ETV Bharat / sports

বিশ্বকাপত একেৰাহে তৃতীয়টো পৰাজয় ভাৰতৰ, ছেমি ফাইনেলত ইংলেণ্ড

ইংলেণ্ডে জয়ৰ বাবে ২৮৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও ভাৰতে ৫০ অভাৰত ৬ উইকেট হেৰুৱাই মাত্ৰ ২৮৪ ৰাণহে কৰিবলৈ সক্ষম হয় ৷

ICC WOMENS WORLD CUP 2025
ভাৰতৰ দীপ্তি শৰ্মাৰ উইকেট পতনৰ পাচত ইংলেণ্ডৰ ছফী এক্লেষ্টনে (মাজত) সতীৰ্থৰ সৈতে উদযাপন কৰা সময়ত (AP)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 8:11 AM IST

|

Updated : October 20, 2025 at 9:44 AM IST

2 Min Read
Choose ETV Bharat

ইন্দোৰ : মহিলা বিশ্বকাপৰ ২০ সংখ্যক খেলত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল ৷ ৰোমাঞ্চকৰ খেলত ইংলেণ্ডে ভাৰতক ৪ ৰাণত পৰাস্ত কৰে ৷ এই পৰাজয়ে ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত প্ৰচণ্ড আঘাত হানে ৷ ভাৰতে ৫খন খেলৰ তিনিখন পৰাজয় আৰু দুখন জয়ৰ জৰিয়তে ৪ পইণ্ট লাভ কৰিছে ৷

ইংলেণ্ডে প্ৰথমে বেটিং কৰি ভাৰতক ২৮৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ ৭০ আৰু স্মৃতি মান্ধনাৰ ৮৮ ৰাণেও ভাৰত জয়ৰ মুখ দেখুৱাবলৈ সক্ষম নহ’ল ৷ দীপ্তি শৰ্মাইও ৫০ ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু ভাৰতে ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ২৮৪ ৰাণহে কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ পূৰ্বে ৩৫ বছৰীয়া প্ৰবীণ বেটছমেন হিদাৰ নাইটৰ (১০৯ ৰাণ) তৃতীয় এদিনীয়া শতকৰ সহায়ত ইংলেণ্ডে আই চি চি মহিলা বিশ্বকাপৰ খেলখনত ৮ উইকেটত ২৮৮ ৰাণ সংগ্ৰহ কৰে ৷ এইটো আছিল ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ সৰ্বোচ্চ স্ক’ৰ আৰু লগতে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে প্ৰথম ইনিংছত সৰ্বাধিক স্ক’ৰ ৷ ইফালে এদিনীয়া খেলত শতক অৰ্জন কৰা ইংলেণ্ডৰ দ্বিতীয় বয়সীয়াল বেটছমেন হিচাপে পৰিগণিত হয় হিদাৰ ৷

মধ্য প্ৰদেশৰ ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ইংলেণ্ডৰ অ’পেনাৰ টেমি বিউমাউণ্ট (২২) আউট হোৱাৰ পিছত নাইটে খেলপথাৰত প্ৰৱেশ কৰে আৰু অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্ট (৩৮)ৰ সৈতে ১১৩ ৰাণৰ শতকীয় অংশীদাৰিত্ব ভাগ কৰে ৷ ইয়াৰ পিছতে ৩০০ সংখ্যক এদিনীয়া খেলি থকা নাইটে মিডল অৰ্ডাৰ বেটছমেনৰ সৈতে উপযোগী অংশীদাৰিত্ব গঢ়ি তুলিছিল ৷ নাইটে ১৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৯১টা বলত ১০৯ ৰাণ সংগ্ৰহ কৰে ৷ ৩৪ বছৰ আৰু ২৯৭ দিন বয়সত হিদাৰ ইংলেণ্ডৰ হৈ এদিনীয়া শতক অৰ্জন কৰা দ্বিতীয় বয়সৰ খেলুৱৈ হিচাপে পৰিগণিত হয় ৷

লগতে পঢ়ক : ক্ৰিকেটৰ খেলপথাৰত আজি অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া

আই চি চি মহিলা বিশ্বকাপ: হিলীৰ শতকৰে ছেমি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ

আই চি চি মহিলা বিশ্বকাপত ২৮ বছৰীয়া বিশ্ব অভিলেখ ভংগ স্মৃতি মন্ধানাৰ

Last Updated : October 20, 2025 at 9:44 AM IST