ETV Bharat / sports

২০২৬-২৭ ছিজনৰ ভাৰতীয় ক্ৰিকেট দলৰ সূচী প্ৰকাশ

২০২৬-২৭ ছিজনত ১৭ খন চহৰত ২২ খন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব ৷ সমগ্ৰ দেশৰ অনুৰাগীসকলে উচ্চমানদণ্ডৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ উপভোগ কৰাৰ সুযোগ পাব ।

TEAM INDIA
ভাৰতীয় ক্ৰিকেট দলৰ ফাইল ফটো (AP)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 6:46 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বৃহস্পতিবাৰে টীম ইণ্ডিয়া(ছিনিয়ৰ পুৰুষ) দলৰ ২০২৬-২৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ঘৰুৱা সূচী প্ৰকাশ কৰে ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বি চি চি আইয়ে এক বিবৃতিৰ জৰিয়তে এই সূচী প্ৰকাশ কৰে ৷

বি চি চি আইৰ বিবৃতিটোত কোৱা হৈছে যে আগন্তুক ঘৰুৱা ছিজনটো ৰোমাঞ্চকৰ হ’ব ৷ কিয়নো এই সময়ত ভাৰতে চাৰিটাকৈ অতিথি দল ক্ৰমে - ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা, জিম্বাব’ৱে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বহুকেইটা ফৰ্মেটৰ খেলত অংশগ্ৰহণ কৰিব ৷

বিবৃতি অনুসৰি এই ছিজনত দেশৰ আগশাৰীৰ ১৭ খন চহৰত ২২ খন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব ৷ যাৰ ফলত সমগ্ৰ দেশৰ অনুৰাগীসকলে উচ্চ মানদণ্ডৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট উপভোগ কৰাৰ সুযোগ লাভ কৰিব । বি চি চি আইয়ে জনোৱা মতে, চলিত বৰ্ষৰ ২৭ ছেপ্টেম্বৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণৰ জৰিয়তে এই ছিজনৰ খেলসমূহ আৰম্ভ হ’ব ৷

এই ভ্ৰমণসূচীত থাকিব তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ ক্ৰিকেট খেল ৷ ত্ৰিবান্দ্ৰম, গুৱাহাটী আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচসমূহৰ পিছতে লক্ষ্ণৌ, ৰাঁচী, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব টি-২০ মেচসমূহ ।

ইয়াৰ পিছত টীম ইণ্ডিয়াই চলিত বৰ্ষৰ শেষৰপিনে অৰ্থাৎ ডিচেম্বৰত শ্ৰীলংকাক ভাৰতলৈ আদৰণি জনাই হোৱাইট বল শৃংখলাৰ বাবে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ খেলত অংশ ল’ব । দিল্লী, বেংগালুৰু, আহমেদাবাদত এদিনীয়া মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰাজকোট, কটক আৰু পুনেত অনুষ্ঠিত হ’ব টি-২০ মেচসমূহ ।

তদুপৰি নতুন বছৰৰ আৰম্ভণিতে জিম্বাব’ৱেই ভাৰত ভ্ৰমণ কৰিব ৷ ২০২৭ চনৰ জানুৱাৰী মাহত ভাৰত ভ্ৰমণ কৰিবলগীয়া আলহী দলটোৱে ভাৰতৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ৷ শৃংখলাটোৰ খেলসমূহ কলকাতা, হায়দৰাবাদ আৰু মুম্বাইত অনুষ্ঠিত হ’ব ।

আনহাতে, ২০২৭ চনৰ ২১ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাটো নাগপুৰত আৰম্ভ হ’ব ৷ সন্মানীয় আৰু বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ জৰিয়তে দুয়োটা দলৰ এই খেলসমূহ অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ অন্য়ান্য খেলসমূহ চেন্নাই, গুৱাহাটী, ৰাঁচী আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব ৷ বিশ্ব ক্ৰিকেটৰ শীৰ্ষৰ দুটাকৈ দলৰ মাজত ৰোমাঞ্চকৰ ক্ৰিকেট উপভোগ কৰিব ক্ৰিকেট অনুৰাগীসকলে ৷

লগতে পঢ়ক: গৌতম গম্ভীৰৰ পৰিচয় ব্যৱহাৰ কৰি প্ৰচাৰ কৰা অকৰ্তৃত্বশীল বিষয়বস্তু আঁতৰোৱাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ