ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্ট: ১৫৯ ৰাণত অল আউট আলহী দল

ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাক ১৫৯ ৰাণত বান্ধি ৰাখে ভাৰতে ৷ দিনান্তত ভাৰতৰ সংগ্ৰহ ৩৭ ৰাণ ৷

India SA test in Kolkata
ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম টেষ্ট (AP)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 8:22 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শুকুৰবাৰৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত আৰম্ভ হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন টেষ্ট মেচ ৷ দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰতে আলহী দলটোৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণিত কৰি ৫৫ অভাৰত মাত্ৰ ১৫৯ ৰাণ সংগ্ৰহ কৰাৰহে সুযোগ প্ৰদান কৰে ৷ ইয়াৰ পিছতে ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ৷

প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতে ২০ অভাৰত এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ৩৭ ৰান ৷ দ্বিতীয় দিনৰ খেলখন মুকলি কৰিব ভাৰতৰ হৈ ক্ৰিজত বৰ্তি থকা কে এল ৰাহুল আৰু ৱাশ্বিংটন সুন্দৰে ।

প্ৰথমখন টেষ্টৰ প্ৰথমটো দিন : তৃতীয় অধিৱেশনো ভাৰতৰ দখলত

ভাৰতে তৃতীয় অধিবেশনত প্ৰথম ইনিংছ আৰম্ভ কৰে । ভাৰতৰ হৈ ইনিংছ মুকলি কৰে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে । এই যুটিটোৱে ৬.৬ অভাৰত প্ৰথম উইকেটৰ যুটিত মাত্ৰ ১৮ ৰাণ সংগ্ৰহ কৰে ৷ জয়ছোৱালৰ ৰূপত ভাৰতে হেৰুৱাই প্ৰথমটো উইকেট ।

মাত্ৰ ২৭ টা বলত ৩ টা চাৰিৰে ১২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে খেলুৱৈগৰাকী । দিনটোৰ শেষলৈকে ভাৰতে কোনো উইকেট হেৰুৱাবলগীয়া হোৱা নাই ৷ প্ৰথম দিনৰ খেলৰ শেষত কে এল ৰাহুলে অপৰাজিত ১৩ ৰাণ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰাণ সংগ্ৰহ কৰিছে ৷

তৃতীয় অধিৱেশনৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাই হেৰুৱাই আটাইকেইটা উইকেট ৷ দ্বিতীয় অধিৱেশনৰ ৮ টা উইকেট হেৰুৱাই ১৫৪ ৰাণ সংগ্ৰহ কৰা দক্ষিণ আফ্ৰিকাই মাথোঁ ৫ ৰাণ সংযোজন কৰিয়েই শেষৰটো উইকেট হেৰুৱায় ৷ যাৰ বাবে দলটোৱে মুঠ ১৫৯ ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ হৈ ট্ৰিষ্টান ষ্টাবছে অপৰাজিত ১৫ ৰাণ সংগ্ৰহ কৰে ৷

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ১৪ অভাৰত ২৭ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰে । মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেলে লাভ কৰে এটা উইকেট ৷

প্ৰথমখন টেষ্টৰ প্ৰথমটো দিন : দ্বিতীয় অধিবেশনত ভাৰতৰ আধিপত্য

দক্ষিণ আফ্ৰিকাই দ্বিতীয় অধিবেশন ১০৫/৩ ত আৰম্ভ কৰে । ইয়াৰ পাছত ভাৰতে দ্বিতীয় অধিবেশনত ৫ টা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাক ৫২ অভাৰত ১৫৪ ৰাণত সীমাবদ্ধ কৰি ৰাখে । কুলদীপ যাদৱৰ জৰিয়তে ৱিয়া মুল্ডাৰ(২৪) ক আউট কৰি ভাৰতে চতুৰ্থটো সফলতা লাভ কৰে । দলটোৰ হৈ পঞ্চমটো উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে । তেওঁ টনি ডি জোৰ্জি(২৪) ক পেভিলিয়নলৈ পঠিয়াই দিয়ে ।

ইয়াৰ পিছতে মহম্মদ ছিৰাজে একেটা অভাৰতে দুটাকৈ উইকেট দখল কৰে । ছিৰাজে কাইল ভেৰেইন(১৬) আৰু মাৰ্কো জনছেন(০)ক আউট কৰে । ৩ ৰাণ সংগ্ৰহ কৰিয়েই অক্ষৰ পেটেলৰ চিকাৰ হয় কৰ্বিন বছ ।

প্ৰথম অধিৱেশন মিশ্ৰিত

মেচখনৰ প্ৰথম অধিৱেশন ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বাবে মিশ্ৰিত আছিল । এই অধিৱেশনত দক্ষিণ আফ্ৰিকাই ১০৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে দখল কৰিছিল তিনিটা উইকেট ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা দক্ষিণ আফ্ৰিকাই ১০.৩ অভাৰত প্ৰথম উইকেটত ৫৭ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ পাছতে যশপ্ৰীত বুমৰাহে ৰিয়ান ৰিকেলটনক ২৩ ৰাণত ব’ল্ড কৰাৰ বিপৰীতে আইডেন মাৰ্কৰামে ৩১ ৰাণ সংগ্ৰহ কৰি পন্তৰ হাতত কেচ তুলি দিয়ে ৷ কুলদীপ যাদৱে ভাৰতৰ হৈ তৃতীয়টো উইকেট দখল কৰে । টেম্বা বাভুমাই ৩ ৰাণ সংগ্ৰহ কৰিয়েই ধ্ৰুৱ জুৰেলৰ হাতত কেচ তুলি দি পেভিলিয়নলৈ ওভতে ৷

টছ সন্দৰ্ভত কি ক’লে দুয়োজন অধিনায়কে ?

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি ভাৰতীয় অধিনায়ক শ্বুভমন গিলক প্ৰথমে বলিং কৰিবলৈ আমন্ত্ৰণ জনায় । এইখন মেচতে দেখিবলৈ পাব দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটোৱা ভাৰতৰ উইকেটকীপাৰ বেটছমেন তথা সহ-অধিনায়ক ঋষভ পন্তক ।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই কয়, ‘‘আমি বেটিং কৰিম । আমাৰ খেলুৱৈসকল পাকিস্তানৰ পৰা উভতি আহিছে । আমি প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ সাধ্য অনুসৰি কাম কৰিছো । আমি প্ৰত্যাহ্বানৰ বাবে আগ্ৰহী । আমি যি কৰি আছো, সেয়া কৰি থাকিব লাগিব । পিটচ শুকান দেখা গৈছে, গতিকে প্ৰথম ইনিংছত ৰাণ সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ হ’ব । কাগিছ’ দলৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে কৰ্বিনক দলত স্থান দিয়া হৈছে ৷’’

ভাৰতৰ অধিনায়ক শুভমন গিলে কয়, ‘‘পিটচখন ভাল দেখা গৈছে । ফাষ্ট বলাৰৰ বাবে কিছু ঠাই আছে । ড্ৰেছিং ৰুম ভাল । এই দলটো জয়ৰ বাবে ক্ষুধাতুৰ হৈ আছে । এই টেষ্ট শৃংখলা অতি গুৰুত্বপূৰ্ণ । খেলখন আগবাঢ়ি যোৱাৰ লগে লগে কিছু প্ৰত্যাহ্বান আহিব । ঋষভে ৰেড্ডীৰ ঠাই লৈছে আৰু অক্ষৰেও দললৈ ঘূৰি আহিছে ।’’

দল দুটাৰ প্লেয়িং ১১

ভাৰত

যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ৱাশ্বিংটন সুন্দৰ, শুভমন গিল(অধিনায়ক), ঋষভ পন্ত(উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজ ।

দক্ষিণ আফ্ৰিকা

এডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মুল্ডাৰ, টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, ট্ৰিষ্টান ষ্টাবছ, কাইল ভেৰেইন(উইকেটকীপাৰ), চাইমন হাৰ্মাৰ, মাৰ্কো জনছন, কৰ্বিন বছ আৰু কেশৱ মহাৰাজ ।

লগতে পঢ়ক: ভাৰত বনাম দক্ষিণ আফ্ৰিকা : ঐতিহাসিক ইডেন গাৰ্ডেনত প্ৰথম টেষ্ট, ভাৰতৰ সুন্দৰ আৰম্ভণি