IND vs SA : গুৱাহাটীত আৰম্ভ টেষ্ট মেচৰ দ্বিতীয়টো দিন, উইকেটৰ সন্ধানত ভাৰত
গুৱাহাটী ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ থকা মেচৰ আজি দিনটো দিনৰ খেল ইতিমধ্যে আৰম্ভ হৈছে ৷

Published : November 23, 2025 at 10:46 AM IST
হায়দৰাবাদ : গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয় টেষ্ট মেচৰ আজি দ্বিতীয়টো দিনা ৷ ইতিমধ্যে আৰম্ভ হৈছে মেচ । প্ৰথম দিনাই দক্ষিণ আফ্ৰিকাই ৮১.৫ অভাৰত ৬ টা উইকেট হেৰুৱাই ২৪৭ ৰাণ সংগ্ৰহ কৰে । এতিয়ালৈকে দ্বিতীয় দিনৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ৯১ অভাৰত এটা উইকেট হেৰুৱাই ২৬১ ৰাণ সংগ্ৰহ কৰে ।
- ভাৰত আৰু আফ্ৰিকাৰ মাজত প্ৰথম দিনাৰ খেলখন কেনেকুৱা আছিল ?
এই মেচৰ প্ৰথম দিনা টছত জয়লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই প্ৰথম বেটিং কৰি এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । তেওঁলোকৰ দুই অ’পেনাৰ আইডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটনে প্ৰথম উইকেটৰ বাবে ৮২ ৰাণৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল । মাৰ্ক্ৰামে ৩৮ ৰাণ আৰু ৰিকেলটনে ৩৫ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক টেম্বা বাভুমাই মুঠ ৪১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে ৪৯ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল ট্ৰিষ্টান ষ্টাবছ । টনি ডি জোৰ্জিয়ে ২৮ ৰাণ আৰু মুল্ডাৰে ১৩ ৰাণ কৰে ।
Stumps on Day 1!
— BCCI (@BCCI) November 22, 2025
An absorbing day's play comes to an end! 🙌
3⃣ wickets for Kuldeep Yadav
1⃣ wicket each for Jasprit Bumrah, Ravindra Jadeja and Mohd. Siraj
Scorecard ▶️ https://t.co/Hu11cnrocG#TeamIndia | #INDvSA | @IDFCFIRSTBank pic.twitter.com/XwAptOQ13s
খেলখনৰ প্ৰথম দিনটোৰ শেষত দক্ষিণ আফ্ৰিকাৰ হৈ কাইল ভেৰেইন ১ ৰাণ আৰু ছেনুৰাণ মুথুছামি ২৫ ৰাণ কৰে । প্ৰথম দিনাই ভাৰতৰ হৈ কুলদীপ যাদৱে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ, চিৰাজ আৰু জাদেজাই এটাকৈ উইকেট দখল কৰে ।
- ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ১১ জন খেলুৱৈ হ’ল -
ভাৰত : কে এল ৰাহুল, যশস্বী জয়ছৱাল, সাই সুদৰ্শন, ধ্ৰুৱ জুৰেল, ঋষভ পন্ত (অধিনায়ক আৰু উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, আৰু মহম্মদ চিৰাজ ।
দক্ষিণ আফ্ৰিকা : আইডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মুল্ডাৰ, টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, ট্ৰিষ্টান ষ্টাবছ, কাইল ভেৰেইন (উইকেটকীপাৰ), মাৰ্কো জান্সেন, চেনুৰাণ মুথুছামি, চাইমন হাৰ্মাৰ, আৰু কেশৱ মহাৰাজ ।

