ETV Bharat / sports

৪৮৯ ৰাণত অল আউট দক্ষিণ আফ্ৰিকা, দ্বিতীয় দিনা ৯ ৰাণ সংগ্ৰহ ভাৰতৰ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয় দিনাৰ খেলৰ শেষত ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ ৯ ৰাণ সংগ্ৰহ কৰে ।

INDIA VS SOUTH AFRICA 2ND TEST
ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনাৰ খেল (ANI)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 7:55 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ তৃতীয় ছেছনত দক্ষিণ আফ্ৰিকাই ১৫১.১ অভাৰত ৪৮৯ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ইয়াৰ পাছতে ভাৰতে ৬.১ অভাৰত এটা উইকেট হেৰুৱাই ৯ ৰাণত দ্বিতীয় দিনাৰ খেলখন সমাপ্ত কৰে । যশস্বী জয়ছোৱালে ৭ ৰাণ আৰু কে এল ৰাহুলে ২ ৰাণেৰে ক্ৰীজত আছিল ।

দ্বিতীয় দিন: তৃতীয় ছেছন

দ্বিতীয় দিনৰ তৃতীয় ছেছনত দক্ষিণ আফ্ৰিকাই ১৫১.১ অভাৰত ৪৮৯ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ছেনুৰাণ মুথুস্বামী ১০৯ ৰাণ আৰু চাইমন হাৰ্মাৰ ৫ ৰাণত আউট হয় । মাৰ্কো জান্সেনৰ ৰূপত দক্ষিণ আফ্ৰিকাৰ শেষৰটো উইকেট পতন ঘটে । তেওঁ ৯১টা বলত ৬টা চাৰি আৰু ৭টা ছয়ৰে ৯৩ ৰাণ সংগ্ৰহ কৰে আৰু শতক অৰ্জন কৰাত ব্যৰ্থ হয় । ১২ ৰাণত অপৰাজিত হৈ থাকে কেশৱ মহাৰাজ । ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা, আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট দখল কৰে ।

ভাৰতৰ হৈ ইনিংছ মুকলি কৰে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জন্সন আৰু উইয়ান মুল্ডাৰে বলিঙৰ আৰম্ভণি কৰে । দ্বিতীয় দিনা খেলৰ সামৰণিৰ সময়ত ভাৰতে ৬.১ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৯ ৰাণ সংগ্ৰহ কৰে । যশস্বী জয়ছোৱালে ৭ ৰাণ আৰু কে এল ৰাহুলে ২ ৰাণেৰে ক্ৰীজত আছিল ।

দ্বিতীয় দিন: দ্বিতীয় ছেছন

প্ৰথম ছেছনৰ ৩১৬/৬ স্ক’ৰৰ পৰা আগবাঢ়ি গৈ দক্ষিণ আফ্ৰিকাই দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ৭ উইকেটৰ বিনিময়ত ৪২৮ ৰাণ সংগ্ৰহ কৰে । দ্বিতীয় ছেছনত কাইল বেৰেইন (৪৫)ৰ ৰূপত ভাৰতে ইনিংছৰ সপ্তমটো উইকেট আৰু দিনটোৰ প্ৰথমটো উইকেট লয় । ইয়াৰ পিছতে ছেনুৰাণ মুথুস্বামীয়ে নিজৰ প্ৰথম টেষ্টত শতক অৰ্জন কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ তেওঁ ১৯২টা বলত ৯টা চাৰি আৰু ২টা ছয়ৰে প্ৰথম শতক সম্পূৰ্ণ কৰে । ইফালে মাৰ্কো জন্সনেও নিজৰ অৰ্ধশতকত উপনীত হয় । তেওঁ ৫৩টা বলত ৩টা চাৰি আৰু ৪টা ছয়ৰে ৫০ ৰাণ সংগ্ৰহ কৰে ।

দ্বিতীয় দিন: প্ৰথম ছেছন

কাইল বেৰেইন (১) আৰু ছেনুৰাণ মুথুস্বামীয়ে (২৫) দ্বিতীয় দিনটোত আৰম্ভণি কৰি প্ৰথম দিনটোৰ ২৪৭/৬ স্ক’ৰৰ পৰা ইনিংছ অব্যাহত ৰাখে । দ্বিতীয় দিনৰ প্ৰথম ছেছনত উইকেটবিহীন হৈ থকা দক্ষিণ আফ্ৰিকাই স্ক’ৰ ৩১৬ লৈ বৃদ্ধি কৰে । ইফালে মুথুস্বামীয়ে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । ১২১টা বলত ৫টা ৪ ৰে তেওঁ ৫০ ৰাণ সম্পূৰ্ণ কৰে ।

ভাৰত আৰু আফ্ৰিকাৰ মাজত প্ৰথম দিনাৰ খেলখন কেনেকুৱা আছিল ?

ইয়াৰ পূৰ্বে এই মেচৰ প্ৰথম দিনাই টছত জয়লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই প্ৰথম বেটিং কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । তেওঁলোকৰ দুই অ’পেনাৰ এডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটনে প্ৰথম উইকেটৰ বাবে ৮২ ৰাণ সংগ্ৰহ কৰে । মাৰ্ক্ৰামে ৩৮ আৰু ৰিকেলটনে ৩৫ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক টেম্বা বাভুমাই মুঠ ৪১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছত ট্ৰিষ্টান ষ্টাবছ ৪৯ ৰাণত আউট হয় । টনি ডি জৰ্জিয়ে ২৮ আৰু মাল্ডাৰে ১৩ ৰাণ সংগ্ৰহ কৰে ।

এই মেচখনৰ প্ৰথম দিনটোৰ শেষত দক্ষিণ আফ্ৰিকাৰ হৈ কাইল বেৰেইন (১) আৰু ছেনুৰাণ মুথুস্বামী (২৫) অপৰাজিত থাকে । ভাৰতৰ হৈ প্ৰথম দিনটোত সৰ্বাধিক কুলদীপ যাদৱে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰা, চিৰাজ, আৰু জাদেজাই এটাকৈ উইকেট দখল কৰে ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলা ১১

ভাৰত : কে এল ৰাহুল, যশস্বী জয়ছোৱাল, বি সাই সুদৰ্শন, ধ্ৰুৱ জুৰেল, ঋষভ পন্ত (অধিনায়ক-উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।

দক্ষিণ আফ্ৰিকা : এডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মাল্ডাৰ, টেম্বা বাভুমা (অধিনায়ক), টনি ডি জৰ্জি, ট্ৰিষ্টান ষ্টাবছ, কাইল বেৰেইন (উইকেটৰক্ষক), মাৰ্কো জান্সন, ছেনুৰণ মুথুস্বামী, ছাইমন হাৰ্মাৰ, কেশৱ মহাৰাজ ।

লগতে পঢ়ক : IND vs SA : গুৱাহাটীত আৰম্ভ টেষ্ট মেচৰ দ্বিতীয়টো দিন, উইকেটৰ সন্ধানত ভাৰত

ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ প্ৰথম দিনটোত দক্ষিণ আফ্ৰিকাৰ ৬ উইকেটত ২৪৭ ৰাণ সংগ্ৰহ

ইতিহাস সৃষ্টিৰে বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ প্ৰথমটো বল বুমৰাহৰ

এ চি এ ষ্টেডিয়াম টেষ্ট ক্ৰিকেটৰ খেলপথাৰ হোৱাটো গৌৰৱৰ কথা: হিমন্ত বিশ্ব শৰ্মা

ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু বৰ্ষাপাৰা, আজিৰে পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট