ৰাৰ প্ৰতীকা ৰাৱলৰ বিদায় (৭ মেচ -৩০৮ ৰাণ) দলটোৰ বাবে ডাঙৰ আঘাত হ'ব ।

বলিঙত ভাৰতে নিৰ্ভৰ কৰিব দীপ্তি শৰ্মাৰ ওপৰত (৮ মেচ -১৭ উইকেট), যিয়ে প্ৰতিযোগিতাখনৰ আগশাৰীৰ উইকেট দখলকাৰীৰ ভিতৰত আছে । তেওঁৰ উপৰিও শ্ৰী চৰণীয়েও ১৩ টা উইকেট দখল কৰিছে । ক্ৰান্তি গৌড়ৰ নামতো ৯ টা উইকেট আছে ।

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে তেওঁলোকৰ অধিনায়ক ল'ৰা উলভাৰ্ড (৮ মেচ - ৪৭০ ৰাণ, ১ শতক, ১ অৰ্ধশতক)। ল'ৰাৰ হাতত ভাৰতীয় দলটোক এককভাৱে পৰাস্ত কৰাৰ ক্ষমতা আছে । ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে সেই কথা প্ৰমাণ কৰি ২০ টা চাৰি আৰু ৪ টা ছয়ৰে ১৬৯ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতীয় বেটছমেনসকলে মাৰিজান কাপ (১২ উইকেট) আৰু ননকুলুলেকো ম্লাবা (১২ উইকেট)ৰ প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব ।

খিতাপ দখলৰ মেচখনৰ বাবে ভাৰতে নিজৰ প্লেয়িং একাদশৰ কোনো সালসলনি নকৰিব ! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত স্মৃতি মান্ধনা (২৪), দীপ্তি শৰ্মা (২৪) আৰু ৰিচা ঘোষে (২৬) সৰু কিন্তু আকৰ্ষণীয় অৱদান আগবঢ়াই জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ক্ৰান্তি গৌড় (১), ৰাধা যাদৱ (১) আৰু অমনজোত কৌৰে (১) বলাৰসকলৰ মাজত যথেষ্ট অৰিহণা যোগায় ।

ভাৰতীয় ক্ৰিকেট দলে ইতিহাস ৰচনা কৰাৰ সুযোগ লাভ কৰিছে । দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰিব পাৰে । এতিয়া আপুনি এই মেচখন কেতিয়া আৰু ক'ত চাব পাৰিব ? বিশ্বকাপৰ চূড়ান্ত খেলখনৰ লাইভ সম্প্ৰচাৰ ষ্টাৰ স্প'ৰ্টছ নেটৱৰ্কত চাব পাৰিব । 'Jio Hotstar'ত লাইভ ষ্ট্ৰীমিং চাব পাৰিব । ডিডি স্প'ৰ্টছতো বিনামূলীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব এই খেলখন ।

লগতে পঢ়ক :কেংগাৰু বাহিনীৰ বলাৰে খহালে ভাৰতীয় বেটছমেনৰ দুৰ্গ, অষ্ট্ৰেলিয়াৰ ১-০ ৰ অগ্ৰগতি