ETV Bharat / sports

ঘন কুঁৱলীৰ বাবে বাতিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ: দৰ্শকে ঘূৰাই পাবনে টিকটৰ ধন ?

খেল বাতিল হ'লে দৰ্শকে টিকটৰ ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত আই চি চি বা বি চি চি আইৰ নিয়ম কি আছে ?

India-South Africa 4th T20I Abandoned Due To Excessive Fog In Lucknow
লক্ষ্ণৌত হ'বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মেচ বাতিল (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 3:46 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা ৫ খনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ ঘন কুঁৱলী আৰু দৃশ্যমানতা হ্ৰাস হোৱাৰ বাবে বাতিল হয় । ১৭ ডিচেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু সন্ধিয়া ৬:৩০ বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত প্ৰতিকূল পৰিস্থিতিৰ বাবে আম্পায়াৰসকলে খেলখন বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে । লক্ষ্ণৌৰ পৰিস্থিতি খেলৰ বাবে অনুপযুক্ত আছিল, বায়ুৰ সূচকাং (একিউআই) ৪০০ অতিক্ৰম কৰিছিল ।

এই মেচখনৰ অনলাইন টিকট বিক্ৰী কেইবাদিনো আগতেই আৰম্ভ হৈছিল । মেচৰ দিনা ষ্টেডিয়ামত অফলাইন টিকটো বৃহৎ পৰিমাণত বিক্ৰী হৈছিল । অৱশ্যে খেলখন বাতিল হোৱাত অনুৰাগীসকল হতাশ হৈ পৰাত এতিয়া তেওঁলোকে বিচিচিআইৰ পৰা ধন ঘূৰাই দিবলৈ দাবী জনাইছে । আনকি এই বিষয়ক লৈ লক্ষ্ণৌত প্ৰতিবাদো সাব্যস্ত কৰিছে একাংশ অনুৰাগীয়ে ।

এজন অনুৰাগীয়ে কয়, "মই ঘৰৰ ঘেঁহু বিক্ৰী কৰি মেচ চাবলৈ আহিছিলোঁ । মই তিনি বস্তা ঘেঁহু বিক্ৰী কৰিছিলোঁ । মই ধন ঘূৰাই বিচাৰো ।" আন এজন অনুৰাগীয়ে মেচ চাবলৈ লক্ষ্ণৌলৈ প্ৰায় ৩৫০ কিলোমিটাৰ যাত্ৰা কৰি হতাশ হৈ উভতি আহিছিল ।

টিকটৰ ধন ঘূৰাই দিয়া হ'বনে ?

এতিয়া প্ৰশ্ন হয়, যদি কোনো আন্তঃৰাষ্ট্ৰীয় মেচ বাতিল হয়, তেন্তে টিকটৰ ধন ঘূৰাই দিয়া হ'বনে ? এই বিষয়ত বিশ্ব ক্ৰিকেট সংস্থা আই চি চিৰ কি নিয়ম, ভাৰতীয় অনুৰাগীয়ে এতিয়া টিকটৰ ধন ঘূৰাই পাবনে ? এই প্ৰতিবেদনে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব ।

মন কৰিবলগীয়া যে খেলখন বাতিল হোৱাৰ ১২ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ'ল যদিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে এতিয়াও টিকটৰ ধন ঘূৰাই দিয়া সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই । অৱশ্যে বাতিল হোৱা মেচখনৰ টিকটৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা অতিশয় বেছি ।

ডিষ্ট্ৰিক্ট জোমেটো এপৰ জৰিয়তে অনলাইনযোগে টিকট বুকিং কৰাসকলৰ বাবে ভাল খবৰ । প্ৰতিষ্ঠানটোৱে এক্সত লিখিছে, "লক্ষ্ণৌত অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ খেলখন এটাও বল নকৰাকৈ বাতিল কৰা হয় । আপোনাৰ টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই পোৱাৰ যোগ্য । ৰিফাণ্ডসমূহ অতি সোনকালে প্ৰক্ৰিয়াকৰণ কৰা হ'ব আৰু ৫-৭ কৰ্ম দিনৰ ভিতৰত আপোনাৰ উৎস একাউণ্টত জমা কৰা হ'ব ।"

অফলাইনত টিকট বুকিং কৰাসকলে হয়তো টিকট কাউণ্টাৰলৈ গৈ তেওঁলোকৰ ধন ল'ব লাগিব, কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই ।

টিকটৰ ধন ঘূৰাই দিয়া সন্দৰ্ভত আই চি চিৰ নিয়ম কি ?

শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হোৱা আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ত সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ নিয়ম আছিল যে যদি এটাও বল নকৰাকৈ কোনো এখন খেল বাতিল কৰা হয় তেন্তে টিকটৰ ধন সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হ'ব । এই নিয়ম অনুসৰি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চতুৰ্থখন খেলৰ টিকটৰ ধন সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হ'ব ।

আই চি চিৰ টিকটৰ ধন ঘূৰাই দিয়াৰ নিয়ম

১. খেল বাতিল

ক) মেচ আৰম্ভ হোৱাৰ আগতে যদি কোনো মেচ বাতিল কৰা হয়, তেন্তে বেংকৰ নীতি আৰু সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি ৭-১০ কৰ্মদিনৰ ভিতৰত ক্ৰয় কৰা টিকটৰ মূল্য মূল পেমেণ্ট পদ্ধতিৰ জৰিয়তে গ্ৰাহকক ঘূৰাই দিয়া হ'ব ।

খ) আয়োজকে বিশেষভাৱে উল্লেখ নকৰালৈকে কোনো সুবিধাজনক মাচুল, বুকিং চাৰ্জ, প্লেটফৰ্ম মাচুল আৰু অনুৰূপ চাৰ্জ ঘূৰাই দিয়া নহ'ব ।

২. মেচ স্থগিত/সময় হ্ৰাস কৰা

ক) যদিহে মেচখন এটাও বল নকৰাকৈ বাতিল কৰা হয় তেন্তে টিকটৰ ধন সম্পূৰ্ণ ঘূৰাই পোৱাৰ অধিকাৰী হ'ব ।

খ) যদি বতৰ, কাৰিকৰী সমস্যা বা অন্যান্য কাৰণত খেল আৰম্ভ হয় কিন্তু কম সময়ৰ বাবে চলে তেন্তে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহ'ব ।

লগতে পঢ়ক :সন্ধিয়া ঘন কুঁৱলীয়ে ছানি ধৰিলে ষ্টেডিয়াম; বাতিল কৰিবলগা হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চতুৰ্থ টি-২০ খেল