ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়াত তিষ্ঠিব পাৰিবনে ভাৰতে ? কেনেদৰে চলাইছে প্ৰস্তুতি

টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত দেওবাৰে ৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মুখামুখি হ’ব ভাৰত ৷

IND VS SA ODI SERIES 2025
ভাৰত বনাম দক্ষিণ আফ্ৰিকা (ANI)
author img

By ETV Bharat Assamese Team

Published : November 29, 2025 at 12:00 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব তিনিখন মেচৰ এদিনীয়া শৃংখলা ৷ ৩০ নৱেম্বৰত ৰাঁচীৰ জে এছ চি এ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথমখন খেল ।

দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই এদিনীয়া খেল । এই শৃংখলা ভাৰত নে দক্ষিণ আফ্ৰিকা, কোনে জয়লাভ কৰিব তাৰ ওপৰত অনুৰাগীৰ দৃষ্টি আবদ্ধ থাকিব ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মুখামুখি

ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে ৯৪ খন এদিনীয়া মেচ খেলিছে, ইয়াৰে ৪০ খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ৫১ খনত জয়লাভ কৰিছে । দুয়োটা দলৰ মাজত হোৱা তিনিখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে । এই পৰিসংখ্যাৰ ভিত্তিত এদিনীয়া ক্ৰিকেটত ভাৰততকৈ বহুগুণে আগবাঢ়ি আছে দক্ষিণ আফ্ৰিকা ।

শেহতীয়া বছৰবোৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শন চালে দেখা যায় যে বাজি ভাৰতৰ হাতত আছে । এই দুটা দলৰ মাজত খেলা শেহতীয়া ছখন এদিনীয়া মেচত ভাৰতে ৬ খন খেলৰ ভিতৰত ৫ খনতে জয়লাভ কৰিছে । সেয়ে দক্ষিণ আফ্ৰিকা ভাৰতৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন ।

এই শৃংখলাত দললৈ প্ৰত্যাৱৰ্তন ঘটাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ৷ যি কথাই অনুৰাগীসকলক বহু আনন্দিত কৰিব । অভিজ্ঞ খেলুৱৈ দুগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ দলটোক জয়ৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে খেলপথাৰত নামিব ৷

প্ৰথমখন এদিনীয়াৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বাৰ্মা, কে এল ৰাহুল (অধিনায়ক/উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিং ।

লগতে পঢ়ক: ভাৰত-শ্ৰীলংকা মহিলা টি-20 ক্ৰিকেটৰ দিন ঘোষণা বি চি চি আইৰ