ETV Bharat / sports

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা; কমলিনী আৰু বৈষ্ণৱীয়ে পালে সুযোগ

২১ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা । বৈষ্ণৱী শৰ্মাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত সুযোগ লাভ কৰিছে ।

INDIA W VS SRI LANKA W T20
ভাৰতীয় মহিলা ক্ৰিকেট দল (IANS)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 10:27 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় মহিলা ক্ৰিকেট দলে ২১ ডিচেম্বৰৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ঘৰুৱা টি-২০ শৃংখলাৰ পাঁচখন এদিনীয়া মেচ খেলিব ৷ নৱী মুম্বাইত ২ নৱেম্বৰত অনুষ্ঠিত মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ত জয়লাভ কৰাৰ পাছত ভাৰতীয় দলে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচত অংশ ল’ব ৷ ১২ জুনৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে তেওঁলোকৰ প্ৰস্তুতি নিশ্চিত কৰাৰ বাবে এই শৃংখলাটো এক গুৰুত্বপূৰ্ণ সুযোগ হ’ব ৷

হৰমনৰ কান্ধত দলৰ দায়িত্ব, স্মৃতি উপ-অধিনায়ক

ভাৰতীয় মহিলা বাছনি সমিতিয়ে শ্ৰীলংকা মহিলাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই ডি এফ চি ফাৰ্ষ্ট বেংকৰ পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দলৰ নাম ঘোষণা কৰিছে ৷ এই শৃংখলাত বৈষ্ণৱী শৰ্মা আৰু জি কমলিনীয়ে সুযোগ লাভ কৰিছে ৷ শৃংখলাটোত হৰমনপ্ৰীত কৌৰে দলৰ অধিনায়কত্ব লাভ কৰাৰ বিপৰীতে স্মৃতি মান্ধনা উপ অধিনায়ক হিচাপে থাকিব ৷ ৰিচা আৰু জি কমলিনীক উইকেটকীপাৰ হিচাপে সুযোগ দিয়া হৈছে ৷

এই খেলুৱৈসকলে পালে সুযোগ

ভাৰতীয় দলটোত আছে বেগী বলাৰ অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড়, ৰেনুকা সিং ঠাকুৰ আৰু অমনজোৎ কৌৰ ৷ দীপ্তি শৰ্মা, স্নেহ ৰাণা, শ্ৰী চৰণী, আৰু বৈষ্ণৱী শৰ্মাক স্পিনাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ জেমিমা ৰড্ৰিগেছ, শ্বেফালি বাৰ্মা, আৰু হাৰ্লিন দেউলক বেটছমেন হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল

ভাৰত : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), দীপ্তি শৰ্মা, স্নেহ ৰাণা, জেমিমা ৰড্ৰিগেছ, শ্বেফালি বাৰ্মা, হৰলিন দেউল, অমনজোৎ কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড়, ৰেনুকা সিং ঠাকুৰ, ৰিচা ঘোষ (উইকেটকীপাৰ), জি কমলিনী (উইকেটকীপাৰ), শ্ৰী চৰণী আৰু বৈষ্ণৱী শৰ্মা ৷

ভাৰত-শ্ৰীলংকা T20I ছিৰিজৰ সূচী

  • প্ৰথম T20I - ২১ ডিচেম্বৰ, বিশাখাপট্টনম
  • দ্বিতীয় T20I - ২৩ ডিচেম্বৰ, বিশাখাপট্টনম
  • তৃতীয় T20I - ২৬ ডিচেম্বৰ, তিৰুৱনন্তপুৰম
  • চতুৰ্থ টি২০I - ২৮ ডিচেম্বৰ, তিৰুৱনন্তপুৰম
  • পঞ্চম টি২০I - ৩০ ডিচেম্বৰ, তিৰুৱনন্তপুৰম

লগতে পঢ়ক : ৫২ বছৰৰ পিছত বিশ্ব চেম্পিয়ন হ'ল ভাৰত

বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়ালৈ ৫১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা বি চি চি আইৰ

বিশ্বজয়ৰ ট্ৰফী হাতত লৈ প্ৰধানমন্ত্ৰীৰ কাষত ভাৰতীয় মহিলা ক্ৰিকেট দল