ETV Bharat / sports

গুৱাহাটীত অনুষ্ঠিত হ’ব ২০২৮ বৰ্ষৰ ইণ্ডিয়া অ’পেন বেডমিণ্টন

নতুন দিল্লীৰ শীতকালীন বায়ু প্ৰদূষণ আৰু ইনড’ৰ ষ্টেডিয়ামৰ ঠাণ্ডা বাতাৱৰণৰ বাবে ইণ্ডিয়া অ’পেনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ প্ৰতিযোগিতাক সমালোচনা কৰিছে এণ্ডাৰ্ছ এণ্টনছনকে ধৰি শীৰ্ষ খেলুৱৈসকলে ।

India Open to be moved to Guwahati in 2028
গুৱাহাটীত অনুষ্ঠিত হ’ব ২০২৮ বৰ্ষৰ ইণ্ডিয়া অ’পেন বেডমিণ্টন (প্ৰতিনিধিত্বমূলক ছবি) (X @himantabiswa)
author img

By PTI

Published : August 24, 2026 at 10:45 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্ব'নৰ মহাসচিব সঞ্জয় মিশ্ৰই দেওবাৰে কয় যে ২০২৮ বৰ্ষৰ ইণ্ডিয়া অ’পেন ছুপাৰ ৭৫০ প্ৰতিযোগিতাখন গুৱাহাটীত অনুষ্ঠিত হ’ব ৷ গণৰাজ্য দিৱসৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিযোগিতা দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত কৰাত কিছু অসুবিধা থকাৰ বাবে গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

নতুন দিল্লীৰ শীতকালীন বায়ু প্ৰদূষণ আৰু ইনড’ৰ ষ্টেডিয়ামৰ ঠাণ্ডা বাতাৱৰণৰ বাবে ইণ্ডিয়া অ’পেনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ প্ৰতিযোগিতাক সমালোচনা কৰিছে এণ্ডাৰ্ছ এণ্টনছনকে ধৰি শীৰ্ষ খেলুৱৈসকলে ।

নতুন দিল্লীৰ শীতকালীন বতৰৰ প্ৰতিকূলতাৰ পৰা হাত সাৰিবলৈ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনে ২০২৭ চনৰ ছিজনৰ বাবে ইণ্ডিয়া অ’পেন ২-৭ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিছে ৷ তাৰ পাছত ২০২৮ চনৰ প্ৰতিযোগিতা পুনৰ জানুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

মিশ্ৰই কয় যে ২০২৮ চনত ২৫-৩০ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা দিল্লীত আয়োজন কৰাটো নিৰাপত্তা আৰু লজিষ্টিক সমস্যাৰ বাবে কঠিন হ’ব ।

মিশ্ৰই সাংবাদিকৰ আগত কয়, ‘‘২০২৮ ইণ্ডিয়া অ'পেন জানুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব আৰু সেই সময়ছোৱাত ৰাষ্ট্ৰীয় ৰাজধানীত গণৰাজ্য দিৱসৰ নিৰাপত্তা ব্যৱস্থা বাহাল থকাৰ পৰিপ্ৰেক্ষিতত আমি অনুভৱ কৰিছো যে কেৱল সেই বছৰৰ বাবেহে আমি প্ৰতিযোগিতাখন গুৱাহাটীলৈ স্থানান্তৰিত কৰিব লাগিব । ২০২৯ চনত পুনৰ নতুন দিল্লীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।"

গুৱাহাটীত সফলতাৰে আয়োজন কৰা হৈছিল ২০২৫ চনৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ । এণ্টনচেনে বাৰে বাৰে এই অনুষ্ঠানৰ পৰা আঁতৰি আছিল আৰু বাধ্যতামূলক জৰিমনাৰ সন্মুখীন হৈছিল ৷ তেওঁ বি ডব্লিউ এফক প্ৰতিযোগিতাখনৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে ।

বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ফ্ৰান্সৰ প্ৰথমজন বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হোৱা থম জিকেল আৰু ডেলফিন ডেলৰুৰ মিক্সড ডাবলছৰ যুটিয়েও বি ডব্লিউ এফক বেলেগ স্থানত ইণ্ডিয়া অ’পেন আয়োজন কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: এফআইএইচ হকী বিশ্বকাপ ২০২৬ : ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সুবৰ্ণ সুযোগ