দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ
২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত ভাৰতে মাত্ৰ চাৰিখন মেচতহে পৰাস্ত হৈছে । এখনো শৃংখলাত হোৱা নাই পৰাস্ত ।

Published : December 9, 2025 at 1:49 PM IST
কটক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলাৰ পিছত আজি ভাৰতীয় দলটোৱে প্ৰথমখন টি-২০ মেচত অংশগ্ৰহণ কৰিব । পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ কটকৰ বাৰাবটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখন ষ্টাৰ স্প’ৰ্টছত লাইভ সম্প্ৰচাৰ আৰু জিঅ’ হটষ্টাৰত লাইভ প্ৰচাৰ কৰা হ’ব ।
উল্লেখ্য় যে আলহী দলটোৱে টেষ্ট শৃংখলাত ২-০ ব্য়ৱধানত জয়লাভ কৰাৰ বিপৰীতে এদিনীয়া শৃংখলাত ২-১ ব্য়ৱধানত বিজয়ী হয় টীম ইণ্ডিয়া । এদিনীয়া শৃংখলা দখলৰ পিচত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাতো জয়ী হ’বলৈ সাজু হৈছে । কিয়নো এই শৃংখলাটোও অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতি হিচাপে গণ্য় কৰা হৈছে ।
দক্ষিণ আফ্ৰিকাৰ বাবে এই ফৰ্মেটত ভাৰতীয় দলটোক পৰাস্ত কৰাটো সহজ নহ’ব । গম্ভীৰৰ নেতৃত্বত ভাৰতে ২২খন টি-২০ৰ ভিতৰত ২০খনত জয়লাভ কৰিছে । দলটোৰ জয়ৰ শতাংশ ৯০.৯০ শতাংশ । ভাৰতে ইতিমধ্য়ে শ্ৰীলংকা, বাংলাদেশ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত জয়লাভ কৰিছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত ভাৰতে মাত্ৰ চাৰিখন মেচত পৰাস্ত হৈছে যদিও এখনো শৃংখলাত পৰাস্ত হোৱা নাই ।
গিল-পাণ্ডিয়াৰ প্ৰত্য়াৱৰ্তন :
শুভমন গিল আৰু হাৰ্দিক পাণ্ডিয়াই আঘাতৰ পিছত দললৈ প্ৰত্য়াৱৰ্তন কৰিছে । দুয়োগৰাকী খেলুৱৈৰ মূল একাদশত স্থান নিশ্চিত হৈছে । শুভমন গিল হৈছে টি-২০ৰ সহ অধিনায়ক । আনহাতে পাণ্ডিয়াক বেট আৰু বল দুয়োটাতে বিশ্বাসী সদস্য় হিচাপে গণ্য় কৰা হয় ।
ছেমচন নে জিতেশ ?
ভাৰতীয় দলত ছেমছন নে জিতেশক অন্তৰ্ভুক্ত কৰা হ’ব সেয়া গুৰুত্বপূৰ্ণ হ’ব । কিয়নো দুয়োগৰাকী খেলুৱৈয়ে উইকেটকিপিং আৰু ফিনিছিঙৰ ভূমিকা পালন কৰিবলৈ দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
কটকৰ পিটচ কেনেকুৱা হ’ব ?
বাৰাবটি ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ৰঙা মাটিৰ পিটচত মেচ অনুষ্ঠিত হ’ব । এই পিটচখনত কিছু ঘাঁহ আছে ৷ বাউন্স আৰু বেটলৈ দ্ৰুতগতিত বল অহা বাবে ৰাণ বেছি হোৱাৰ সম্ভাৱনা আছে । এই স্থানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পূৰ্বৰ দুয়োখন টি-২০ মেচত ভাৰতে পৰাস্ত হৈছে । সেইবাবে ভাৰতে পৰাজয়ৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা কৰিব। প্ৰথম ইনিংছৰ স্ক’ৰ ১৬০–১৮০ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে ।
বতৰ কেনেকুৱা হ’ব ?
গুগল ৱেদাৰৰ তথ্য অনুসৰি কটকত বতৰ ঠাণ্ডা হ’ব । তাপমাত্ৰা ১২ৰ পৰা ১৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব বুলি আশা কৰা হৈছে । অৱশ্যে বতৰ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে, ৪৮ শতাংশ আৰ্দ্ৰতা আৰু প্ৰায় ৮ কিলোমিটাৰ বেগত বতাহ বলিব । দ্বিতীয়াৰ্ধত নিয়ৰ পৰাৰ সম্ভাৱনা আছে । সেইবাবে টছত জয়ী হোৱা অধিনায়কে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।
হেড টু হেড :
ভাৰত আৰু দক্ষিণ আফ্ৰিকাই টি-২০ত ৩১ বাৰ মুখামুখি হৈছে । ইয়াৰ ভিতৰত ভাৰতে ১৮ বাৰ আৰু দক্ষিণ আফ্ৰিকাই ১২ বাৰ জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ হয় । ভাৰতত দক্ষিণ আফ্ৰিকাই ১২খন মেচৰ ভিতৰত ৬খনত জয়লাভ কৰাৰ বিপৰীতে ভাৰতে ৫খনত জয়লাভ কৰিছে । কাটকত দুয়োটা দলে দুবাৰকৈ খেলিছে ।
সম্ভাব্য় একাদশ :
ভাৰত : অভিষেক শৰ্মা, শুভমন গিল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, জিতেশ শৰ্মা (উইকেটকীপাৰ), অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু যশপ্ৰীত বুমৰাহ।
দক্ষিণ আফ্ৰিকা: এডেন মাৰ্কৰাম (অধিনায়ক), কুইণ্টন ডি কক (উইকেটকীপাৰ), ৰিজা হেণ্ড্ৰিক্স, ডেৱাল্ড ব্ৰেভিছ, ডেভিদ মিলাৰ, ড’নভান ফেৰেইৰা, মাৰ্কো জেন্সেন, কৰ্বিন বছ, কেশৱ মহাৰাজ, এনৰিচ নৰ্টজে আৰু লুংগি এনগিড়ি ।

