এদিনীয়া ক্ৰিকেটত 'ছিক্সাৰ কিং' হিচাপে পৰিগণিত হ'ল 'হিটমেন'
এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ছিক্সাৰ কোবোৱা ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচিলে ৰোহিত শৰ্মাই ।

Published : November 30, 2025 at 7:36 PM IST
হায়দৰাবাদ : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত হৈছে প্ৰথমখন এদিনীয়া । এই খেলখনত ভাৰতৰ অভিজ্ঞ বেটছমেন তথা প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল । টছত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আহে ।
ৰোহিত শৰ্মা আৰু জয়ছোৱালে ভাৰতৰ হৈ ইনিংছ আৰম্ভ । অপেনিং কৰি ৰোহিতে এক আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰে । এই বিস্ফোৰক ইনিংছৰ জৰিয়তে ৰোহিত শৰ্মাই প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰকো অতিক্ৰম কৰি ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয় ।
Just one Ro-𝗛𝗜𝗧 away from history! 👀🔥@ImRo45 now has the joint-most 6️⃣s in ODIs!
— Star Sports (@StarSportsIndia) November 30, 2025
He reached his fifty with some classy attacking strokes along the way! 🏏🔥#INDvSA 1st ODI, LIVE NOW 👉 https://t.co/BBkwein9oF#RohitSharma pic.twitter.com/DbJ822jVda
ৰোহিত শৰ্মাৰ অৰ্ধশতক
এই খেলখনত ৰোহিত শৰ্মাই ৫১ টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰে । য'ত ৫ টা চাৰি আৰু ৩ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছিল । এই ইনিংছত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১১১.৭৬ । কোহলীৰ সৈতে তেওঁ একেলগে দলৰ স্ক'ৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায় । এই ইনিংছৰ জৰিয়তে ৰোহিতে ইতিহাসো ৰচনা কৰিবলৈ সক্ষম হয় । যাৰ জৰিয়তে তেওঁ এদিনীয়া ক্ৰিকেটত 'ছিক্সাৰ কিং' হিচাপে পৰিগণিত হয় ।
🚨 Record Alert 🚨
— BCCI (@BCCI) November 30, 2025
Rohit Sharma now holds the record for most sixes in ODI cricket history! 🙌
TAKE. A. BOW 🙇♂️
Updates ▶️ https://t.co/MdXtGgRkPo#TeamIndia | #INDvSA | @IDFCFIRSTBank pic.twitter.com/apcmS1UACG
ৰোহিত শৰ্মাৰ অভিলেখ
এই মেচত তিনিটা ছিক্সাৰৰ জৰিয়তে ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে । ৰোহিতৰ নামত এতিয়া ২৭৭ খন এদিনীয়া খেলৰ ২৬৯ টা ইনিংছত ৩৫২ টা ছিক্সাৰ আছে । এই ক্ষেত্ৰত তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদীক অতিক্ৰম কৰিছে, যাৰ নামত ৩৫১ টা ছিক্সাৰ আছিল ।
এদিনীয়াত সৰ্বাধিক ছিক্সাৰ
- ৩৫২* - ৰোহিত শৰ্মা (ভাৰত)
- ৩৫১ - শ্বাহিদ আফ্ৰিদী (পাকিস্তান)
- ৩৩১ - ক্ৰীছ গেল (ৱেষ্ট ইণ্ডিজ)
- ২৭০ - সনাথ জয়সূৰ্য্য (শ্ৰীলংকা)
- ২২৯ - এম এছ ধোনী (ভাৰত)
এই খেলখনৰ কথা ক'বলৈ গ'লে ভাৰতীয় দলে ৫০ অভাৰত ৩৪৯ ৰাণ সংগ্ৰহ কৰে । বিৰাট কোহলীয়ে আকৰ্ষণীয় শকত অৰ্জন কৰে । ৰোহিত শৰ্মাইও ৫৭ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে ।
লগতে পঢ়ক :ভাৰত বনাম দক্ষিণ আফ্ৰিকা : দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩৫০ ৰাণৰ বৃহৎ লক্ষ্য

