জাদেজা আৰু পন্তে ৰচিলে ইতিহাস, টেষ্ট ক্ৰিকেটত অমৰ হ'ল দুয়ো
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা জাদেজা আৰু পন্তে এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰে ।

Published : November 15, 2025 at 11:48 PM IST
হায়দৰাবাদ : কলকাতাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত ইতিহাসত নিজৰ নাম খোদিত কৰিছে দুগৰাকী খেলুৱৈয়ে । টেষ্ট ক্ৰিকেটত ৪ হাজাৰ ৰাণ সংগ্ৰহ আৰু ৩০০ উইকেট দখল কৰা ইতিহাসৰ চতুৰ্থজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা । ইয়াৰ উপৰিও টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ঋষভ পন্ত ।
ইতিহাস ৰচনা কৰিলে ৰবীন্দ্ৰ জাদেজাই
টেষ্ট ক্ৰিকেটত ৪০০০ ৰাণৰ সীমা অতিক্ৰম কৰিবলৈ ১০ ৰাণ দূৰত আছিল ভাৰতীয় অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা । টেষ্ট মেচৰ দ্বিতীয় দিনা ১০ ৰাণ লোৱাৰ লগে লগে টেষ্ট ক্ৰিকেটত ৪০০০ ৰাণ আৰু ৩০০ উইকেট অৰ্জন কৰা খেলুৱৈৰ অভিজাত তালিকাত জাদেজাই যোগদান কৰে । ইয়াৰ পূৰ্বে ইংলেণ্ডৰ ইয়ান বথাম, ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ আৰু কিৱিৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট্টৰীয়ে এই কৃতিত্ব অৰ্জন কৰিছে । জাদেজা ভাৰতীয় ক্ৰিকেটাৰ দ্বিতীয়গৰাকী আৰু ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা মাত্ৰ চতুৰ্থজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ।
𝐌𝐚𝐣𝐨𝐫 𝐌𝐢𝐥𝐞𝐬𝐭𝐨𝐧𝐞! 🔓@imjadeja brings up 4000 Test runs 👏
— BCCI (@BCCI) November 15, 2025
He becomes just the 2⃣nd Indian and 4⃣th player overall to score 4⃣0⃣0⃣0⃣+ runs and take 3⃣0⃣0⃣+ wickets in Tests 🙌
Scorecard ▶️ https://t.co/okTBo3qxVH #TeamIndia | #INDvSA | @IDFCFIRSTBank pic.twitter.com/ziWLdFgFCG
বোথামে ৫২০০ ৰাণ আৰু ৩৮৩ উইকেটৰে টেষ্ট কেৰিয়াৰ সমাপ্ত কৰাৰ বিপৰীতে কপিল দেৱে ৫২৪৮ ৰাণ সংগ্ৰহ কৰি ১৩১খন মেচত ৪৩৪টা উইকেট দখল কৰে । ইফালে ভেট্টৰীয়ে ১১৩খন মেচত ৪৫৩১ ৰাণ আৰু ৩৬২ উইকেটৰে ৰেডবল কেৰিয়াৰ সমাপ্ত কৰে । টেষ্ট ক্ৰিকেটতো জাদেজাই ছটা শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰি গড়ে ২৫.২৫ ৰাণত ৩৩১টা উইকেট দখল কৰিছে, য’ত ১৫খন মেচত পাঁচটাকৈ উইকেট লৈছে । এই টেষ্টত জাদেজাই বেটিঙৰ যাদু দেখুৱাবলৈ ব্যৰ্থ হয়, ২৭ ৰাণ সংগ্ৰহ কৰি আউট হয় ।
Innings Break!#TeamIndia have secured a lead of 3⃣0⃣ runs in the first innings 👍
— BCCI (@BCCI) November 15, 2025
Over to our bowlers in the second innings!
Scorecard ▶️ https://t.co/okTBo3qxVH #INDvSA | @IDFCFIRSTBank pic.twitter.com/pyAO3XPGfA
ঋষভ পন্ত হ'ল ছয়ৰ ৰজা
ইংলেণ্ডত ভৰিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা পন্তে প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিছিল আৰু ২৪টা বলত ২৭ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল, য’ত দুটা চাৰি আৰু দুটা ছয় আছিল । এই চুটি ইনিংছত পন্তে এক উল্লেখযোগ্য অভিলেখ অৰ্জন কৰে । তেওঁ প্ৰাক্তন কিংবদন্তি বেটছমেন বীৰেন্দ্ৰ ছেহৱাগক অতিক্ৰম কৰি টেষ্ট মেচত ভাৰতৰ হৈ সৰ্বাধিক ৯২টা ছয় মৰা বেটছমেন হিচাপে পৰিগণিত হয় । পন্তে ৮৩ সংখ্যক ইনিংছত এই অভিলেখ অৰ্জন কৰাৰ বিপৰীতে ছেহৱাগে ১৮০ ইনিংছত ৯১টা ছয়ৰে দ্বিতীয় স্থানত থাকে ।
𝐀 𝐒𝐢𝐠𝐧𝐢𝐟𝐢𝐜𝐚𝐧𝐭 𝐅𝐞𝐚𝐭 🫡
— BCCI (@BCCI) November 15, 2025
Vice-captain Rishabh Pant now stands atop #TeamIndia’s all-time six-hitters list in Tests 🔥
Updates ▶️ https://t.co/okTBo3qxVH #INDvSA | @IDFCFIRSTBank | @RishabhPant17 pic.twitter.com/gLiXzuWcMF
IND vs SA: প্ৰথম ইনিংছত ভাৰতৰ প্ৰদৰ্শন
টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে ফিল্ডিং কৰি প্ৰথম দিনাই আলহী দলটোক ১৫৯ ৰাণত অল আউট কৰে । এই মেচখনত বুমৰাহে ৫টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল । ইয়াৰ পিছতে ভাৰতে প্ৰথম ইনিংছত দ্বিতীয় দিনা ১৮৯ ৰাণত সংগ্ৰহ কৰে । ৰাহুলে সৰ্বাধিক ৩৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছত সুন্দৰে ২৯ ৰাণ, পন্ত আৰু জাদেজাই ২৭ ৰাণ সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ হাৰ্মাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে জনছনে ৩টা উইকেট দখল কৰে ।

