ETV Bharat / sports

অগ্নিগৰ্ভা পৰিস্থিতিকো নেওচি ফুটবল জগতত অপ্ৰতিৰোধ্য মণিপুৰ

সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবলৰ ৰাণাৰ্ছ আপ মণিপুৰৰ ছাদাৰ হিলছ ফুটবল ক্লাব । আঢ়ৈবছৰীয়া হিংসাজর্জৰ পৰিস্থিতিৰ মাজতো ফুটবল জগতত উজলিল মণিপুৰ।

Independence Day Cup Football Tournament runners-up: Manipur's Sadar Hills Football Club
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 9:14 AM IST

4 Min Read
Choose ETV Bharat

নগাঁও: আঢ়ৈবছৰীয়া এক হিংসাজর্জৰ পৰিস্থিতি । য’ত আজিও ছানি আছে অশান্ত পৰিৱেশে । বিগত আঢ়ৈ বছৰে সমগ্ৰ ৰাজ্যজুৰি বিয়পি থকা হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজত দুই জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা সংঘাতে অশান্ত কৰা উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ ক্ৰীড়া ক্ষেত্ৰক কিন্তু ৰোধিব পৰা নাই আঢ়ৈ বছৰীয়া হিংসাজর্জৰ পৰিস্থিতিয়েও ।

এনে এক অশান্ত পৰিৱেশৰ মাজতে দেশৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চূড়ান্ত খেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় যদিও চূড়ান্ত খেলত ৰাণাৰ্ছ আপৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় অশান্ত মণিপুৰৰ ছাদাৰ ফুটবল দল । অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতো ক্ৰীড়া ক্ষেত্ৰখনক দেশৰ ভিতৰতে উজলাই তুলিবলৈ সক্ষম হৈছে মণিপুৰৰ ছাদাৰ হিলছ ফুটবল ক্লাবে ।

অগ্নিগৰ্ভা পৰিস্থিতিকো নেওচি ফুটবল জগতত অপ্ৰতিৰোধ্য মণিপুৰ (ETV Bharat Assam)

দেশ স্বাধীন হোৱাৰ পাছৰ পৰাই নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ অহা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাই ৭৭ বছৰত ভৰি দিছে । নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৭৭ সংখ্যক ফুটবল প্ৰতিযোগিতাত অসমৰ কেইবাটাও ফুটবল দলৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ১৬ টা ফুটবল দলে অংশগ্ৰহণ কৰে ।

Independence Day Cup Football Tournament runners-up: Manipur's Sadar Hills Football Club
মণিপুৰৰ ছাদাৰ হিলছ ফুটবল ক্লাৱৰ দুৰ্দান্ত প্ৰদৰ্শন (ETV Bharat Assam)

নগাঁও ক্ৰীড়াসন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ঐতিহাসিক স্বাধীনতা কাপ ফুটবল খেলৰ ৭৭ সংখ্যক প্ৰতিযোগিতাৰ চূড়ান্ত খেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা মণিপুৰৰ ছাদাৰ ফুটবল ক্লাবে সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা খেলখনৰ নিৰ্ধাৰিত সময়ত ২-২ গ’লত অমীমাংসিত হৈ থকাত ট্ৰেইবেকাৰ পদ্ধতিৰ সহায়ত খেলৰ ফলাফল নিৰ্ণয় কৰা হয় ।

Independence Day Cup Football Tournament runners-up: Manipur's Sadar Hills Football Club
নুৰুল আমিন ষ্টেডিয়ামত ফুটবল খেলৰ কিছু অংশ (ETV Bharat Assam)

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৰু মণিপুৰ ছাদাৰ ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ট্ৰেইবেকাৰসহ সামগ্ৰিকভাৱে ১৫-১৪ গ’ল মণিপুৰ ছাদাৰ এফ চিক পৰাস্ত কৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় ।

Independence Day Cup Football Tournament runners-up: Manipur's Sadar Hills Football Club
ৰাণাৰ্ছ আপৰ ট্ৰফীৰ সৈতে দলটো (ETV Bharat Assam)

৭৭ সংখ্যক স্বাধীনতা কাপ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পাছত এই পৰ্যন্ত পাঁচবাৰকৈ চূড়ান্ত বিজয়ী খিতাপ অর্জন কৰিবলৈ সক্ষম হয় অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ । ইয়াৰোপৰি তিনিবাৰকৈ চূড়ান্ত খেলত বিজেতা খিতাপ অর্জন কৰিবলৈ সক্ষম হয় অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ । খেলৰ ফালফলৰ সন্দৰ্ভত ই টিভি ভাৰতক জানিবলৈ দিয়ে নগাঁও ক্ৰীড়া সন্থাৰ অন্যতম প্ৰতিনিধি অসীম কুমাৰ ভাৱেলে ।

শনিবাৰে নৈশালোকত নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উত্তেজনাপূৰ্ণ চূড়ান্তখনত দুয়োটা দলেই বিজয়ী সাব্যস্ত কৰিবলৈ কৰা চেষ্টাই আকৰ্ষিত কৰে দৰ্শকক ।

Independence Day Cup Football Tournament runners-up: Manipur's Sadar Hills Football Club
মন্ত্ৰী পীয়ুষ হাজৰীকাক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত (ETV Bharat Assam)

২০২৩ চনৰ মে' মাহত আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষত এতিয়ালৈকে দুয়োটা সমাজৰে আঢ়ৈশৰো অধিক লোক নিহত হৈছে আৰু প্ৰায় ৭০,০০০মান লোক গৃহহীন হোৱা অৱস্থাত পৰিছে । বিগত ফেব্ৰুৱাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী এন. বিৰেণ সিঙে নিজৰ বিজেপি দলৰ অভ্যন্তৰীণ অসন্তোষ আৰু নেচনেল পিপল’ছ পাৰ্টি (এনপিপি) আদি আন দলৰ সমৰ্থন প্ৰত্যাহাৰৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী ৯ তাৰিখে পদত্যাগ কৰাৰ পাছত উত্তৰ-পূবৰ এই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় ।

মণিপুৰৰ এনে হিংসাত্মক পৰিস্থিতিয়েও ফুটবল জগততখনক ৰোধিব পৰা নাই বুলি ই টি ভি ভাৰতৰ সন্মুখত উল্লেখ কৰে স্বাধীনতা কাপ ফুটবলৰ বিজেতা দল মণিপুৰ ছাদাৰ এফ চিৰ দলপতিৰ লগতে খেলুৱৈয়ে ।

উল্লেখযোগ্য যে, ৭৭ বছৰত ভৰি দিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাখন ৰাজ্যৰ আটাইতকৈ দীৰ্ঘদিন ধৰি চলি থকা অন্যতম বিখ্যাত ফুটবল প্ৰতিযোগিতা ।

লগতে পঢ়ক: জনজাতিকৰণ নহ'লে আমাৰ অস্তিত্ব শেষ হ'ব : আটাছু

চাহ শ্ৰমিকৰ দৈনিক মজুৰি : নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৩৫১ টকা, লাভ কৰে ২৫০ টকা