দীপ্তি শৰ্মাৰ অভিলেখেৰে পুনৰ এবাৰ ভাৰতৰ সন্মুখত শিৰণত পাকিস্তানৰ
দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচত জয়ৰ সোৱাদ লয় হৰমনপ্ৰীত কৌৰ বাহিনীয়ে ৷ দীপ্তি শৰ্মা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৫০টা উইকেট লোৱা বিশ্বৰ প্ৰথমগৰাকী স্পিনাৰত পৰিণত ৷

Published : June 14, 2026 at 11:49 PM IST
গুৱাহাটী: মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ জয় ৷ বিশ্বকাপৰ ষষ্ঠখন তথা পাকিস্তানৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত প্ৰথমখন খেলত সহজ জয়লাভ হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ ৷ বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত খেলখনৰ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল ভাৰতে ৷
ভাৰতীয় মহিলা দলটোৱে আইচিচি টি-২০ বিশ্বকাপত এক দৃষ্টিনন্দন আৰম্ভণি কৰিছে । পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত মুঠ ১৭০ ৰাণ সংগ্ৰহ কৰাৰ পিছত ভাৰতে বিধ্বংসী বলিং বিক্ৰমেৰে প্ৰতিদ্বন্দ্বীক দলটোক সহজে ধৰাশায়ী কৰে ৷ প্ৰত্য়ুত্তৰত পাকিস্তানে মাত্ৰ ১০৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ফলত ভাৰতে ৬৪ ৰাণৰ ব্যৱধানত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰে ৷
What. A. Finish 🥳
— BCCI Women (@BCCIWomen) June 14, 2026
3️⃣ wickets in an over and Deepti Sharma has a superb 𝙁𝙄𝙁𝙀𝙍 🖐️#TeamIndia wrap a dominant 6️⃣4️⃣-run victory to kickoff our #T20WorldCup campaign 👏
Scorecard ▶️ https://t.co/1tfRc3jcrX#WomenInBlue | #T20WorldCup pic.twitter.com/vhvCoE9tXu
এই খেলত তাৰকা বেটছমেন স্মৃতি মন্ধানাই দৰ্শনীয় ইনিংছেৰে অৰ্ধশতক অৰ্জন কৰে ৷ মন্ধানাই ৯ টা চাৰি আৰু দুটা ছয়ৰে ৪৪ টা বলত ৬৮ ৰাণ সংগ্ৰহ কৰে ৷ আন এগৰাকী তাৰকা বেটছমেন ৰিচা ঘোষেও বিস্ফোৰক বেটিঙেৰে মাত্ৰ ১৭ টা বলতে ৩৪ ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, অধিনায়ক হৰমনপ্ৰীত কৌৰে ৩৬ ৰাণ সংগ্ৰহ কৰে ৷ পাকিস্তানৰ হৈ অধিনায়ক ফাতিমা চানা আৰু শদিয়া ইকবালে দুটাকৈ আৰু তছমিয়া ৰুবাব আৰু ৰমীন ছামিমে এটাকৈ উইকেট দখল কৰে ।
Best Bowling Figures for India in WT20Is ✅
— BCCI Women (@BCCIWomen) June 14, 2026
3️⃣rd Best Bowling Figures in Women's #T20WorldCup ✅
A record-breaking outing for Deepti Sharma 💙
Scorecard ▶️ https://t.co/1tfRc3jcrX#TeamIndia | #WomenInBlue | @Deepti_Sharma06 pic.twitter.com/4KQ4FbtlPK
এই খেলখনৰ জৰিয়তে ভাৰতীয় দলটোৱে পুনৰ এবাৰ পাকিস্তানৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য বুলি নিজকে প্ৰমাণিত কৰিলে ৷ ভাৰতীয় দলটোৰ অন্যতম সদস্য দীপ্তি শৰ্মাৰ বিধ্বংসী বলিঙৰ আগত পাকিস্তানৰ বেটছমেনসকল একপ্ৰকাৰ দিশহাৰা হৈ পৰে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৫০ টা উইকেট দখল কৰা বিশ্বৰ প্ৰথমগৰাকী স্পিনাৰত পৰিণত হয় ভাৰতীয় বলাৰগৰাকী ৷
দীপ্তি শৰ্মাৰ বিশ্বাভিলেখ
পাকিস্তানৰ প্ৰথমটো উইকেট দখল কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৫০ টা উইকেট সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা বলাৰত পৰিণত হোৱাৰ অভিলেখ ৰচে ভাৰতৰ দীপ্তি শৰ্মাই ।
4️⃣ overs
— BCCI Women (@BCCIWomen) June 14, 2026
1️⃣0️⃣ runs
5️⃣ WICKETS 💥
𝗔𝗯𝘀𝗼𝗹𝘂𝘁𝗲𝗹𝘆 𝗽𝗵𝗲𝗻𝗼𝗺𝗲𝗻𝗮𝗹 from Deepti Sharma who records her career-best T20I bowling figures 🫡
Scorecard ▶️ https://t.co/1tfRc3jcrX#TeamIndia | #WomenInBlue | #T20WorldCup | @Deepti_Sharma06 pic.twitter.com/LmgXXfZ5kM
প্রাক্তন ভাৰতীয় ফাষ্ট বলাৰ ঝুলন গোস্বামীয়ে ৩৫৫ টা উইকেটৰে এই তালিকাৰ শীৰ্ষত আছে ৷ আইচিচি টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত দীপ্তিয়ে ৪ অভাৰত ১০ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰিছে । একেখন খেলত ভাৰতৰ হৈ শ্ৰীচৰনীয়ে ৪ অভাৰত ২১ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰিছে ৷ আনহাতে, শেফালী বাৰ্মাই এটা উইকেট লাভ কৰে ৷
লগতে পঢ়ক: মহিলা টি-২০ বিশ্বকাপ: পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ ভাৰতৰ, নকৰিলে কৰমৰ্দন

