ETV Bharat / sports

বেটছমেনৰ পাছত বলাৰৰ যাদু; পাকিস্তানক ৬১ ৰাণত পৰাস্ত কৰি ছুপাৰ ৮ৰ বাবে যোগ্যতা অৰ্জন ভাৰতৰ

টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে ৯খন খেলত ভাৰতৰ এয়া আছিল অষ্টমটো জয় ।

T20 World Cup 2026
ভাৰতৰ হৈ ঈশান কিষানে অৰ্ধশতক অৰ্জন কৰে (IANS)
author img

By ETV Bharat Assamese Team

Published : February 15, 2026 at 7:01 PM IST

|

Updated : February 15, 2026 at 11:11 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : টি-২০ বিশ্বকাপ ২০২৬ ত ভাৰতে একপক্ষীয়ভাৱে পাকিস্তানক পৰাস্ত কৰি জয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰি গৌৰৱেৰে ছুপাৰ ৮লৈ আগবাঢ়ি যায় । ঈশান কিষাণৰ ইনিংছে মেচখন গতিপথ নিৰ্ণয় কৰে আৰু মেচখন ভাৰতৰ পক্ষলৈ আনে । ঈশান কিষাণক তেওঁৰ আকৰ্ষণীয় ইংনিছৰ বাবে প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয় ।

কলম্বোত পাকিস্তানে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় আৰু টীম ইণ্ডিয়াই ২০ অভাৰত ৭ উইকেটত ১৭৫ ৰাণ সংগ্ৰহ কৰে । পাকিস্তানে জয়ী হ’বলৈ ১৭৬ ৰাণৰ প্ৰয়োজন আছিল যদিও ১৮ অভাৰত ১১৪ ৰাণত অল আউট হৈ ৬১ ৰাণত পৰাস্ত হয় । টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এইটোৱেই আছিল সৰ্বাধিক স্ক'ৰ । তদুপৰি ৰাণৰ ক্ষেত্ৰত টি-২০ ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ জয় ।

পাকিস্তানক পৰাস্ত কৰাৰ পিছত ভাৰতে ৬ পইণ্ট লাভ কৰি গ্ৰুপ এত প্ৰথম স্থানত আছে, আনহাতে এই পৰাজয়ৰ পিছত পাকিস্তান তৃতীয় স্থানলৈ অৱনমিত হয় । আমেৰিকাই ৪ পইণ্টেৰে গ্ৰুপ এৰ দ্বিতীয় স্থানলৈ গতি কৰাৰ বিপৰীতে পাকিস্তানেও ৪ পইণ্ট লাভ কৰিছে যদিও নেট ৰাণ ৰেট কম হোৱাৰ তেওঁলোকৰ স্থান অৱনমিত হয় ।

ঈশান কিষাণৰ আকৰ্ষণীয় ৭৭ ৰাণ

আমেৰিকাৰ পিছত পাকিস্তানৰ বিৰুদ্ধেও অভিষেকে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয় । ঈশানে ২৭টা বলত অৰ্ধশতক অৰ্জন কৰাৰ লগতে ৪০টা বলত ৭৭ ৰাণ কৰে । তিলক বৰ্মা ২৫ ৰাণত আউট হোৱাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই কোনো ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল । অধিনায়ক সূৰ্যকুমাৰ যাদৱ ৩২ ৰাণত আউট হৈছিল । ২৭ ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয় শিৱম ডুবে পাকিস্তানৰ হৈ ছেম আয়ুবে ৩টা উইকেট দখল কৰাৰ বিপৰীতে ছলমান আঘা, ওছমান তাৰিক আৰু শ্বাহীন আফ্ৰিদীয়ে এটাকৈ উইকেট দখল কৰে ।

ভাৰতীয় বলাৰসকলৰ শক্তিশালী প্ৰদৰ্শন

ছাহিবজাদা ফাৰহান কোনো ৰাণ নকৰাকৈ আউট হোৱাৰ বিপৰীতে ছেম আয়ুবে ৬ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক ছলমান আঘাই প্ৰদৰ্শনত ব্যৰ্থ হৈ ৪ ৰাণ কৰি পেভিলিয়নলৈ উভতি আহে । বাবৰ আজমে ৫ ৰাণ সংগ্ৰহ কৰে । ওছমান খানে ৪৪ ৰাণত উইকেট হেৰুৱাইছিল । মহম্মদ নৱাজ ৪ ৰাণত আউট হয় । ছাদাব খানে ১৪ ৰাণ সংগ্ৰহ কৰে । আব্ৰাৰ আহমেদেও কোনো ৰাণ নকৰাকৈ পেভেলিয়নমুখী হয় । এই খেলখনত ভাৰতীয় বলাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । বুমৰাহ, হাৰ্দিক, অক্ষৰ আৰু বৰুণে ২টাকৈ উইকেট দখল কৰাৰ বিপৰীতে তিলক বাৰ্মা আৰু কুলদীপ যাদৱে এটাকৈ উইকেট দখল কৰে ।

এই মেচৰ বাবে ভাৰতে খেলা একাদশত দুটা পৰিৱৰ্তন কৰিছিল । অভিষেক আৰু কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে সঞ্জু চেমছন আৰু আৰ্শদীপ সিঙক মূল একাদশত অন্তৰ্ভুক্ত কৰা হয় । ভাৰতৰ বিৰুদ্ধে এইখন খেলৰ বাবে পাকিস্তানে চূড়ান্ত একাদশত কোনো সালসলনি কৰা নাছিল ।

লগতে পঢ়ক : ন হেণ্ডশ্বেক নীতিত আজিও অটল থকাৰ সম্ভাৱনা ভাৰতৰ

দেওবাৰে খেলপথাৰত নামিবনে অভিষেক, পাকিস্তানৰ খেলুৱৈৰে হাত মিলাবনে ভাৰতে : জনালে সূৰ্যকুমাৰ যাদৱে

সিদ্ধান্ত সলনি হ’ল, ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব পাকিস্তান

Last Updated : February 15, 2026 at 11:11 PM IST