ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া অধিনায়ক শুভমন গিলৰ

প্ৰথম টেষ্টত ডিঙিৰ আঘাতৰ পিছত প্ৰতিযোগিতাখনৰ বাকী অংশত অংশগ্ৰহণ কৰিবলৈ ব্যৰ্থ হোৱা গিলে কয় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পিছত দলটোৱে শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰিব ।

INDIA SOUTH AFRICA TEST MATCH
নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত টেষ্ট ক্ৰিকেট খেলৰ সময়ত ভাৰতৰ অধিনায়ক শুভমন গিল আৰু মহম্মদ চিৰাজে উইকেট দখল কৰি উদযাপন কৰিছে (IANS)
author img

By ETV Bharat Assamese Team

Published : November 27, 2025 at 4:43 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ০-২ ত পৰাস্ত হোৱাৰ পিছত নিয়মীয়া অধিনায়ক শুভমন গিলে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কলকাতা টেষ্টত গিলে ডিঙিত আঘাত পোৱাৰ বাবে গুৱাহাটী টেষ্টত খেলিব নোৱাৰিলে । গুৱাহাটীত ৪০৮ ৰাণৰ বৃহৎ ব্যৱধানত সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলটো । মেচৰ পিছত শুভমন গিলে কয় যে এই পৰাজয়ৰ পিছতো দলটোৱে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব ।

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ডিঙিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা গিলে এক্সত কয়, “শান্ত সাগৰে আপোনাক নেভিগেট কৰিবলৈ শিকাব নোৱাৰে, কিন্তু ধুমুহাই শক্তিশালী কৰে ।”

বুধবাৰে পঞ্চম দিনা গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে ৪০৮ ৰাণত পৰাস্ত হোৱাৰ ঠিক পিছতেই গিলে এই পোষ্ট কৰে । কলকাতাত অনুষ্ঠিত প্ৰথমখন টেষ্টত আলহী দলটোৱে ৩০ ৰাণত পৰাস্ত হৈছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে ০-৩ ত পৰাজয়ৰ পিছত এই শৃংখলাটো ভাৰতৰ মাটিত ২৫ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো টেষ্ট জয় ।

ঘৰুৱা ক্ষেত্ৰত একেৰাহে ছিৰিজৰ পৰাজয়ৰ পাছতেই মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

বুধবাৰে খেলৰ পাছৰ সংবাদমেলত গম্ভীৰে কয় যে তেওঁৰ ভৱিষ্যত সন্দৰ্ভত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) সিদ্ধান্ত ল’ব । কিন্তু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ সদস্য গম্ভীৰে কয় যে তেওঁৰ অধীনত ভাৰতীয় দলটোৱে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছিল আৰু ইংলেণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে ২-২ ত শৃংখলাটো সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : বিচিচিআইৰ ওপৰতে নিৰ্ভৰ কৰিব মোৰ ভৱিষ্যত: টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত প্ৰতিক্ৰিয়া গৌতম গম্ভীৰৰ

গুৱাহাটীত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ; ঘৰুৱা মাটিত ক্ৰমাগত দ্বিতীয়বাৰ হোৱাইট বাশ্ব

সন্মুখত ৰাণৰ পাহাৰ; অন্তিম দিনা জয়ী হ’বলৈ ভাৰতক ৫২২ ৰাণৰ প্ৰয়োজন

২০১ ৰাণত প্ৰথম ইনিংছ সামৰিলে ভাৰতে, তৃতীয় দিনৰ শেষত দক্ষিণ আফ্ৰিকাৰ ৩১৪ ৰাণৰ অগ্ৰগতি

৪৮৯ ৰাণত অল আউট দক্ষিণ আফ্ৰিকা, দ্বিতীয় দিনা ৯ ৰাণ সংগ্ৰহ ভাৰতৰ