ETV Bharat / sports

বিচিচিআইৰ ওপৰতে নিৰ্ভৰ কৰিব মোৰ ভৱিষ্যত: টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত প্ৰতিক্ৰিয়া গৌতম গম্ভীৰৰ

ঘৰুৱা খেলপথাৰত মুখথেকেচা ভাৰতৰ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ০-২ ব্যৱধানত পৰাজয় টেষ্টত ৷

GAUTAM GAMBHIR
টীম ইণ্ডিয়াৰ প্ৰশিক্ষক গৌতম গম্ভীৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 6:19 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলা দুখন মেচৰ টেষ্ট শৃংখলাত মুখথেকেচা ভাৰতৰ ৷ ভাৰতৰ পৰাজয়ৰ পিছত দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ কৰ্মদক্ষতাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ৷

অৱশ্যে তাৰমাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকগৰাকীয়ে ৷ ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে বুধবাৰে কয় যে তেওঁৰ ভৱিষ্যত সন্দৰ্ভত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) সিদ্ধান্ত ল’ব । ঘৰুৱা খেলপথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ০-২ ব্যৱধানত টেষ্টত পৰাজয়বৰণ কৰাৰ পিছত এই মন্তব্য কৰে প্ৰাক্তন বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে ।

কিন্তু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ সদস্য গম্ভীৰে সোঁৱৰাই দিয়ে যে তেওঁৰ নেতৃত্বতে ভাৰতে চলিত বৰ্ষত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল ।

গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ঋষভ পন্তে নেতৃত্ব দিছিল টীম ইণ্ডিয়াক ৷ দক্ষিণ আফ্ৰিকাৰ হাতত ৪০৮ ৰাণত পৰাজিত হয় ঘৰুৱা দলটো । আনহাতে, কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টতো পৰাস্ত হৈছিল ভাৰত ।

মেচৰ সমাপ্তিৰ পিছত সম্বোধন কৰা সংবাদমেলত গম্ভীৰে কয়, ‘‘মোৰ ভৱিষ্যত সম্পৰ্কে বি চি চি আইয়ে সিদ্ধান্ত ল’ব । কিন্তু মই সেইজন ব্যক্তি, যিয়ে ইংলেণ্ডত এটা ভাল ফলাফল উপহাৰ দিছিলো আৰু চেম্পিয়নছ ট্ৰফীৰ প্ৰশিক্ষক আছিলো ।’’

গম্ভীৰৰ নেতৃত্বত ভাৰতে যোৱা বছৰ নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু এইবেলি ঘৰুৱা খেলপথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা পৰাজয়কে ধৰি মুঠ ১৮ খন টেষ্ট মেচৰ ভিতৰত ১০ খনতহে পৰাজিত হৈছিল ।

তেওঁৰ মতে সকলোৱে দোষী । ০-২ ব্যৱধানত পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়াত গম্ভীৰে কয়, ‘‘সকলোৱেই দোষী তথাপিও মই প্ৰথম ।’’

লগতে পঢ়ক: গুৱাহাটীত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ; ঘৰুৱা মাটিত ক্ৰমাগত দ্বিতীয়বাৰ হোৱাইট বাশ্ব