ETV Bharat / sports

গুৱাহাটী টেষ্টৰ বাবে ভাৰতীয় দলত হ'ব বৃহৎ পৰিৱৰ্তন; শুভমন গিলৰ স্থান ল’ব এইগৰাকী খেলুৱৈয়ে

গুৱাহাটী টেষ্টত ভাৰতীয় অধিনায়ক শুবমন গিলৰ অংশগ্ৰহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ।

ind vs sa 2nd test
টী টেষ্টৰ বাবে ভাৰতীয় দলত হ'ব বৃহৎ পৰিৱৰ্তন (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 11:24 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : কলকাতা টেষ্টত ৩০ ৰাণত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে গুৱাহাটী টেষ্টৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে । ২২ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে ১৯ নৱেম্বৰত ভাৰতীয় দলটোৱে কলকাতাৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ব । অৱশ্যে চিকিৎসকে জিৰণি ল’বলৈ পৰামৰ্শ দিয়াৰ বাবে দলটোৰ লগত নাযাব অধিনায়ক গিল । ইয়াৰ ফলত গিল দ্বিতীয় আৰু অন্তিম টেষ্টত অংশগ্ৰহণৰ বিষয়ে অনিশ্চিত হৈ পৰিছে ।

গিলৰ আঘাত

কলকাতাত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা চাৰিটা বলত তিনিটা ৰাণ সংগ্ৰহ কৰি আঘাতপ্ৰাপ্ত হৈ অৱসৰ লয় গিলে । বি চি চি আইয়ে ঘোষণা কৰে যে গিল চিকিৎসা চলি আছে আৰু বাকী থকা মেচসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিব । খবৰ অনুসৰি চিকিৎসকে তেওঁক ৫-৭ দিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে, যাৰ বাবে তেওঁ দ্বিতীয়খন টেষ্ট খেলা অনিশ্চিত হৈ পৰিছে । যাৰবাবে এতিয়া তেওঁ এদিনীয়া শৃংখলাত পুনৰ খেলপথাৰলৈ ঘূৰি আহিব পাৰে ।

গিলৰ অনুপস্থিতিত পন্তৰ ওপৰত থাকিব দলৰ দায়িত্ব

যদিহে শুভমন গিল দ্বিতীয়খন মেচত খেলিব নোৱাৰে তেন্তে টীম ইণ্ডিয়াৰ নেতৃত্ব দিব উপ-অধিনায়ক ঋষভ পন্তে । গিলৰ বিদায়ৰ পিছত কলকাতা টেষ্টতো দলটোৰ অধিনায়কত্ব কৰিছিল পন্তে । কিন্তু দুয়োটা ইনিংছতে তেওঁ বেটেৰে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল । প্ৰথম ইনিংছত পন্তে ২৭ ৰাণ আৰু দ্বিতীয় ইনিংছত মাত্ৰ দুই ৰাণ সংগ্ৰহ কৰে ।

নীতিশে হয়তো পাব সুযোগ

গিলৰ ঠাইত গুৱাহাটী টেষ্টৰ বাবে মূল একাদশত অন্তৰ্ভুক্ত হ’ব পাৰে অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী । ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচৰ বাবে প্ৰথম টেষ্টৰ পূৰ্বে ৰেড্ডীক মুকলি কৰি দিয়া হৈছিল । সেই সময়ত বি চি চি আইয়ে তেওঁ দ্বিতীয়খন টেষ্টৰ বাবে দলত যোগদান কৰিব বুলি উল্লেখ কৰিছিল । নীতিশ কুমাৰ ৰেড্ডীয়ে এই পৰ্যন্ত ৯ খন টেষ্ট মেচ খেলি এটা শতকৰ সহায়ত মুঠ ৩৮৬ ৰাণ সংগ্ৰহ কৰিছে । লগতে তেওঁ ৮টা উইকেট দখল কৰিছে ।

অন্য প্ৰতিস্থাপন বিকল্পসমূহ

ৰেড্ডীৰ উপৰিও বাওঁহাতৰ বেটছমেন ছাই সুদৰ্শন আৰু দেৱদত্ত পডিক্কালকো গিলৰ স্থানত বিবেচনা কৰিব পাৰি । দিল্লীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুদৰ্শনে ৮৭ আৰু ৩৯ ৰাণ সংগ্ৰহ কৰিছিল যদিও ইণ্ডিয়া এৰ হৈ চাৰিটা ইনিংছত সৰ্বাধিক স্ক’ৰ চলিত মাহৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে ৩২ ৰাণ কৰিছিল । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আৰু ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত এখনকৈ টেষ্ট খেলা পাডিক্কালে দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে তিনিবাৰকৈ দুটা সংখ্যাত আৰু এবাৰ ২৪ ৰাণ সংগ্ৰহ কৰে ।

ভাৰতীয় টেষ্ট স্কোৱাড

শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ, উপ অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পডিক্কল, ধ্ৰুৱ জুৰেল, ৰবিন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, আকাশদীপ, নীতিশ কুমাৰ ৰেড্ডী ।

লগতে পঢ়ক : ভাৰতক প্ৰথমখন টেষ্টত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাই; WTCৰ পইণ্ট তালিকাত ডাঙৰ পৰিবৰ্তন

কলকাতা টেষ্টৰ পৰা বাহিৰ শুভমন গিল

জাদেজা আৰু পন্তে ৰচিলে ইতিহাস, টেষ্ট ক্ৰিকেটত অমৰ হ'ল দুয়ো