ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ প্ৰথম দিনটোত দক্ষিণ আফ্ৰিকাৰ ৬ উইকেটত ২৪৭ ৰাণ সংগ্ৰহ
গুৱাহাটীৰ বৰ্ষাপাৰাত ঐতিহাসিক টেষ্ট মেচ । শুভমন গিলৰ অনুপস্থিতিত পণ্টে ভাৰতক দিছে নেতৃত্ব ।

Published : November 22, 2025 at 3:14 PM IST
গুৱাহাটী: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ । টছত জয়ী হৈ প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই প্ৰথম দিনৰ খেলৰ অন্তত ৬ উইকেটত ২৪৭ ৰাণ সংগ্ৰহ কৰে । কাইল ভেৰেইন (১) আৰু ছেনুৰণ মুথুস্বামী (২৫) অপৰাজিত হৈ আছে । কুলদীপ যাদৱে ভাৰতৰ হৈ সৰ্বাধিক ৩ টা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ, চিৰাজ আৰু জাদেজাই এটাকৈ উইকেট দখল কৰে ।
উল্লেখ্য খেলখনত প্ৰথম এঘণ্টালৈ দক্ষিণ আফ্ৰিকাৰ এটাও উইকেটৰ পতন হোৱা নাছিল । অৱশ্যে বুমৰাহে এক আকৰ্ষণীয় বলত ৩৮ ৰাণ সংগ্ৰহ কৰা মাৰ্ক্ৰামক ড্ৰেছিং ৰুমলৈ পঠিয়ায় । ২৬.৫ অভাৰত দক্ষিণ আফ্ৰিকাই ৮২ ৰাণত প্ৰথমটো উইকেট হেৰুৱায় । ইফালে পৰৱৰ্তী অভাৰতে পুনৰ ভাৰতে লাভ কৰে ৰিয়ান ৰিকেলটনৰ উইকেট । কুলদ্বীপ যাদৱে ৰিকেলটনৰ উইকেট দখল কৰে । দক্ষিণ আফ্ৰিকাৰ বাবে ৰিকেলটনে ৩৫ ৰাণৰ ইনিংছ খেলে ।
An evenly matched opening day in the second #INDvSA Test in Guwahati 🏏#WTC27 📝: https://t.co/5B1PcNj4kk pic.twitter.com/vjP2wE3oqz
— ICC (@ICC) November 22, 2025
ইয়াৰ পৰৱৰ্তী সময়ত ট্ৰিষ্টান ষ্টাবছ আৰু অধিনায়ক টেম্বা বাভুমাৰ মাজত আকৰ্ষণীয় পাৰ্টনাৰশ্বিপ হোৱা দেখা যায় । দুয়োগৰাকী বেটছমেনৰ মাজত ৮০ ৰাণৰো অধিক পাৰ্টনাৰশ্বিপ হয় । অৱশ্যে অভিজ্ঞ স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই টেম্বা বাভুমাক আউট কৰি ভাৰতক পুনৰ খেলখনত শক্তিশালীস্থিতিলৈ লৈ আহে । অধিনায়কগৰাকীয়ে ৯২ টা বলত ৪১ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । ইয়াৰ পিছত ট্ৰিষ্টান ষ্টাবছ ৪৯ ৰাণত কুলদ্বীপ যাদৱৰ চিকাৰ হয় । একেদৰে উইয়ান মাল্ডাৰ আৰু টনি ডি জৰ্জি ক্ৰমে কুলদ্বীপ যাদৱ আৰু চিৰাজৰ বলত আউট হয় ।
উল্লেখ্য যে দুখনীয়া শৃংখলাৰ এইখন অন্তিম মেচ । য'ত যিকোনো প্ৰকাৰে ভাৰতে জয়ী হোৱাৰ চেষ্টা কৰিব আৰু শৃংখলাটোত সমতা বজাই ৰাখিব বিচাৰিব । আনহাতে দক্ষিণ আফ্ৰিকাইও বিজয় ধাৰা অব্যাহত ৰাখিব বিচাৰিব । কলকাতাৰ টেষ্টত জয়ী হোৱাৰ লগে লগে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ মনোবল অধিক বৃদ্ধি পাইছে । বিগত ১৫ বছৰৰ ভিতৰত দক্ষিণ আফ্ৰিকাই প্ৰথমখন টেষ্ট মেচ জয়ী হৈছিল ।
𝗜.𝗖.𝗬.𝗠.𝗜
— BCCI (@BCCI) November 22, 2025
Another superb grab helped #TeamIndia end the day on a positive note! 🙌
c @RishabhPant17 b @mdsirajofficial 💪
Scorecard ▶️ https://t.co/Hu11cnrocG#INDvSA | @IDFCFIRSTBank pic.twitter.com/fo0UpawXhi
প্লেয়িং-১১
ভাৰত : কে এল ৰাহুল, যশস্বী জয়ছোৱাল, বি সাই সুদৰ্শন, ধ্ৰুৱ জুৰেল, ঋষভ পণ্ট (অধিনায়ক-উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।
দক্ষিণ আফ্ৰিকা : এইডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মাল্ডাৰ, টেম্বা বাভুমা (অধিনায়ক), টনি ডি জৰ্জি, ট্ৰিষ্টান ষ্টাবছ, কাইল ভেৰেইন (উইকেটৰক্ষক), মাৰ্কো জান্সেন, ছেনুৰণ মুথুস্বামী, ছাইমন হাৰ্মাৰ, কেশৱ মহাৰাজ ।
লগতে পঢ়ক :ইতিহাস সৃষ্টিৰে বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ প্ৰথমটো বল বুমৰাহৰ

