দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে T20 শৃংখলাৰ ভাৰতীয় দল ঘোষণা, বাদ পৰিল এই দুজন খেলুৱৈ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰতে ঘোষণা কৰিছে দল । শুভমন গিল আৰু হাৰ্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তন ৷

Published : December 4, 2025 at 7:47 AM IST
হায়দৰাবাদ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে IDFC ফাৰ্ষ্ট বেংক টি-২০ ছিৰিজৰ বাবে ভাৰতীয় নিৰ্বাচক দলে ঘোষণা কৰিছে টীম ইণ্ডিয়াৰ দল ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে শুভমন গিলক উপ-অধিনায়ক হিচাপে নিযুক্তি দিছে ছিনিয়ৰ পুৰুষৰ বাছনি সমিতিয়ে ৷ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াও আঘাতৰ পিছত দললৈ ঘূৰি আহিছে ৷
গিল আৰু হাৰ্ডিকৰ প্ৰত্যাৱৰ্তন
ভাৰতৰ উপ অধিনায়ক হিচাপে ঘূৰি আহিছে শুভমন গিল, কিন্তু ছিৰিজখনত তেওঁৰ অংশগ্ৰহণ কৰিব পাৰিব নে নাই সেয়া বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ ফিটনেছ ক্লিয়াৰেন্সৰ আওতাত আছে ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হয় ৷ প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত ডিঙিৰ আঘাতৰ বাবে বাহিৰ হ’বলগীয়া হয় ৷ পৰৱৰ্তী সময়ত তেওঁ দুয়োখন টেষ্ট মেচ আৰু তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছিল ৷
দলৰ পৰা বাদ দিয়া হৈছে এই ২ জন খেলুৱৈক
এছিয়া কাপ ২০২৫ৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল হাৰ্দিক পাণ্ডিয়া ৷ আঘাতৰ পিছত দললৈ ঘূৰি অহা হাৰ্দিক পাণ্ডিয়াই চৈয়দ মুস্তাক আলী ট্ৰফীত নিজৰ দক্ষতা প্ৰমাণ কৰিছে ৷ বেট আৰু বল দুয়োটাৰে আকৰ্ষণীয় প্ৰদৰ্শনেৰে তেওঁ নিজৰ ফিটনেছ প্ৰদৰ্শন কৰিছে ৷ ইয়াৰ লগতে দলৰ পৰা বাদ দিয়া হৈছে নীতিশ ৰেড্ডী আৰু ৰিংকু সিঙক ৷
উভতি আহিল যশপ্ৰীত বুমৰাহ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত জিৰণি লোৱা যশপ্ৰীত বুমৰাহ পাঁচখন খেলৰ শৃংখলাৰ বাবেও উভতি আহিছে ৷ টীম ইণ্ডিয়াৰ দ্ৰুত বলিং লাইনআপত আৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাই নেতৃত্ব দিব, আনহাতে স্পিনৰ দায়িত্ব ল’ব কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, আৰু ৱাশ্বিংটন সুন্দৰে ৷
🚨 NEWS 🚨#TeamIndia's squad for the 5⃣-match T20I series against South Africa announced.
— BCCI (@BCCI) December 3, 2025
Details ▶️ https://t.co/3Bscuq6Gri #INDvSA | @IDFCFIRSTBank pic.twitter.com/0bHLCcbwTD
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ দল
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, আৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, ৱাশ্বিংটন সুন্দৰ ৷
লগতে পঢ়ক : বিৰাট-ৰুতুৰাজৰ শতকেও বচাব নোৱাৰিলে দলক, প্ৰথম এদিনীয়াৰ পৰাজয়ৰ পোতক দক্ষিণ আফ্ৰিকাৰ

