ইতিহাস সৃষ্টিৰে বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ প্ৰথমটো বল বুমৰাহৰ
বিশ্ব টেষ্ট ভ্যেনুৰ মানচিত্ৰত অংকিত হ'ল গুৱাহাটী । টেষ্ট ক্ৰিকেটৰ পৰম্পৰা ভংগ কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত নতুন ইতিহাস ।

Published : November 22, 2025 at 10:40 AM IST
গুৱাহাটী : শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে ভাৰত-দক্ষিণ আফ্ৰিকা দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ । নিশ্চিতভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইটো এক ঐতিহাসিক দিন । কিয়নো বিশ্ব টেষ্ট ভ্যেনুৰ মানচিত্ৰত অংকন হ'ল গুৱাহাটী । অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে টেষ্ট মেচ । এই ঐতিহাসিক দিনটোৰ ঐতিহাসিক ক্ষণত বৰ্ষাপাৰাত প্ৰথমটো টেষ্ট বল পৰে যশপ্ৰীত বুমৰাহৰ হাতেৰে ।
ইয়াৰ পূৰ্বে টছত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ কৰি দুখন মেচৰ টেষ্ট শৃংখলাটোত দক্ষিণ আফ্ৰিকা ১-০ ব্যৱধানত আগবাঢ়ি আছে । নিশ্চিতভাৱে এই অগ্ৰগতিৰে টেষ্ট অধিনায়ক হিচাপে এতিয়ালৈকে অপৰাজেয় বাভুমাই শৃংখলা দখলৰ লক্ষ্য ৰাখিব । আনহাতে, ভাৰতীয় দলৰ লক্ষ্য হ'ব শৃংখলাত সমতা স্থাপন ।
দক্ষিণ আফ্ৰিকাই নিজৰ মূল একাদশত এটা পৰিৱৰ্তন কৰিছে । কৰ্বিন বছৰ স্থানত দলত স্থান দিয়া হৈছে ছেনুৰন মুথুস্বামীক । আনহাতে, ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক শুভমন গিলে ডিঙিত আঘাতৰ বাবে মেচখনত উপলব্ধ নহয় । ফলত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত নেতৃত্ব দিছে ঋষভ পণ্টে ।
ভাৰতীয় দলত দুটা পৰিৱৰ্তন কৰা হৈছে । শুভমন গিল আৰু অক্ষৰ পেটেলৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডী আৰু সাই সুদৰ্শনে মূল একাদশত স্থান লাভ কৰিছে । ভাৰতৰ ৩৮ সংখ্যক টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হৈছে পণ্ট ।
টেষ্ট ক্ৰিকেটৰ পৰম্পৰা ভংগ গুৱাহাটীত
উল্লেখ্য যে প্ৰথমাবাৰৰ বাবে টেষ্ট ক্ৰিকেটৰ এক পৰম্পৰা ভংগ হৈছে গুৱাহাটীত । লগে লগে ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামে । গুৱাহাটীৰ আগবঢ়া সময়ৰ বাবে মেচখন আৰম্ভ হৈছে ৯ বজাৰ পৰা । আনহাতে, মেচখনৰ সমাপ্তিৰ সময় ৪ বজাত নিৰ্ধাৰণ কৰা হৈছে । যদি পোহৰে অনুমতি দিয়ে আৰু আধা ঘণ্টালৈ সময় বৃদ্ধি হ'ব পাৰে ।
কিন্তু উল্লেখনীয় কথাটো হৈছে যে এই টেষ্ট মেচখনত ভোজন বিৰতি আৰু চাহ বিৰতিৰ সময় সলনি কৰা হৈছে । পুৱা ৯ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত হ'ব মেচখনৰ প্ৰথম ছেছন । ইয়াৰ পিছত হ'ব চাহ বিৰতি । কিন্তু পৰম্পৰা অনুসৰি প্ৰথম দুঘণ্টাৰ খেলৰ পিছত ভোজন বিৰতি হয় । এইবাৰ প্ৰথমবাৰৰ বাবে এই নিয়মৰ পৰিৱৰ্তন কৰা হৈছে ।
আনহাতে, ১১.২০ৰ পৰা ১.২০ লৈ হ'ব দ্বিতীয় ছেছন । ইয়াৰ পিছত ভোজন বিৰতি । পূৰ্বতে এই সময়ত আছিল চাহ বিৰতি । ৪০ মিনিটৰ ভোজন বিৰতিৰ পিছত অন্তিম ছেছন আৰম্ভ হ'ব ।
বাতৰি যুগুতোৱাৰ পৰলৈ দক্ষিণ আফ্ৰিকাই প্ৰথম ঘণ্টাৰ খেল শেষ হোৱালৈ কোনো উইকেট হেৰুওৱা নাই । যশপ্ৰীত বুমৰাহৰ বলত অৱশ্যে এটা সুযোগ সৃষ্টি হৈছিল যদিও শ্লিপত কেছ আয়ত্ত কৰাত বিফল হয় কে এল ৰাহুল । বৰ্তমান এইডেন মাৰ্ক্ৰাম আৰু ৰিয়েন ৰিকেলটন ক্ৰীজত আছে । দক্ষিণ আফ্ৰিকাৰ স্ক'ৰ হৈছে ৪৬ ।
দল দুটা
ভাৰত : কে এল ৰাহুল, যশস্বী জয়ছোৱাল, বি সাই সুদৰ্শন, ধ্ৰুৱ জুৰেল, ঋষভ পণ্ট (অধিনায়ক-উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।
দক্ষিণ আফ্ৰিকা : এইডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মাল্ডাৰ, টেম্বা বাভুমা (অধিনায়ক), টনি ডি জৰ্জি, ট্ৰিষ্টান ষ্টাবছ, কাইল ভেৰেইন (উইকেটৰক্ষক), মাৰ্কো জান্সেন, চেনুৰন মুথুস্বামী, ছাইমন হাৰ্মাৰ, কেশৱ মহাৰাজ ।

