ETV Bharat / sports

লৰ্ডছৰ খেলপথাৰত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক জয়, ঘৰৰ মাটিতে পৰাস্ত ইংলেণ্ড

ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৪৫৭ ৰাণৰ প্ৰত্যুত্তৰত খেলৰ চতুৰ্থটো দিনত ইংলেণ্ডে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ২৭০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

Etv Bharat
জয়ৰ পিছত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ একাংশ খেলুৱৈ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 11:49 PM IST

2 Min Read
Choose ETV Bharat

লণ্ডন: এক অনন্য কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ ঘৰৰ মাটিতে বিপক্ষৰ প্ৰতিদ্বন্দ্বী ইংলেণ্ডক হৰুৱাই দলটোৱে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ঐতিহাসিক লৰ্ডছৰ খেলপথাৰত অনুষ্ঠিত একমাত্ৰ টেষ্টত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে । খেলখনৰ চতুৰ্থ তথা অন্তিম দিনটোত ভাৰতে ইংলেণ্ডৰ সন্মুখত বান্ধি দিয়া ৪৫৭ ৰাণৰ প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত ১৮৬ ৰাণ সংগ্ৰহ কৰে ৷ তাৰ লগে লগে লৰ্ডছত অনুষ্ঠিত মহিলাৰ প্ৰথমখন টেষ্টত ভাৰতে ২৭০ ৰাণত জয়লাভ কৰে ।

খেলখনত ভাৰতৰ হৈ স্মৃতি মন্ধানা আৰু যস্তিকা ভাটিয়াই অসাধাৰণ বেটিং প্ৰদৰ্শন আগবঢ়ায় ৷ আনহাতে, ক্ৰান্তি গৌড় আৰু স্নেহ ৰাণাই উৎকৃষ্ট বলিঙৰ জৰিয়তে দলটোৰ ঐতিহাসিক জয় নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

স্মৃতিয়ে প্ৰথম ইনিংছত ৮৩ ৰাণ আৰু দ্বিতীয় ইনিংছত ৭০ ৰাণ সংগ্ৰহ কৰে ৷ বিপৰীতে দ্বিতীয় ইনিংছত ১১৩ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলি যস্তিকাই লৰ্ডছত টেষ্ট শতক অৰ্জনকাৰী প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰত পৰিণত হয় ।

বলিং বিভাগত ক্ৰান্তি গৌড়ে প্ৰথম ইনিংছত ৫টা আৰু দ্বিতীয় ইনিংছত দুটা উইকেট দখল কৰে ৷ তদুপৰি স্নেহ ৰাণাই দ্বিতীয় ইনিংছত ৪টা আৰু প্ৰথম ইনিংছত দুটা উইকেট দখল কৰি ইংৰাজ বেটছমেনসকলক ধৰাশায়ী কৰে ৷

প্ৰথম ইনিংছত ভাৰতীয় দলটোৱে ২৮৫ ৰাণ সংগ্ৰহ কৰে ৷ ইংলেণ্ডৰ প্ৰথম ইনিংছ ১৭০ ৰাণতে সীমাবদ্ধ থাকে ৷ যাৰ ফলত ভাৰতে ১১৫ ৰাণৰ অগ্ৰগতি লাভ কৰে । ইয়াৰ পাছতে ভাৰতে দ্বিতীয় ইনিংছত দুৰ্দান্ত বেটিঙেৰে তৃতীয় দিনৰ চাহ বিৰতিৰ পূৰ্বে ৭ উইকেটত ৩৪১ ৰাণত ইনিংছ ঘোষণা কৰি ইংলেণ্ডক জয়ৰ বাবে ৪৫৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

ইয়াৰ পাছতে ইংলেণ্ডে দ্বিতীয় ইনিংছত মাত্ৰ ১৮৬ ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ হৈ এমি জ’নছে ৫৪ আৰু ছফী এক্লেষ্টনে ৫০ ৰাণ সংগ্ৰহ কৰে । তেওঁলোকৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে ভাৰতীয় বলাৰসকলৰ বিপক্ষে উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷

লগতে পঢ়ক: আইচিচিৰ মাহটোৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ বঁটাৰ বাবে মনোনীতৰ নাম ঘোষণা