জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত ভাৰতৰ, এতিয়াও সজীৱ ছেমি ফাইনেলৰ আশা
ভাৰতৰ ২৫৬ ৰাণৰ প্ৰত্যুত্তৰত জিম্বাবুৱেই ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

Published : February 27, 2026 at 12:14 AM IST
হায়দৰাবাদ : টি-২০ বিশ্বকাপৰ দ্বিতীয়খন আৰু গুৰুত্বপূৰ্ণ ছুপাৰ ৮ মেচত ভাৰতে জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে । ভাৰতে এতিয়া টি-২০ বিশ্বকাপৰ শীৰ্ষ চাৰিটা স্থানত প্ৰৱেশ কৰিবলৈ ৱেষ্ট ইণ্ডিজক ছুপাৰ ৮ৰ অন্তিমখন খেলত পৰাস্ত কৰিব লাগিব । ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই মেচখন ।
চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ খেলখনত জিম্বাবুৱেই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লয় । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ২৫৬ ৰাণ সংগ্ৰহ কৰে, যিটো বৰ্তমানৰ টি-২০ বিশ্বকাপৰ সৰ্বাধিক আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক দলীয় স্ক’ৰ ।
A comfortable win for Team India! 🇮🇳
— Star Sports (@StarSportsIndia) February 26, 2026
Team India bag 2 very important points to stay in contention a spot in the semi-final. 🎯
Up next: ICC Men’s #T20WorldCup 👉 SUPER 8, #INDvWI | SUN, 1st MAR, 6 PM pic.twitter.com/dqhoOvo02n
ইয়াৰ উত্তৰত জিম্বাবুৱেই ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰাণহে মেনেজ কৰিব পাৰিছিল । ব্রায়ান বেনেটে ৮টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৫৯টা বলত ৯৭ ৰাণ সংগ্ৰহ কৰি এক উজ্জ্বল অপৰাজিত ইনিংছ খেলে । অধিনায়ক ছিকন্দৰ ৰাজাইও ২১টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে, যিটো তেওঁৰ দলৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰ ।
ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ আৰ্শদীপ সিঙে ৪ অভাৰত ২৩ ৰাণত ৩টা উইকেট দখল কৰে । বৰুণ, অক্ষৰ আৰু ডুবেয়েও এটাকৈ উইকেট দখল কৰে ।
ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াই ২৩ বলত ৫০ ৰাণ আৰু তিলক বৰ্মাই ১৬ বলত অপৰাজিত ৪৪ ৰাণ কৰি ভাৰতৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । জিম্বাবুৱেৰ হৈ টিনোটেণ্ডা মাপোছা, ব্লেছিং মুজাৰাবানি, ৰিচাৰ্ড ঙাৰাভা, আৰু ছিকন্দাৰ ৰাজাই এটাকৈ উইকেট দখল কৰে । উৎকৃষ্ট বেটিঙৰ বাবে হাৰ্দিকক প্লেয়াৰ অৱ দ্য মেচৰ বঁটাৰে সন্মানিত কৰা হয় ।
IND vs ZIM: ভাৰতৰ খেলুৱৈৰ ৰাণ
- ১৫টা বলত ২৪ ৰাণ সংগ্ৰহ কৰি আউট হয় সঞ্জু চেমছন
- ২৪টা বলত ৩৮ ৰাণ সংগ্ৰহ কৰি আউট হয় ঈশান কিষাণ
- ৩০টা বলত ৫৫ ৰাণ কৰি আউট হয় অভিষেক শৰ্মা
- সূৰ্যকুমাৰ যাদৱে ১৩টা বলত ৩৩ ৰাণ সংগ্ৰহ কৰি আউট হয়
ভাৰতৰ প্লেয়িং একাদশত দুটা ডাঙৰ পৰিৱৰ্তন
ভাৰতীয় দলটোৱে নিজৰ মূল একাদশত দুটা ডাঙৰ পৰিৱৰ্তন কৰে । ৱাশ্বিংটন সুন্দৰৰ ঠাইত অক্ষৰ পেটেলক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ৰিংকু সিঙৰ ঠাইত সঞ্জু চেমছনক অন্তৰ্ভুক্ত কৰা হয় ।

