ভাৰত বনাম দক্ষিণ আফ্ৰিকা : ঐতিহাসিক ইডেন গাৰ্ডেনত প্ৰথম টেষ্ট, ভাৰতৰ সুন্দৰ আৰম্ভণি
প্ৰথমখন টেষ্টত টছত জয়ী হৈ বেটিং দক্ষিণ আফ্ৰিকাৰ । এফালে টেষ্ট চেম্পিয়ন আনফালে যুৱ দলৰ সংঘৰ্ষ ।

Published : November 14, 2025 at 11:07 AM IST
হায়দৰাবাদ : কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে প্ৰথমখন টেষ্ট মেচ । প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰে । ইফালে ভাৰতীয় দললৈ উভতি আহিছে উইকেটকীপাৰ-বেটছমেন তথা উপ-অধিনায়ক ঋষভ পন্ত ।
টছৰ সময়ত কি ক'লে দুয়োগৰাকী অধিনায়কে
টেম্বা বাভুমাই কয়, "আমি বেটিং কৰিম । আমাৰ খেলুৱৈসকল পাকিস্তানৰ পৰা উভতি আহিছে । আমি প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ সাধ্য অনুসৰি কাম কৰিছোঁ । আমি প্ৰত্যাহ্বানৰ বাবে আগ্ৰহী । আমি যি কৰি আছো সেয়া কৰি থাকিব লাগিব । পিটচ শুকান দেখা গৈছে আৰু প্ৰথম ইনিংছত ৰাণ সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ হ'ব । কাগিছ' ৰাবাডা আউট হৈছে আনহাতে কৰ্বিন দলত অন্তৰ্ভুক্ত হৈছে ।"
🚨 Toss 🚨#TeamIndia have been asked to bowl first in Kolkata.
— BCCI (@BCCI) November 14, 2025
Updates ▶️ https://t.co/okTBo3qxVH#INDvSA | @IDFCFIRSTBank pic.twitter.com/St1ygiQWwt
টছৰ সময়ত ভাৰতীয় অধিনায়ক শুভমন গিলে কয়, "পিটচখন ভাল দেখা গৈছে । ফাষ্ট বলাৰৰ বাবে কিছু সুবিধা আছে । ড্ৰেছিং ৰুমত ভাল পৰিৱেশ আছে । এই দলটো জয়ৰ আশাত আছে । এই টেষ্ট শৃংখলা অতি গুৰুত্বপূৰ্ণ । খেলখন আগবাঢ়ি যোৱাৰ লগে লগে কিছু টাৰ্ণ আহিব । ৰেড্ডীৰ স্থানত ঋষভ আহিছে আৰু অক্সৰো দললৈ ঘূৰি আহিছে ।"
প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ১৯ অভাৰৰ অন্তত ৮৪ ৰাণ সংগ্ৰহ কৰিছে আৰু ৩ টা উইকেট হেৰুৱাইছে । ভাৰতৰ অপেনাৰ বলাৰ যশপ্ৰীত বুমৰাহে অপেনাৰদ্বয় এইডেন মাৰ্ক্ৰাম আৰু ৰায়ান ৰিকেলটনৰ উইকেট লাভ কৰিছে । আনহাতে অধিনায়ক টেম্বা বাভুমাক পেভিলিয়নলৈ ঘূৰাই পঠায় স্পীনাৰ কুলদীপ যাদৱে ৷
ভাৰতৰ প্লেয়িং ১১ :
যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ৱাশ্বিংটন সুন্দৰ, শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।
দক্ষিণ আফ্ৰিকাৰ প্লেয়িং ১১ :
এডেন মাৰ্ক্ৰাম, ৰিয়ান ৰিকেলটন, উইয়ান মুল্ডাৰ, টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, ট্ৰিষ্টান ষ্টাবছ, কাইল ভেৰেইন (উইকেটকীপাৰ), চাইমন হাৰ্মাৰ, মাৰ্কো জনছন, কৰ্বিন বছ, কেশৱ মহাৰাজ ।
লগতে পঢ়ক :অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত দলত থাকিবলৈ ৰোহিত আৰু বিৰাটলৈ নিৰ্দেশনা জাৰি বি চি চি আইৰ

