ETV Bharat / sports

সন্মুখত ৰাণৰ পাহাৰ; অন্তিম দিনা জয়ী হ’বলৈ ভাৰতক ৫২২ ৰাণৰ প্ৰয়োজন

দক্ষিণ আফ্ৰিকাই দ্বিতীয় টেষ্ট মেচত জয়লাভ কৰিবলৈ ভাৰতক বান্ধি দিলে ৫৪৯ ৰাণৰ লক্ষ্য ।

INDIA VS SOUTH AFRICA 2ND TEST
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট মেচ (AP)
author img

By ETV Bharat Assamese Team

Published : November 25, 2025 at 6:14 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতৰ সন্মুখত ৰাণৰ পাহাৰ । দক্ষিণ আফ্ৰিকাই চতুৰ্থ ইনিংছত ভাৰতক বান্ধি দিছে ৫৪৯ ৰাণৰ লক্ষ্য । চতুৰ্থ দিনৰ সামৰণিলৈকে ঘৰুৱা দলটোৱে ১৬ অভাৰত ২ উইকেটত হেৰুৱাই সংগ্ৰহ কৰিছে ২৭ ৰাণ । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা দ্বিতীয়খন টেষ্ট মেচৰ কাইলৈ অন্তিম দিনা জয়ী হ’বলৈ এতিয়াও ভাৰতক ৫২২ ৰাণৰ প্ৰয়োজন ।

চতুৰ্থ দিনাও দক্ষিণ আফ্ৰিকাৰ আধিপত্য় :

দক্ষিণ আফ্ৰিকাই চতুৰ্থ দিনা তৃতীয় ছেচনত ১৭৪ ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি ৭৮.৩ অভাৰত ৫ উইকেটত ২৬০ ৰাণত ইনিংছ ঘোষণা কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টান ষ্টাবছে ১৮০ বলত ৯৪টা চাৰি আৰু এটা ছয়ৰে ৯৪ ৰাণ সংগ্ৰহ কৰে । উইয়ান মুল্ডাৰে ৫টা চাৰিৰে ৩৫ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ পিচতেই ভাৰতীয় দলটোৱে চতুৰ্থ ইনিংছত ৫৪৯ ৰাণৰ লক্ষ্যৰে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে ইনিংছৰ আৰম্ভণি কৰে । প্ৰথম উইকেটত ১৭ ৰাণ সংযোজন কৰাৰ সময়তেই ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু জয়ছোৱাল ১৩ ৰাণতে পেভেলিয়নলৈ ওভতে । ইয়াৰ পিছতে কে এল ৰাহুল ৬ ৰাণত ক্লিন বল্ড হয় । দিনান্তত ক্ৰিজত অপৰাজিত হৈ থাকে ছাই সুদৰ্শন (২) আৰু কুলদীপ যাদৱ ।

চতুৰ্থ দিনা দ্বিতীয় ছেচনত দক্ষিণ আফ্ৰিকাই লান্সলৈকে ৭০ অভাৰত ৪ উইকেট হেৰুৱাই ২২০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে ৫০৮ ৰাণৰ অগ্ৰগতি লাভ কৰে । এই ছেচনটোত দক্ষিণ আফ্ৰিকাৰ হৈ টনি ডি জৰ্জিয়ে ৬৮টা বলত ৪টা চাৰি আৰু এটা ছয়সহ সংগ্ৰহ কৰে ৪৯ ৰাণ । আনহাতে ট্ৰিষ্টান ষ্টাবছে ১৫৫টা বলত ৫টা চাৰিৰে ৬০ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

উল্লেখ্য় যে দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ১৫১.১ অভাৰত ১০ উইকেট হেৰুৱাই ৪৮৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্য়ুত্তৰত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছৰ তৃতীয় দিনা ৮৩.৫ অভাৰতেই ২০১ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে ২৮৮ ৰাণৰ অগ্ৰগতি লাভ কৰে ।

প্ৰথম ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে যশস্বী জয়ছোৱালে । তেওঁ ৯৭টা বলত ৭টা চাৰি আৰু এটা ছয়ৰে ৫৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ৱাশ্বিংটন সুন্দৰেও ৯২টা বলত ২টা চাৰি আৰু এটা ছয়ৰে ৪৮ ৰাণ সংগ্ৰহ কৰে । কে এল ৰাহুলে ২২ ৰাণ, সুদৰ্শনে ১৫ আৰু কুলদীপ যাদৱে ১৯ ৰাণ সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জান্সনে ৬টা আৰু চাইমন হাৰ্মাৰে ৩টা উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত ১০৯ ৰাণৰ শতক অৰ্জন কৰিছিল ছেনুৰণ মুথুস্বামীয়ে । ২০৬টা বলত ১০টা চাৰি আৰু ২টা ছয়ৰে ১০৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কো জান্সেনে শতক অৰ্জন কৰিব নোৱাৰিলে । তেওঁ ৯১টা বলত ৬টা চাৰি আৰু ৭টা ছয়ৰে ৯৩ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা আৰু মহম্মদ ছিৰাজে ২টাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক:২০১ ৰাণত প্ৰথম ইনিংছ সামৰিলে ভাৰতে, তৃতীয় দিনৰ শেষত দক্ষিণ আফ্ৰিকাৰ ৩১৪ ৰাণৰ অগ্ৰগতি

৪৮৯ ৰাণত অল আউট দক্ষিণ আফ্ৰিকা, দ্বিতীয় দিনা ৯ ৰাণ সংগ্ৰহ ভাৰতৰ