ব্ৰাজিল, উৰুগুৱে, পানামাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ বাবে ভাৰতীয় ফুটবল দলৰ নাম ঘোষণা
২৬ ছেপ্টেম্বৰৰ পৰা ভাৰতত ফুটবলৰ উন্মাদনা, মেচ খেলিবলৈ ভাৰতলৈ আহিব ব্ৰাজিলৰ তাৰকা খেলুৱৈ ৷

Published : September 1, 2026 at 8:33 PM IST
হায়দৰাবাদ : ক্ৰিকেটৰ উন্মাদনাৰ সমান্তৰালকৈ ফুটবলৰো প্ৰতিও ভাৰতত নতুন ঢৌৰ সৃষ্টি হৈছে ৷ শীঘ্ৰে ভাৰত ভ্ৰমণলৈ আহিব আগশাৰী আন্তঃৰাষ্ট্ৰীয় তিনিটাকৈ ফুটবল দল, যি ভাৰতৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ কৰিব ৷
২৬ ছেপ্টেম্বৰৰ পৰা ভাৰতত আৰম্ভ হ'বলগীয়া ত্ৰিদেশীয় আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব ব্ৰাজিল, উৰুগুৱে আৰু পানামা দল ৷
India’s squad for the September-October FIFA Men’s International Match Window. 🐯
— Indian Football (@IndianFootball) August 31, 2026
The #BlueTigers’ training camp will begin on September 14 in Bengaluru.
September 26: 🇮🇳 vs 🇵🇦
October 3: 🇮🇳 vs 🇧🇷
October 6: 🇮🇳 vs 🇺🇾
Read more 🔗 https://t.co/T8KgsPnPYz#IndianFootball pic.twitter.com/1qN9O14uOa
সেয়ে বন্ধুত্বমূলক ত্ৰিদেশীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেন্টৰ বাবে ২৬ জনীয়া ভাৰতীয় ফুটবল দলৰ নাম ঘোষণা কৰিছে ৷ সোমবাৰে ২৬ জনীয়া ভাৰতীয় ফুটবল দলৰ নাম ঘোষণা কৰে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে ৷
মুখ্য প্ৰশিক্ষকে ঘোষণা কৰা ভাৰতৰ ২৬ জনীয়া দলটো আছে গ’লৰক্ষকৰ বাবে : এলবিনো গোমেছ, গুৰপ্ৰীত সিং সন্ধু, প্ৰভসুখান সিং গিল, সোম কুমাৰ । ডিফেণ্ডাৰৰ বাবে: অভিষেক সিং টেকচাম, আকাশ মিশ্ৰ, আনোৱাৰ আলী, বিজয় ভাৰ্গেছ, হ্মিংথানমাৱিয়া ৰালটে, জয় গুপ্তা, প্ৰমবীৰ, ৰিকি মীটেই হাওবাম ৷ মিডফিল্ডাৰৰ বাবে: অনিৰুদ্ধ থাপা, আছিক কুৰুণিয়ান, ফাৰুখ চৌধুৰী, লালেংমাৱিয়া ৰালটে, মেকাৰ্টন নিকছন, মহম্মদ ছানন, ৰিকি শ্বাবং, ছাহাল আব্দুল ছামাদ । ফৰৱাৰ্ডৰ বাবে : এডমাণ্ড লালৰিণ্ডিকা, ইৰফান যাদৱাদ, মনবীৰ সিং, ৰহিম আলী, ৰিয়ান উইলিয়ামছ, বিক্ৰম প্ৰতাপ সিং। |
উল্লখ্য যে, ২৬ ছেপ্টেম্বৰত বেংগালুৰুৰ কান্তেবীৰা ষ্টেডিয়ামত ভাৰতীয় দল অৱতীৰ্ণ হ'ব পানামৰ বিৰুদ্ধে ৷ ইয়াৰ পাছত ৩ অক্টোবৰত কলকাতাৰ চ'ল্ট লেক ষ্টেডিয়ামত পাঁচ বাৰ ফিফা বিশ্বকাপ বিজয়ী দল ব্ৰাজিলৰ সৈতে মুখামুখি হ'ব ভাৰতীয় দলটো ৷ ঠিক একে দৰে ৬ অক্টোবৰত দুবাৰৰ ফিফা বিশ্বকাপ বিজয়ী দল উৰুগুৱেৰ মুখামুখি হ'ব ভাৰতীয় দলে ৷
ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক জামিলে কয়,"ভাৰতৰ বাবে এয়া সুবৰ্ণ সুযোগ ৷ যিহেতু ফিফা বিশ্বকাপত স্থান থকা তিনিটা দলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব ভাৰতীয় দলে ৷ ইয়াৰ ফলত আগন্তুক ফিফা বিশ্বৰ বাবে যি যাত্ৰা সেয়া তৈয়াৰ হ'ব ৷ আমি প্ৰতিখন মেচ জিকাৰ বাবে খেলিম ৷"
লগতে পঢ়ক:যেন অভিলেখৰ আন এক নাম বৈভৱ সূৰ্যবংশী; ১৫ বছৰতে আন এক মাইলৰ খুঁটি স্থাপন

