ETV Bharat / sports

আই চি চি মহিলা বিশ্বকাপৰ চেম্পিয়ন ভাৰত, জিলিকিল দীপ্তি-শ্বেফালী

৫২ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপৰ ফাইনেলৰ খিতাপ দখল ভাৰতৰ ৷

ICC WOMENS WORLD CUP 2025
আই চি চি মহিলা বিশ্বকাপ ২০২৫ ৰ ফাইনেলত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 4:28 PM IST

|

Updated : November 3, 2025 at 12:12 AM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আজি এটা বিশেষ দেওবাৰ ৷ সমগ্ৰ ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আবদ্ধ আছে আজিৰ সন্ধিয়াটোত ৷ কিয়নো আজি নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ ৰ ফাইনেল খেল ।

নৱী মুম্বাইত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে টছ অনুষ্ঠিত কৰাত পলম হয় ৷ বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ পিছতে টছ অনুষ্ঠিত কৰা হয় ৷ দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৯৮ ৰাণ ৷ চেম্পিয়নৰ খিতাপ অৰ্জনৰ বাবে দক্ষিণ আফ্ৰিকাক প্ৰয়োজন ২৯৯ ৰাণৰ ৷ ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে শ্বেফালী বাৰ্মাই ।

সময়মতে সম্পূৰ্ণ খেলখন উপভোগ কৰাৰ আশাত ষ্টেডিয়ামত উপস্থিত হোৱা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল যথেষ্ট হতাশাৰ সন্মুখীন হৈছে । ভাৰতে তৃতীয়খন এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৰ এয়া প্ৰথমখন ফাইনেল খেল । দুয়োটা দলে থেলত জয়ী হৈ প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ ওপৰত দৃষ্টি ৰাখিব ৷

ভাৰতৰ শিৰত বিজয়ীৰ খিতাপ

নিৰ্ধাৰিত লক্ষ্য পূৰণত ব্যৰ্থ দক্ষিণ আফ্ৰিকা ৷ ৫২ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাজিত হয় দক্ষিণ আফ্ৰিকা ৷

দক্ষিণ আফ্ৰিকাই ২১ অভাৰত ১১৮ ৰাণ সংগ্ৰহ কৰে

দক্ষিণ আফ্ৰিকাই ২১ অভাৰত ১১৮ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতে দখল কৰিছে ৩ টা উইকেট ৷ ভাৰতৰ তৃতীয়টো সফলতা আহে সুনে লুছৰ ৰূপত । শ্বেফালী বাৰ্মাই ২৫ ৰাণত আউট কৰে বেটছমেনগৰাকীক । বৰ্তমান ল’ৰা উলভাৰ্ডে ৬৩ ৰাণ আৰু মাৰিজান কেপে ২ ৰাণেৰে ক্ৰিজত বৰ্তি আছে ।

১০ অভাৰত ৫২ ৰাণ সংগ্ৰহ দক্ষিণ আফ্ৰিকাৰ

ভাৰতে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য আগত লৈ ল’ৰা উলভাৰ্ড আৰু টাজমিন ব্ৰীটছে দক্ষিণ আফ্ৰিকাৰ হৈ ইনিংছ মুকলি কৰে । দক্ষিণ আফ্ৰিকাই ১০ অভাৰত এটা উইকেট হেৰুৱাই ৫২ ৰাণ সংগ্ৰহ কৰে । ৰাণ আউটৰ ৰূপত ভাৰতে লাভ কৰে প্ৰথমটো উইকেট । তাজমিন ব্ৰীটছ(২৩) ক ডাইৰেক্ট হিট থ্ৰ’ৰে অমনজোত কৌৰে পেভিলিয়নলৈ ঘূৰাই পঠিয়ায় ৷

শ্বেফালী আৰু দীপ্তিৰ অৰ্ধশতক

এই খেলখনত ভাৰতৰ হৈ স্মৃতি মন্ধানাই ৫৮ টা বলত ৮ টা চাৰিৰে ৪৫ ৰাণ সংগ্ৰহ কৰে । শ্বেফালী বাৰ্মাই ৭৮ টা বলত ৭ টা চাৰি আৰু দুটা ছয়ৰে ৮৭ ৰাণ সংগ্ৰহ কৰে । এই দুগৰাকী বেটছমেনৰ বাহিৰেও দীপ্তি শৰ্মাই অৰ্জন কৰে অৰ্ধশতক । ৫৮ টা বলত দীপ্তিয়ে ৩ টা চাৰি আৰু এটা ছয়ৰে ৫৮ ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, জেমিমা ৰড্ৰিগেছে ২৪ ৰাণ, হৰমনপ্ৰীত কৌৰে ২০ ৰাণ আৰু ৰিচা ঘোষে ২৪ টা বলত ৩৪ ৰাণৰ অৱদান আগবঢ়ায় ৷ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৩ টা উইকেট দখল কৰে আয়াবংগা খাকাই ।

২৫ অভাৰত ১৫১ ৰাণ সংগ্ৰহ ভাৰতৰ

২৫ অভাৰৰ শেষত এটা উইকেট হেৰুৱাই ১৫১ ৰাণ সংগ্ৰহ কৰিছে টীম ইণ্ডিয়াই । ভাৰতৰ হৈ শ্বেফালী বাৰ্মাই ৭৮ আৰু জেমিমা ৰড্ৰিগেছে সংগ্ৰহ কৰিছে ১৮ ৰাণ । শতক অৰ্জনৰ পৰা কিছু দূৰৈতহে আছে শ্বেফালী ৷

৬ অভাৰত ৪৫ ৰাণ সংগ্ৰহ ভাৰতৰ

টীম ইণ্ডিয়াৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰিজলৈ আহে স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মা । এই দুয়োগৰাকী বেটছমেনে প্ৰথম উইকেটৰ যুটিত ৬ অভাৰত কোনো উইকেট অবিহনে সংগ্ৰহ কৰে ৪৫ ৰাণ ৷ ৬ অভাৰৰ অন্তত শ্বেফালী বাৰ্মাই ২১ ৰাণ আৰু স্মৃতি মন্ধানাই ১৬ ৰাণত অপৰাজিত হৈ আছে ৷

অপৰিৱৰ্তিত দুয়ো দলৰ মূল একাদশ

আই চি চি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলখনত ভাৰতে নিজৰ প্লেয়িং-১১ ৰ কোনো পৰিৱৰ্তন কৰা নাই । আনহাতে, দক্ষিণ আফ্ৰিকাৰ দলটোতো হোৱা নাই কোনো পৰিৱৰ্তন ৷ ইয়াৰ পূৰ্বে নৱী মুম্বাইত ধাৰাসাৰ বৰষুণৰ বাবে টছত পলম হৈছিল । বৰষুণ বন্ধ হোৱাৰ লগে লগে ৪.৩০ বজাত টছ অনুষ্ঠিত হয় ৷ আনহাতে বিয়লি ৫ বজাৰ পৰা খেল আৰম্ভ হয় ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ সম্ভাৱ্য মূল একাদশ

ভাৰত

স্মৃতি মন্ধানা, চৈফালী বাৰ্মা, জেমিমা ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ(অধিনায়ক), অমনজোত কৌৰ, দীপ্তি শৰ্মা, ৰিচা ঘোষ(উইকেটকীপাৰ), ৰাধা যাদৱ, ক্ৰান্তি গৌড়, শ্ৰীচৰণী আৰু ৰেণুকা ঠাকুৰ ।

দক্ষিণ আফ্ৰিকা

ল’ৰা উলভাৰ্ড(অধিনায়ক), টাজমিন ব্ৰিটিছ, ছুনে লুছ, এনেকে বছ, এনেৰী ডাৰ্কচেন, মাৰিজান কাপ, চিনালো জাফটা(উইকেটকীপাৰ), ক্ল’ ট্ৰায়ন, নাডিন ডি ক্লাৰ্ক, আয়াবংগা খাকা আৰু ননকুলুলেকো ম্লাবা ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মুখামুখি

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দল দুটাৰ মাজত মুঠ ৩৪ খন এদিনীয়া খেল অনুষ্ঠিত হৈছে । ইয়াৰে ২০ খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১৩ খন খেলত জয়লাভ কৰিছে । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মাত্ৰ এখন মেচ অমীমাংসিতভাৱে সমাপ্ত হৈছে । তুলনামূলকভাৱে টীম ইণ্ডিয়াৰ জয়ৰ পৰিসংখ্যা দক্ষিণ আফ্ৰিকাৰ জয়ৰ পৰিসংখ্যাতকৈ বেছি ।

লগতে পঢ়ক: কোন হ’ব বিশ্বৰ নতুন চেম্পিয়ন, আজি হ’ব নিৰ্ণয়; সমুখ-সমৰত ভাৰত-দক্ষিণ আফ্ৰিকা

Last Updated : November 3, 2025 at 12:12 AM IST